• Wed. Sep 23rd, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আকাশ এডুকেচনেল ছাৰ্ভিচেজ লিমিটেডে (AESL) আৰম্ভ কৰিছে ANTHE 2026

ByNaba Barta

Sep 23, 2026
Spread the love

নৱবাৰ্তা গুৱাহাটী: শিক্ষাৰ্থীসকলক নিজৰ সম্ভাৱনাৰ বিষয়ে জ্ঞাত হোৱাত আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ প্ৰস্তুতি চলোৱাত সহায় কৰা সৰ্ববৃহৎ প্ৰতিভা সন্ধানী পৰীক্ষা
বৈজ্ঞানিক মূল্যায়ন, ৰাষ্ট্ৰীয় মানদণ্ড আৰু পাৰ্ছনেলাইজড শৈক্ষিক অন্তৰ্দৃষ্টিৰ সংমিশ্ৰণেৰে ছাত্ৰ-ছাত্ৰীসকলে কোনটো দিশ উন্নত প্ৰদৰ্শন আগবঢ়াব লাগে আৰু ইয়াৰ পিছত কি কৰিব লাগে সেই বিষয়ে বুজিবলৈ সহায় কৰা দীৰ্ঘদিন ধৰি চলি অহা প্ৰতিভা চিনাক্তকৰণ পৰীক্ষাত বিগত ১৬ বছৰত ১ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়ন কৰা হৈছে
চমুকৈ ANTHE 2026

  • ANTHE হৈছে ভাৰতৰ আটাইতকৈ বৃহৎ আৰু দীৰ্ঘদিন ধৰি চলি থকা পৰীক্ষা, য’ত যোৱা ১৬ বছৰত ১ কোটিতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়ন হৈছে ।
  • পৰীক্ষাৰ প্ৰতিটো প্ৰশ্ন উদ্দেশ্য-প্ৰণোদিত, যিসমূহক প্ৰতিটো বিষয়ৰ মাজত নিৰ্দিষ্ট ধাৰণা আৰু দক্ষতাৰ মূল্যায়নৰ বাবে ডিজাইন কৰা হৈছে।
  • ছাত্ৰৰ শৈক্ষিক প্ৰদৰ্শন, প্ৰতিযোগিতামূলক প্ৰস্তুতি আৰু পৰীক্ষাৰ আচৰণ বুজিবলৈ কেৱল নম্বৰৰ বিপৰীতে এক বিস্তৃত, বৈজ্ঞানিকভাৱে ডিজাইন কৰা নিদানমূলক মূল্যায়ন।
  • ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা আৰু প্ৰদৰ্শনৰ বাবে পুৰস্কাৰ হিচাপে ১০০% পৰ্যন্ত বৃত্তি আৰু ২.৫ কোটি টকাৰ নগদ ধনৰ পুৰস্কাৰৰ ব্যৱস্থা
    এ বি চি, ১৭ আগষ্ট, ২০২৬: প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীয়ে কি অধ্যয়ন কৰিব সেই কথা জনাটো সমগ্ৰ প্ৰক্ৰিয়াৰ এটা অংশহে মাত্ৰ । তেওঁলোক বৰ্তমান কোনটো পৰ্যায়ত আছে, কোনটো দিশত উন্নত প্ৰদৰ্শন দাঙি ধৰিছে আৰু ক’ত উন্নতি কৰিব লাগিব সেই কথা উপলব্ধি কৰাটোও সমানেই গুৰুত্বপূৰ্ণ । প্ৰস্তুতি আৰু আত্মসচেতনতাৰ মাজৰ এই ব্যৱধানটোৱেই বিগত ১৬ বছৰ ধৰি সমাধান কৰিব বিচাৰিছে আকাশ ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষাই (ANTHE) ।
    আৰম্ভণিৰ পৰাই ANTHE ত ১ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰাৰ লগে লগে এই পৰীক্ষাটো ভাৰতৰ অন্যতম বৃহৎ আৰু দীৰ্ঘদিনীয়া ছাত্ৰ মূল্যায়ন মঞ্চলৈ পৰিণত হৈছে । প্ৰতিভা চিনাক্তকৰণৰ পদক্ষেপ হিচাপে আৰম্ভ হোৱা এই পৰীক্ষা এতিয়া এটা গাঁথনিগত শৈক্ষিক মানদণ্ডলৈ বিকশিত হৈছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ প্ৰস্তুতি মূল্যায়ন কৰাত, তেওঁলোকৰ প্ৰতিযোগিতামূলক সম্ভাৱনাক বুজি উঠাত আৰু আগত যাত্ৰাৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তোলাত সহায় কৰে ।
    কেৱল চূড়ান্ত স্ক’ৰৰ জৰিয়তে কৰ্মক্ষমতা জুখিব পৰা মূল্যায়নৰ বিপৰীতে ANTHEক এটা বিস্তৃত, বৈজ্ঞানিকভাৱে গঠন কৰা নিদানমূলক মূল্যায়ন হিচাপে ডিজাইন কৰা হৈছে । প্ৰতিটো প্ৰশ্ন উদ্দেশ্য-প্ৰণোদিত আৰু নিৰ্দিষ্ট ধাৰণা আৰু দক্ষতাৰ সৈতে প্ৰস্তুত কৰা হয়, যাৰ ফলত এই পৰীক্ষাই বিষয়ৰ জ্ঞান, যোগ্যতা, বিশ্লেষণাত্মক ক্ষমতা আৰু পৰীক্ষাৰ আচৰণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰিব পাৰে । ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্ৰস্তুতি এটা সংখ্যাত সীমাবদ্ধ নকৰি তেওঁলোকৰ প্ৰদৰ্শনৰ বিষয়ে অধিক অৰ্থপূৰ্ণ জ্ঞান লাভ কৰে ।
    এই আগতীয়া মূল্যায়নৰ গুৰুত্ব ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত উন্নত ফলাফল লাভ কৰিবলৈ আগবাঢ়ি যোৱা শিক্ষাৰ্থীসকলৰ যাত্ৰাতো প্ৰতিফলিত হৈছে ।‌ নীট ইউ জি ২০২৬ত শীৰ্ষ ১০০ৰ ভিতৰত স্থান লাভ কৰা আকাশৰ ৪১ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৩১ জনেই পূৰ্বে ANTHE ৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিছিল । একেদৰে জে ই ই এডভান্সড ২০২৬তো শীৰ্ষ ১০০ জে ই ই এডভান্সৰ ১১ গৰাকীৰ ভিতৰত ৭ গৰাকীয়েই আছিল ANTHE ৰ । এই ফলাফলসমূহে শিক্ষাৰ্থীৰ প্ৰতিযোগিতামূলক যাত্ৰাত আগতীয়াকৈ চিনাক্তকৰণ, গাঁথনিগত শৈক্ষিক প্ৰস্তুতি আৰু স্থায়ী নিৰ্দেশনাই ল’ব পৰা ভূমিকাক আলোকপাত কৰে ।
    ANTHE ৰ তাৎপৰ্য্য সন্দৰ্ভত ভাষণ দি আকাশ এডুকেচনেল ছাৰ্ভিচেজ লিমিটেড (AESL)ৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ গাৰিছা ৰেড্ডীয়ে কয়, “আমাৰ বাবে ANTHE কেৱল ছাত্ৰৰ যোগ্যতা নিৰ্ধাৰণ কৰা পৰীক্ষা নহয় । ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক সঠিক নিৰ্দেশনাই অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব পৰা এটা পৰ্যায়ত নিজৰ শৈক্ষিক সম্ভাৱনা বুজিবলৈ সহায় কৰা । ১৬ বছৰৰ ভিতৰত এক কোটিতকৈ অধিক শিক্ষাৰ্থীয়ে ANTHEক নিজকে বেঞ্চমাৰ্ক কৰাৰ সুযোগ হিচাপে বিশ্বাস কৰিছে । এগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ লগতে শিক্ষাৰ্থীগৰাকীৰ প্ৰদৰ্শনে তেওঁলোকক তেওঁলোকৰ শক্তি, তেওঁলোকৰ প্ৰস্তুতি আৰু তেওঁলোকে কাম কৰিবলগীয়া ক্ষেত্ৰসমূহৰ বিষয়ে কি কয় তাৰ ওপৰতো সমানেই গুৰুত্ব দিয়াৰ বাবেই মূল্যবান এই পৰীক্ষা । আমি বিচাৰো যে ANTHEত অংশগ্ৰহণৰ জৰিয়তে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ শৈক্ষিক যাত্ৰাৰ বিষয়ে অধিক স্পষ্ট ধাৰণা লাভ কৰাৰ লগতে ভৱিষ্যতৰ বাবে অধিক সুচিন্তিত আৰু সুনিৰ্দিষ্ট পথৰ সন্ধান লাভ কৰক ।”
