• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটী প্ৰেছক্লাৱত বিশেষ আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠান

ByNaba Barta

Mar 7, 2024
Spread the love

B4owls news গুৱাহাটী: ৰাইটাৰ্চ ফৰাম অসমৰ উদ্যোগত
বৃহস্পতিবাৰে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটী প্ৰেছক্লাৱত বিশেষ আলোচনা চক্ৰ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাজৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰা ১০ গৰাকী মহিলাক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। বিগত কেইবাবছৰে ৰাইটাৰ্চ ফৰাম অসমে নাৰী দিৱস উপলক্ষে সফল মহিলা সকলক সম্বৰ্ধনা
জনাই আহিছে।
ৰাইটাৰ্ছ ফৰাম অসম উদ্যোগৰ আয়োজিত এই অনুষ্ঠানত জনসংযোগ বিভাগৰ প্ৰাক্তন সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা,কবি, সাংবাদিক বিপুল শৰ্মা, ক্ৰীড়া সংগঠক বিপুল শইকীয়া, মডাৰ্ণ স্কুলৰ শিক্ষয়িত্ৰী মুকুল সৰকাৰ, কৰিশ্মা সৰকাৰকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ৰাইটাৰ্ছ ফৰাম অসমৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী পৰিচালনা কৰা সভাখনত ৰাজ্যখনৰ বিভিন্ন দিশত কাম কৰা ১০গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হল ক্ৰমে, ডঃ হিৰণ্য বৰা, পূৰবী দাস কলিতা , ৰুবি ৰঞ্জনা, ৰাজিয়া বেগম, প্ৰিয়ংকা মজুমদাৰ, সোমা বৰুৱা, ববী বৰঠাকুৰ, অনামিকা বৰ্মন, হিৰণমই দেৱী, কল্পনা কলিতা আৰু ডঃ বৰ্ণালী চৌধুৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *