• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

প্ৰধানমন্ত্ৰী মোডীৰ “বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত অভিযান”ৰ সৈতে সংযোগেৰে শিল্পী সকলৰ সবলীকৰণ: অধ্যক্ষ কেভিআইচি

ByNaba Barta

Mar 2, 2024
Spread the love

· মৌ মিছন কাৰ্যসূচীৰ অধীনত ৩০০ টা মৌমাখিৰ বাকচ বিতৰণ

· ১৫০ টা বৈদ্যুতিক পটাৰ চকা, ৪০ টা পেলনীয়া কাঠৰ শিল্প সঁজুলি বিতৰণ

· ২০ টা স্বয়ংক্ৰিয় ধূপকাঠী প্ৰস্তুত কৰিব পৰা যন্ত্ৰ বিতৰণ

· ২০ গৰাকী শিল্পীলৈ ২০ টা প্লাম্বাৰ সঁজুলি কিট, ২০ টা বেত আৰু বাঁহৰ সঁজুলি কিট, কাগজ/পাত/প্লেট আৰু ডোনা বনোৱা মেচিন বিতৰণ

· ২০ গৰাকী শিপিনীক কাগজৰ মেচিন, ৩০ গৰাকী শিপিনীক গাঁৱত তেল প্ৰস্তুত কৰিব পৰা মেচিন বিতৰণ।এই সকলোবোৰ গ্ৰামোদ্যোগ বিকাশ যোজনাৰ (জিভিৱাই) অধীনত কৰা হৈছে।

·নৱবার্তা গুৱাহাটী: এইবোৰৰ উপৰিও বহু- বিভাগ প্ৰশিক্ষণ কেন্দ্ৰ, কেভিআইচি, ৰূপনগৰ, গুৱাহাটীৰ সফল প্ৰশিক্ষাৰ্থীসকলক তলত দিয়া ধৰণে প্ৰমাণ পত্ৰ বিতৰণ কৰা হলঅসমৰ গ্ৰাম্য উদ্যোগসমূহৰ সহায়ক হোৱাকৈ এক উল্লেখযোগ্য পদেক্ষেপ গ্ৰহণ কৰি খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ (কে ভি আই চি) অধ্যক্ষ মনোজ কুমাৰে গ্ৰামোদ্যোগ বিকাশ যোজনাৰ অধীনত শিপিনীসকলক অত্যাৱশ্যকীয় সা-সঁজুলি আৰু সঁজুলি-কিট বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত (উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত)’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ৰূপনগৰৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা এই বিতৰণ অনুষ্ঠান আছি গ্ৰাম্য সম্প্ৰদায়ৰ সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰতিশ্ৰুতিৰ অংশ স্বৰূপ।কেভিআইচিৰ অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি শ্ৰী মনোজ কুমাৰে কয় যে বিগত ৯ বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিৰ দূৰদৰ্শী নেতৃত্বত খাদী আৰু গ্ৰাম্য উদ্যোগ (কেভিআই) খণ্ডই ১.৩৪ লাখ কৌটি টকাৰ টাৰ্নঅভাৰৰ সীমা অতিক্ৰম কৰি ৯.৫০ লাখতকৈ অধিক নতুন চাকৰিৰ সৃষ্টিৰে বিকাশৰ নিদৰ্শন দাঙি কৰি খাদী শিল্পৰ সৈতে জঢ়িত লোকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে।তেওঁ লগতে কয় যে এই সফলতাৰ কাৰন হিচাপে “মোডী কি গেৰাণ্টী”,ৰ কথা উল্লেখ কৰিব পাৰি যিয়ে তেওঁলোকৰ মংগলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰেকেভিআইচিৰ অধ্যক্ষ শ্ৰী মনোজ কুমাৰে কয় যে কেভিআই খণ্ডৰ লক্ষ্য হৈছে গ্ৰাম্য অঞ্চলৰ পৰম্পৰাগত উদ্যোগসমূহ ৰক্ষা কৰা আৰু জনজাতি, পাহাৰীয়া অঞ্চল, বিশেষকৈ অনুসূচিত জাতি আৰু মহিলাকে ধৰি দৰিদ্ৰ শিপিনীসকলৰ জীৱিকা উন্নত কৰাবিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত অভিযান”ৰ সৈতে সংগতি ৰাখি জনসাধাৰণৰ সবলীকৰণ ,খাদীৰ সৈতে জঢ়িত লোক সকলৰ মংগলৰ বাবে চৰকাৰৰ দৃঢ় নিষ্ঠাৰ সৈতে সংগতি ৰাখি বৃদ্ধি পোৱা জীৱিকা আৰু নিয়োগৰ জৰিয়তে এই শিল্পীসকলে এক উল্লেখযোগ্য পৰিৱৰ্তন অনুভৱ কৰিছে। তেওঁ আৰু কয় যে, কেভিআইচিৰ উন্নয়নক আগুৱাই নিয়াৰ পথপ্ৰদৰ্শক হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক লৈ খাদী ‘হৈ পৰিছে ‘আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতীক।

