নৱবাৰ্তা গুৱাহাটী: দেশৰ অন্যতম বিশ্বস্ত আৰু আগশাৰীৰ অলংকাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান কল্যাণ জুৱেলাৰ্ছে আজি গুৱাহাটীৰ লাচিত নগৰ আৰু এ টি ৰোডস্থিত দুটাকৈ নৱৰূপ প্ৰদান কৰা শ্ব’ৰুম মুকলি কৰে। এই অঞ্চলত ব্ৰেণ্ডটোৰ উপস্থিতি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে জনপ্ৰিয় অভিনেতা অজয় দেৱগণে শ্বৰুমকেইটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।এক বিলাসী পৰিৱেশ আৰু কল্যাণ জুৱেলাৰ্ছৰ বিভিন্ন স্বকীয় অলংকাৰ সংগ্ৰহৰ বিশাল ডিজাইনেৰে সমৃদ্ধ এই নৱৰূপ প্ৰদান কৰা শ্ব’ৰুমসমূহে অঞ্চলটোৰ গ্ৰাহকসকলক এক অতুলনীয় শ্বপিং অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু হৈছে।
জনপ্ৰিয় অভিনেতা অজয় দেৱগণে উপস্থিত ৰাইজক সম্বোধন কৰি কয় যে, “গুৱাহাটীত কল্যাণ জুৱেলাৰ্ছৰ নৱৰূপ প্ৰদান কৰা শ্ব’ৰুমসমূহৰ উদ্বোধনৰ অংশ হ’বলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। আস্থা, স্বচ্ছতা আৰু গ্ৰাহকক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া নীতি সততে বাহাল ৰখা এটা ব্ৰেণ্ডক প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়। মই নিশ্চিত যে, এই চহৰৰ গ্ৰাহকসকলে কল্যাণ জুৱেলাৰ্ছক আদৰি ল’ব আৰু সমৰ্থন আগবঢ়াব, লগতে ব্ৰেণ্ডটোৰ ব্যতিক্ৰমী সেৱাৰ মানদণ্ড তথা ইয়াৰ বৈচিত্ৰ্যময় উৎকৃষ্ট অলংকাৰ সংগ্ৰহৰ প্ৰশংসা কৰিব।”
কল্যাণ জুৱেলাৰ্ছৰ কাৰ্যবাহী সঞ্চালক ৰমেশ কল্যাণৰমণে এই শুভ উদ্বোধন সন্দৰ্ভত মন্তব্য কৰি কয় যে, “গুৱাহাটীত আমাৰ নতুনকৈ নৱৰূপ দিয়া শ্ব’ৰুমসমূহৰ কথা ঘোষণা কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। কল্যাণ জুৱেলাৰ্ছত আমি বিদ্যমান সামগ্ৰীৰ পৰিসৰ সম্প্ৰসাৰণ কৰাৰ পৰা আৰম্ভ কৰি এক সামগ্ৰিক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ বাবে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰালৈকে— গ্ৰাহকৰ শ্বপিং অভিজ্ঞতাক নতুন ৰূপ দিয়াৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছোঁ। আমি এই অঞ্চলৰ গ্ৰাহকসকলক কল্যাণ জুৱেলাৰ্ছৰ প্ৰতি নিৰন্তৰ সমৰ্থন আৰু আস্থাৰ বাবে ধন্যবাদ জনাব বিচাৰোঁ। আমি আমাৰ গ্ৰাহকসকলক সৰ্বোত্তম সেৱা আগবঢ়াবলৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ আৰু অনাগত দিনতো কোম্পানীৰ মূল নীতি বিশ্বাস আৰু স্বচ্ছতাৰ প্ৰতি অটল হৈ থাকিম।”লএই শুভ উদ্বোধন উপলক্ষে কল্যাণ জুৱেলাৰ্ছে গহণাৰ মেকিং চাৰ্জ(প্ৰস্তুত মাচুল)ত ৩০% ৰেহাই* আৰু পুৰণি সোণ সলনিৰ ক্ষেত্ৰত ০% কৰ্তনৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰিও, গ্ৰাহকসকলে কল্যাণৰ বিশেষ গ’ল্ড বোৰ্ড ৰেটৰ দ্বাৰা উপকৃত হ’ব, যাৰ ফলত বজাৰত আটাইতকৈ প্ৰতিযোগিতামূলক আৰু স্বচ্ছ সোণৰ মূল্য নিশ্চিত হ’ব, যিটো কোম্পানীৰ সকলো শ্বৰুমতে একে হ’ব।
কল্যাণ জুৱেলাৰ্ছত বিক্ৰী হোৱা সকলো অলংকাৰ বিআইএছ-হলমাৰ্কযুক্ত আৰু ইয়াত বহু পৰ্যায়ৰ বিশুদ্ধতা পৰীক্ষা কৰা হয়। ইয়াৰ উপৰিও, গ্ৰাহকসকলে কল্যাণ জুৱেলাৰ্ছৰ ৪-স্তৰীয় নিশ্চয়তা প্ৰমাণপত্ৰ লাভ কৰিব, যাৰ দ্বাৰা সোণৰ বিশুদ্ধতা, আজীৱন বিনামূলীয়া তত্বাৱধান, সামগ্ৰীৰ বিতং তথ্য, আৰু স্বচ্ছ বিনিময় তথা বাই-বেক নীতিৰ নিশ্চয়তা প্ৰদান কৰা হয়। ই বিশ্বাস আৰু স্বচ্ছতাৰ প্ৰতি ব্ৰেণ্ডটোৰ দায়বদ্ধতাকে পুনৰ প্ৰমাণ কৰে।
এই শ্ব’ৰুমসমূহত কল্যাণৰ জনপ্ৰিয় হাউচ ব্ৰেণ্ডসমূহ উপলব্ধ হ’ব, যাৰ ভিতৰত আছে মুহুৰত (বিবাহৰ অলংকাৰ সংগ্ৰহ), মুদ্রা (হস্তনিৰ্মিত এণ্টিক অলংকাৰ), নিমাহ (মন্দিৰৰ গহণা), গ্ল’ (ডান্সিং ডায়মণ্ডছ), জিয়াহ (চলিটেয়াৰ হীৰাৰ গহণা), অনোখী (আনকাট ডায়মণ্ডছ), অপূৰ্ব (বিশেষ অনুষ্ঠানৰ বাবে হীৰা), অন্তৰা (বিবাহৰ হীৰা), হেৰা (দৈনন্দিন পৰিধানৰ হীৰা), ৰং (মূল্যৱান পাথৰৰ গহণা) আৰু শেহতীয়াকৈ মুকলি কৰা লীলা (ৰঙীন পাথৰ আৰু হীৰাৰ গহণা)।
ব্ৰেণ্ডৰ বিষয়ে, বিভিন্ন সংগ্ৰহ আৰু অফাৰৰ বিষয়ে জানিবলৈ দৰ্শন কৰক https://www.kalyanjewellers.net/
বলীউড অভিনেতা অজয় দেৱগণৰ দ্বাৰা গুৱাহাটীত কল্যাণ জুৱেলাৰ্ছৰ নৱৰূপ প্ৰদান কৰা শ্ব’ৰুম উদ্বোধন
oplus_0 