• Thu. Oct 22nd, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ বিস্ফোৰক অভিযোগসমাজ কল্যাণ সঞ্চালকালয়ত শিশু খাদ্য আৰু শিক্ষণ সামগ্ৰী যোগানৰ নামত শ শ কোটি টকাৰ লুণ্ঠন

ByNaba Barta

Oct 10, 2026
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটীঃ ৰাজ্যৰ সমাজ কল্যাণ সঞ্চালকালয়ত শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্য তথা শিশু শিক্ষণ সামগ্ৰী যোগানৰ নামত সংঘটিত হৈছে শ শ কোটি টকাৰ ভয়ংকৰ কেলেংকাৰী। আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক সংবাদমেলত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে। সংবাদমেলত তেওঁ কয় যে এফালে ৰাজ্যখনত পুষ্টিহীনতাৰ বাবে শিশুৰ ভৱিষ্যৎ অন্ধকাৰলৈ গতি কৰিছে, আনফালে বিভাগৰ একাংশ শীৰ্ষ বিষয়া আৰু বহিৰাগত ঠিকাদাৰে চৰকাৰী ধন লুণ্ঠনত ব্যস্ত হৈ পৰিছে। সংবাদমেল যোগে সংগঠনটোৱে উত্থাপন কৰা অভিযোগ অনুসৰি বিভাগে একাংশ ঠিকাৰৰ সৈতে লগলাগি শিশু খাদ্যৰ নামত এখন বৃহৎ বজাৰ চলাই আহিছে৷ ‘Bureau of Indian Standards’ চমুকৈ বিআইএছ অনুজ্ঞাপত্ৰহীন সামগ্ৰী যোগান ধৰি কোটি কোটি লুণ্ঠন চলাই আহিছে৷ সঞ্জীৱ দাসে অভিযোগ উত্থাপন কৰা মতে, ৰাজ্যৰ সমাজ কল্যাণ সঞ্চালকালয়ৰ অধীনত শিশু খাদ্যৰ দৰে অতি সংবেদনশীল বিষয়তো ‘Bureau of Indian Standards’ৰ কোনো বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে ঠিকাদাৰী প্ৰতিষ্ঠানে নিম্নমানৰ খাদ্য সামগ্ৰী যোগান ধৰিছে। শিশুৰ শিক্ষণ সামগ্ৰী যোগানত চৰম লুণ্ঠন চলাই গৈছে৷ অংগনৱাড়ী কেন্দ্ৰসমূহলৈ শিশুৰ শিক্ষণ সামগ্ৰী যোগানৰ নামত মুকলি ডকাইতি চলোৱা হৈছে। বজাৰ মূল্য ৫,০০০ৰ পৰা ৬,০০০ টকাৰ সামগ্ৰীৰ বিপৰীতে বিভাগটোৱে প্ৰতিটো পেকেটত প্ৰায় ৩৯,০০০ টকালৈকে ভুৱা বিল মোকলাই দিছে। চিণ্ডিকেট আৰু বিষয়াৰ আশীৰ্বাদ অবিহনে এই কাম কৰিব নোৱাৰে বুলি দাবী দাসে দাবী কৰি কয় যে ‘মা মনসা’ আৰু ‘এম এম এছোচিয়েট’ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে এই ব্যাপক কেলেংকাৰী সংঘটিত কৰা হৈছে। সঞ্চালক গৌৰী শংকৰ আৰু যুটীয়া সঞ্চালক সমীৰ দাসে একাংশ অনা-অসমীয়া ঠিকাদাৰৰ সৈতে গোপন মিতিৰালি কৰি এই সমগ্ৰ লুণ্ঠন চলাইছে আৰু সকলোকে মুকলিকৈ ৰক্ষণাবেক্ষণ দি আহিছে। অসমৰ শিশুৰ পুষ্টিহীনতাৰ উদ্বেগজনক ছবিক লৈ আক্ষেপ কৰি দাসে কয় যে কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে লোকসভাত দাখিল কৰা তথ্য মতে, অসমৰ প্ৰায় ৪২ শতাংশ শিশুৱেই পুষ্টিহীনতাৰ বাবে বয়স অনুপাতে কম উচ্চতাৰ অৰ্থাৎ ‘খৰ্বকায়’ (Stunted) হৈ আছে। সমগ্ৰ দেশত খৰ্বকায় শিশুৰ ৰাষ্ট্ৰীয় গড় ৩৬ শতাংশ হোৱাৰ বিপৰীতে অসমত এই হাৰ অত্যন্ত শোচনীয়। ইয়াৰ উপৰি ৰাজ্যত ৪.৫০ শতাংশতকৈ অধিক শিশু উচ্চতাৰ তুলনাত অতি ক্ষীণ (‘ৱেষ্টেড’) আৰু ১৬.৫০ শতাংশ শিশু বয়স অনুপাতে কম ওজনৰ (‘আণ্ডাৰৱেট’) চিকাৰ হৈ আছে। কিয়নো আৱণ্টিত পুঁজিৰ ব্যৱহাৰ শিশুৰ বাবে কৰা হোৱা নাই৷ সঞ্চালক আৰু যুটীয়া সঞ্চালকে ঠিকাদাৰৰ হতুৱাই শিশুৰ মুখৰ খাদ্যৰ নামত কেলেংকাৰী সংঘটিত কৰিছে৷ বিগত তিনি বছৰত কেন্দ্ৰীয় চৰকাৰে ‘পোষণ-২’ আঁচনিৰ অধীনত অসমক ৫,২০৪.৮৪ কোটি টকা আবণ্টন দিছিল যদিও বিভাগে মাত্ৰ ৩,১৪৯.২০ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হয়। বাকী প্ৰায় ২,০৫৫ কোটিতকৈও অধিক পুঁজি ব্যৱহাৰ নকৰি পেলাই থোৱা হৈছে নাইবা অনিয়ম সংঘটিত কৰা হৈছে। কেন্দ্ৰৰ ধন আৰু ৰাজ্য চৰকাৰৰ পদক্ষেপৰ মাজৰ এই বৃহৎ ব্যৱধানৰ বাবেই অসমৰ শিশুসকল পুষ্টিহীনতাত ভুগিবলগীয়া হৈছে। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ স্পষ্ট দাবী এয়াই যে শিশু আৰু মাতৃৰ পুষ্টিকৰ খাদ্য আৰু শৈক্ষিক সামগ্ৰীৰ নামত হোৱা এই বৃহৎ কেলেংকাৰীৰ শীঘ্ৰে এক উচ্চপৰ্যায়ৰ নিৰপেক্ষ তদন্ত ঘোষণা কৰিব লাগিব। কেলেংকাৰীত জড়িত সঞ্চালক গৌৰী শংকৰ, যুটীয়া সঞ্চালক সমীৰ দাস আৰু ‘মা মনসা’ তথা ‘এম এম এছোচিয়েট’ৰ মালিকসকলৰ বিৰুদ্ধে তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ‘পোষণ-২’ আঁচনিৰ ব্যয় আৰু অব্যৱহৃত পুঁজিৰ স্পষ্ট শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগিব আৰু অংগনৱাড়ী ব্যৱস্থাৰ বাস্তৱ পৰ্যবেক্ষণ সুনিশ্চিত কৰি অসমৰ শিশুসকলক পুষ্টিহীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। চৰকাৰে তৎকালীনভাৱে পদক্ষেপ গ্ৰহণ নকৰিলে পৰিষদে ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *