• Sat. Nov 21st, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

২৮-২৯ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ‘অসম লিটআৰ্ট ফেষ্টিভেল’ৰ দ্বিতীয় সংস্কৰণ

ByNaba Barta

Nov 21, 2026
Oplus_131072
Spread the love

নৱবাৰ্তা গুৱাহাটী:: সাহিত্য, কলা আৰু সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে অহা ২৮ আৰু ২৯ নৱেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ‘অসম লিটআৰ্ট ফেষ্টিভেল ২০২৬’ৰ দ্বিতীয়টো সংস্কৰণ।

লিটআৰ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত এই দুদিনীয়া মহোৎসৱখনে সাহিত্য, শিল্পকলা, সংগীত, চলচ্চিত্ৰ আৰু নাট্যজগতৰ এক অপূৰ্ব মিলনভূমিত পৰিণত হৈ লেখক-সাহিত্যিক, চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ দৰ্শকক একেখন মঞ্চতে একত্ৰিত কৰিব।

উল্লেখ্য যে, এইবাৰৰ দ্বিতীয় সংস্কৰণৰ মহোৎসৱখনৰ মূল পৃষ্ঠপোষক হিচাপে আছে অইল ইণ্ডিয়া। আনহাতে, সহ-পৃষ্ঠপোষক বেদান্ত অইল এণ্ড গেছ (কেয়াৰ্ন), সহযোগী চেৰ’ছ আৰু চালিকা শক্তি হিচাপে আছে নীপকো।

উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথিসকলঃ
অহা ২৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান, সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ কুলধৰ শইকীয়া (আইপিএছ)।

অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, বিশিষ্ট কবি তথা বঁটাপ্ৰাপক চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থ সাৰথি মহন্তই (আইপিএছ)।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতৰ বিশেষ আকৰ্ষণঃ

মন কৰিবলগীয়া যে, এইবাৰৰ মহোৎসৱৰ অন্যতম প্ৰধান আকৰ্ষণ হৈছে ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা তথা চিত্ৰনাট্যকাৰ ইনামুল হকৰ উপস্থিতি।

ইয়াৰোপৰি, এই মহোৎসৱত উপস্থিত থাকিব নেটফ্লিক্সৰ ছুপাৰহিট ছিৰিজ ‘অপাৰেচন ছফেদ সাগৰ’ৰ প্ৰযোজক তথা ‘ভদকা ডায়ৰীজ’ৰ পৰিচালক কুশল শ্ৰীবাস্তৱে। তেওঁৰ লগতে ‘অপাৰেচন ছফেদ সাগৰ’ আৰু ‘ভূজ’ৰ মুখ্য উপদেষ্টা অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন তৰুণ কুমাৰ সিংহ আৰু ‘অপাৰেচন ছফেদ সাগৰ’ তথা ‘লাষ্ট চেল্যুট’ৰ গৱেষক তথা কাহিনীকাৰ অন্তৰা শ্ৰীবাস্তৱেও মহোৎসৱৰ মনোজ্ঞ তথা তথ্যসমৃদ্ধ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব

আনহাতে ‘মানসিক স্বাস্থ্য আৰু সৃজনশীলতা’ শীৰ্ষক এক ব্যতিক্ৰমী তথা সময়োপযোগী বিশেষ আলোচনা সত্ৰ পৰিচালনা কৰিব প্ৰয়াসী বৰুৱা আৰু স্মিতা বৰুৱা সান্যালে।

মূলসুঁতিৰ শিক্ষা ব্যৱস্থাত সৃজনশীলতাক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত আয়োজিত আলোচনা চক্ৰত বক্তব্য আগবঢ়াব অক্ষৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ড০ অলকা শৰ্মা, বলিউডৰ অভিনেতা তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (এনএছডি) অতিথি প্ৰবক্তা সোণম স্তবগেইছৰ লগতে অসমৰ দুই বিশিষ্ট নাট্যব্যক্তিত্ব জ্যোতি নাৰায়ণ নাথ আৰু সীতানাথ লহকৰে।

দুদিনীয়া কাৰ্যসূচীৰ মূল আকৰ্ষণসমূহঃ
এই মহোৎসৱত স্বত্বাধিকাৰ (কপিৰাইট), আঞ্চলিক সাহিত্য আৰু অনুবাদ, চিত্ৰনাট্য ৰচনা, সাহিত্য আৰু আৰ্থ-ৰাজনৈতিক আখ্যান তথা অসমীয়া চলচ্চিত্ৰ সন্দৰ্ভত কেইবাখনো বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। এই আলোচনা চক্ৰসমূহত অংশগ্ৰহণ কৰিব পদ্মশ্ৰী বঁটাপ্ৰাপক অৰূপ কুমাৰ দত্ত, জনপ্ৰিয় অভিনেতা যতীন বৰা, ৰবি শৰ্মা, অৰূপ মান্না আৰু অপৰাজিতা পূজাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।

আনহাতে, মহোৎসৱৰ অন্যান্য আকৰ্ষণসমূহৰ ভিতৰত থাকিব চুটি ছবি প্ৰদৰ্শন, গুৰু মৰমী মেধিৰ পৰিকল্পনাৰে কথক নৃত্যানুষ্ঠান, বনদ্বীপ শৰ্মাৰ একক ভৌতিক নাটক ‘ৰে’লৱে কোৱাৰ্টাৰ নম্বৰ ১৩’, ত্ৰিদীপ বৰঠাকুৰৰ ষ্টেণ্ড-আপ কমেডীৰ লগতে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ আৰু ফ’ক-ৰক ফিউজন বেণ্ড ‘কাল্টিভেটৰছ’ৰ লাইভ সংগীতানুষ্ঠান।

এই সমগ্ৰ মহোৎসৱখনৰ পৰিকল্পনা কৰিছে প্ৰতিষ্ঠাপক সঞ্চালিকা প্ৰয়াসী বৰুৱা আৰু সহ-প্ৰতিষ্ঠাপক তথা যুটীয়া সঞ্চালিকা জ্যোৎস্না নেওগে।

অহা ২৮-২৯ নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এই বৰ্ণাঢ্য উৎসৱত অংশগ্ৰহণ কৰিবলৈ সমূহ সংগীত আৰু সাহিত্যপ্ৰেমী, চলচ্চিত্ৰ অনুৰাগী, ছাত্ৰ-ছাত্ৰী তথা কলাপ্ৰেমী ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে লিটআৰ্ট ফাউণ্ডেশ্যনে।

Leave a Reply

Your email address will not be published. Required fields are marked *