নৱবার্তা গুৱাহাটী: বলীউডৰ জনপ্ৰিয় প্লেবেক গায়িকা তথা লাইভ পাৰফৰ্মাৰ সুনিধি চৌহানে অহা ৩১ অক্টোবৰ, শনিবাৰে গুৱাহাটীৰ খানাপাৰা ভেটেৰিনেৰী ফিল্ডত তেওঁৰ ‘আই এম হোম’ (I AM HOME) ইণ্ডিয়া ট্যুৰ ২০২৬ৰ জৰিয়তে সংগীতপ্ৰেমীসকলৰ মাজত উপস্থিত হ’ব। এই বিশেষ সংগীতানুষ্ঠানৰ প্ৰাকক্ষণত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত হয়।
সংবাদমেলত উপস্থিত থাকে ছাচি এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অজেশ কুমাৰ, হিটছ মিউজিকৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী শিৱাংশু, অভিনেতা তথা গায়ক আৰু হিটছ মিউজিকৰ মুখ্য কাৰ্যবাহী বিষয়া দীপেশ কাশ্যপ, লগতে অনাঘা পি আৰ এণ্ড ইভেণ্টছৰ প্ৰতিষ্ঠাপক উমেশ চৌধাৰী। তেওঁলোকে আগন্তুক সংগীতানুষ্ঠানৰ বিভিন্ন দিশৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে।
ছাচি এণ্টাৰটেইনমেণ্ট আৰু হিটছ মিউজিকৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সুনিধি চৌহানৰ শক্তিশালী কণ্ঠ, উদ্দীপনাময় পৰিৱেশনা আৰু আকৰ্ষণীয় মঞ্চ-উপস্থাপনাই দৰ্শকক এক স্মৰণীয় সংগীতময় সন্ধিয়াৰ অভিজ্ঞতা প্ৰদান কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে। হৃদয়স্পৰ্শী সুৰৰ গীতৰ পৰা আৰম্ভ কৰি উদ্দীপনাময় নৃত্যগীত আৰু বলীউডৰ জনপ্ৰিয় গীতলৈকে সুনিধি চৌহানৰ বৈচিত্ৰ্যপূৰ্ণ সংগীত সম্ভাৰে বিভিন্ন প্ৰজন্মৰ সংগীতপ্ৰেমীৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে।
সংবাদমেলত আয়োজকসকলে স্পষ্ট কৰি দিয়ে যে এই অনুষ্ঠানৰ একমাত্ৰ আনুষ্ঠানিক টিকট বিক্ৰীৰ মাধ্যম হৈছে ‘ডিষ্ট্ৰিক্ট’ (District)। সংগীতপ্ৰেমীসকলে কেৱল ডিষ্ট্ৰিক্টৰ এপ আৰু ৱেবছাইটৰ জৰিয়তেহে টিকট সংগ্ৰহ কৰিব পাৰিব। অননুমোদিত বিক্ৰেতাৰ পৰা টিকট ক্ৰয় নকৰিবলৈও আয়োজকসকলে সকলোকে আহ্বান জনায়।
গুৱাহাটীকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীসকলক এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি সুনিধি চৌহানৰ জনপ্ৰিয় গীত আৰু প্ৰাণৱন্ত পৰিৱেশনাৰ সৈতে এক স্মৰণীয় সন্ধিয়া উপভোগ কৰিবলৈ আয়োজকসকলে আমন্ত্ৰণ জনাইছে।