অসমৰ দুৰ্গম অঞ্চলতো বহনক্ষম কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ দৃষ্টিভংগীৰ ওপৰত কেভিআইচিয়ে অহৰহ কাম কৰি আহিছে। অসমত কেভিআইচিয়ে, এই লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ১৫.৩৬ কোটি টকাৰ উৎপাদন,২০.১৭ কোটি টকাৰ বিক্ৰী আৰু ১০,০১০ গৰাকী শিল্পীক কৰ্মসংস্থাপন প্ৰদান কৰি ২০২২-২৩ বৰ্ষত অসমৰ খাদী প্ৰতিষ্ঠানসমূহে উল্লেখযোগ্য বিকাশ লাভ কৰিবলৈ সক্ষম হৈছিল।

কেভিআইচিৰ অধ্যক্ষ শ্ৰী মনোজ কুমাৰে উল্লেখ কৰে যে, পিএমইজিপিৰ অধীনত ২০০১ গৰাকী হিতাধিকাৰীক ৫৩.১৫ কোটি টকাৰ মাৰ্জিন মানি বিতৰণৰ জৰিয়তে এই বিত্তীয় বৰ্ষত আজিলৈকে অসমত ১৬০০৮ টা কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা হৈছে।

আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেভিআইচিয়ে স্বাৱলম্বী কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি ভাৰতীয় অৰ্থনীতিলৈ সক্ৰিয়ভাৱে অৱদান আগবঢ়াইছে।

সামৰণি ভাষণত তেওঁ আলোকপাত কৰে যে, খাদীৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী কাপোৰৰ পৰিসৰৰ বহু ওপৰলৈকে বিস্তৃত, তেওঁ স্থানীয় শিপিনী আৰু উদ্যোগীসকলৰ বাবে আত্মনিৰ্ভৰশীলতাৰ ভৱিষ্যতৰ সপোন ৰচিছে।

পিএমইজিপি, এমএমডিএ, কেআৰডিপি, ৱৰ্ক-শ্বেড আদিৰ দৰে পদক্ষেপৰ জৰিয়তে খাদীয়ে কেৱল সমৃদ্ধিশালী হোৱাই নহয়, যথেষ্ট নিয়োগ আৰু অৰ্থনৈতিক সবলীকৰণৰ সাক্ষী হৈছে।

খাদিক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ বাবে কেভিআইচিৰ দায়বদ্ধতাই নিশ্চিত কৰে যে, জাতীয় গৌৰৱৰ এই প্ৰতীক আগন্তুক প্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যত হিচাপে গুঠা থাকিব।

এই উপলক্ষে তেওঁ ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বিউটিচিয়ান পাঠ্যক্ৰম, ৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী থকাধূপকথি প্ৰস্তুত পাঠ্যক্ৰম, ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কম্পিউটাৰ পাঠ্যক্ৰম আৰু ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা মৌপালন পাঠ্যক্ৰমৰ দৰে কেইবাটাও প্ৰশিক্ষণ পাঠ্যক্ৰমো মুকলি কৰে খদীৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ প্নিদৰ্শন হিচাপে এই অনুষ্ঠানত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কেভিআইচিৰ বিষয়া, চৰকাৰী বিষয়াসকল আৰু শিল্পীসকল উপস্থিত থাকে।

,

Leave a Reply

Your email address will not be published. Required fields are marked *