    এই পৰীক্ষাৰ গুৰুত্ব কেৱল পৰীক্ষাত অৱতীৰ্ণ হোৱাতেই সীমাবদ্ধ নাথাকি ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল আৰু বিশ্লেষণলৈকে বিস্তৃত । প্ৰতিজন ANTHE অংশগ্ৰহণকাৰীয়ে এক বিশদ ‘ANTHE ইন্টেলিজেন্স ৰিপ’ৰ্ট’ লাভ কৰে, যাক পৰীক্ষাৰ প্ৰদৰ্শনক ব্যৱহাৰিক আৰু শৈক্ষিক অন্তৰ্দৃষ্টিলৈ ৰূপান্তৰ কৰিবলৈ ডিজাইন কৰা হৈছে । প্ৰতিবেদনখনে শিক্ষাৰ্থীসকলৰ বিষয়ভিত্তিক শক্তি আৰু অধিক মনোযোগৰ প্ৰয়োজনীয়তা থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰাত সহায় কৰে, লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰিবলৈ তেওঁলোক কিমান সাজু সেই বিষয়েও এক দৃষ্টিভংগী প্ৰদান কৰে । প্ৰতিবেদনত একোগৰাকী শিক্ষাৰ্থীৰ প্ৰদৰ্শনৰ তিনিটা সুকীয়া দিশ বিশ্লেষণ কৰা হয় — প্ৰতিযোগিতামূলক পৰীক্ষাৰ সাফল্যৰ সম্ভাৱনা (CESP), পৰীক্ষা দিয়াৰ মানসিকতা বা ব্যক্তিত্ব (TTP) আৰু উত্তৰ দিয়াৰ কৌশলগত দক্ষতা (AIQ) । এইবোৰে সামগ্ৰিকভাৱে এগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছে, তাৰ এক বহল দৃষ্টিভংগী প্ৰদান কৰে: উচ্চ পৰ্যায়ৰ চিন্তা আৰু প্ৰতিযোগিতামূলক প্ৰত্যাহ্বানসমূহ চম্ভালিব পৰা ক্ষমতাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পৰীক্ষাৰ আচৰণ আৰু প্ৰচেষ্টা, সঠিকতা আৰু বিপদৰ মাজত তেওঁলোকে বজাই ৰখা ভাৰসাম্যলৈকে ।
    ইয়াৰ ফলত ANTHE কেৱল ইতিমধ্যে জে ই ই নাইবা নীটৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, শৈক্ষিক যাত্ৰাৰ পূৰ্বৰ পৰ্যায়ত থকা শিক্ষাৰ্থীসকলৰ বাবেও প্ৰাসংগিক হৈ পৰে । ৰাষ্ট্ৰীয় বেঞ্চমাৰ্কিঙেৰে শিক্ষাৰ্থীসকলে সমগ্ৰ ৰাজ্য আৰু দেশৰ আন শিক্ষাৰ্থীৰ তুলনাত তেওঁলোকৰ অৱস্থান বুজিব পাৰে । এই মূল্যায়নৰ জৰিয়তে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰেক্ষাপটত নিজৰ প্ৰদৰ্শন চোৱাৰ সুযোগ পায় আৰু আগবাঢ়ি যোৱাৰ লগে লগে প্ৰদৰ্শন উন্নত কৰিবলগীয়া ক্ষেত্ৰসমূহ চিনাক্ত কৰিব পাৰে
    ANTHE ৰ মূল উদ্দেশ্য এই বিশ্বাসৰ ওপৰত আধাৰিত যে মূল্যায়নে কাৰ্য্যৰ সূচনা কৰিব লাগে । এগৰাকী শিক্ষাৰ্থীৰ ফলাফলত তেওঁলোকে কিমান ভাল প্ৰদৰ্শন কৰিলে, কেৱল সেই কথাই উল্লেখ থাকিব নালাগে । ইয়াৰ বিপৰীতে তেওঁলোক কি কামত ভাল, ক’ত আৰু ভাল কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত কি বিষয়ত মনোনিৱেশ কৰিব লাগে তাৰ উত্তৰ দিয়াত সহায় কৰিব লাগে । শৈক্ষিক মূল্যায়ন, প্ৰতিযোগিতামূলক প্ৰস্তুতি আৰু পৰীক্ষাৰ আচৰণক একত্ৰিত কৰি, ANTHE-এ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক যাত্ৰাৰ আটাইতকৈ দাবীদাৰ পৰ্যায়ত উপনীত হোৱাৰ বহু আগতেই এই বুজাবুজিক সুলভ কৰি তোলাৰ লক্ষ্য লৈছে ।
    ANTHE ৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে ইয়াৰ মাধ্যমে লাভ কৰা জলপানি বা বৃত্তি, যাৰ ফলত প্ৰাপ্য ছাত্ৰ-ছাত্ৰীসকলে আকাশৰ শ্ৰেণীকোঠা, হাইব্ৰিড আৰু ডিজিটেল কাৰ্যসূচীত প্ৰৱেশ কৰিব পাৰে । ANTHE 2026 ৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰযোজ্য মাপকাঠী অনুসৰি ১০০% পৰ্যন্ত বৃত্তি লাভ কৰিব পাৰিব, লগতে শীৰ্ষ প্ৰদৰ্শনকাৰীৰ বাবে ২.৫ কোটি টকাৰ নগদ ধনৰ পুৰস্কাৰো লাভ কৰিব পাৰিব । পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই পৰীক্ষা অনলাইন আৰু অফলাইন দুয়োটা ফৰ্মেটত অনুষ্ঠিত হ’ব ।
    সমগ্ৰ দেশৰ অফিচিয়েল ANTHE পৰ্টেল আৰু আকাশ কেন্দ্ৰৰ জৰিয়তে আৰম্ভ হৈছে ANTHE ২০২৬ৰ পঞ্জীয়ন । ২০২৬ৰ ২৭ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ অনলাইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১, ২৫ অক্টোবৰ আৰু ১ নৱেম্বৰত অনুষ্ঠিত হ’ব অফলাইন পৰীক্ষা ।

Leave a Reply

Your email address will not be published. Required fields are marked *