নৱবার্তা গুৱাহাটী:;; ব্ৰিটেইনত উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ সম্পৰ্কে ভাৰতীয়
শিক্ষাৰ্থীসকলক অৱগত কৰাৰ উদ্দেশ্যে ব্ৰিটিছ কাউন্সিলে আয়োজন কৰিছে ‘ষ্টাডি ইউ কে শিক্ষা মেলা’। ব্ৰিটেইনৰ ৫০খনতকৈও অধিক বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই শিক্ষা মেলা ১৯ নৱেম্বৰত ডিব্ৰুগড়ত, ২১ নৱেম্বৰত নতুন দিল্লীত আৰু ২৩ নৱেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব।
এই মেলাত সম্ভাৱ্য স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলে ব্ৰিটেইনৰ বিশ্ববিদ্যালয়সমূহৰ প্ৰতিনিধিৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ জৰিয়তে বিভিন্ন পাঠ্যক্ৰম, নামভৰ্তিৰ অৰ্হতা, মাচুল, বৃত্তি আৰু আবেদন প্ৰক্ৰিয়াৰ বিষয়ে বিস্তৃত তথ্য লাভ কৰিব পাৰিব।
মেলাত অংশগ্ৰহণ কৰিবলগীয়া বিশ্ববিদ্যালয়সমূহৰ ভিতৰত বাথ, ডাৰহাম, গোল্ডস্মিথছ, কভেণ্ট্ৰি, লীডছ, এডিনবাৰ্গ, কিংছ কলেজ লণ্ডন, মানচেষ্টাৰ, লিভাৰপুল আৰু গ্লাছগো বিশ্ববিদ্যালয় অন্যতম।
এই সন্দৰ্ভত ব্ৰিটিছ কাউন্সিলৰ এডুকেচন ইণ্ডিয়াৰ সঞ্চালক ৰিত্তিকা চন্দা পাৰুকে কয় যে, ব্ৰিটেইনত অধ্যয়নে কেৱল আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত অৰ্হতা প্ৰদান কৰাই নহয়, শিক্ষাৰ্থীসকলৰ মাজত বিশ্বজনীন দৃষ্টিভংগী, স্বতন্ত্ৰ চিন্তা আৰু সমস্যা সমাধানৰ দক্ষতা গঢ়ি তোলাতো সহায় কৰে।
উল্লেখ্য যে, আগতীয়াকৈ পঞ্জীয়ন কৰিলে বিনামূলীয়াকৈ এই শিক্ষা মেলাত অংশগ্ৰহণ কৰিব পাৰিব। ইচ্ছুক শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ব্ৰিটিছ কাউন্সিলৰ ৱেবছাইটৰ জৰিয়তে নিজৰ পছন্দৰ চহৰ নিৰ্বাচন কৰি পঞ্জীয়ন কৰিব পাৰিব।

