• Sun. Sep 20th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ঔষধ এডভান্সড পাৰ্কিনছন ৰোগত ডিপ ব্ৰেইন ষ্টিমুলেচনৰ ভূমিকা

ByNaba Barta

Sep 20, 2026
Oplus_131072
Spread the love

: এডভান্সড পাৰ্কিনছন ৰোগত ডিপ ব্ৰেইন ষ্টিমুলেচনৰ ভূমিকা

নৱবার্তা গুৱাহাটী:: সমগ্ৰ বিশ্বতে পাৰ্কিনছন ৰোগত আক্ৰান্ত হৈ আছে প্ৰায় ১০ নিযুত লোক । ই এক স্নায়ুজনিত বিকাৰ, যি লাহে লাহে বাঢ়ি আক্ৰান্ত ব্যক্তিৰ চলা ফুৰাৰ ক্ষমতা আৰু জীৱনযাত্ৰাৰ মান প্ৰভাৱিত কৰে । ঔষধেই চিকিৎসাৰ প্ৰাথমিক উপায় যদিও এডভান্সড পাৰ্কিনছন ৰোগত আক্ৰান্ত বহু ৰোগীয়ে অৱশেষত লক্ষণসমূহ আৰু ঔষধৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়াৰ সৈতেও যুঁজিবলগীয়া হয় । গুৱাহাটীত আজি অনুষ্ঠিত এই ৰোগ বিষয়ক এক সংবাদমেলত ভাষণ দি বেংগালুৰুৰ অ’ল্ড এয়াৰপোৰ্ট ৰোডস্থিত মণিপাল হাস্পতাল (মূল শাখা)ৰ নিউৰোছাৰ্জাৰীৰ পৰামৰ্শদাতা ডাঃ সাত্বিক আৰ শ্বেট্টীয়ে কেনেদৰে ডিপ ব্ৰেইন ষ্টিমুলেচনে (ডি বি এছ)এনে ৰোগীক পুনৰ উন্নতভাৱে চলা-ফুৰা কৰা, ঔষধৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু তেওঁলোকৰ সামগ্ৰিক জীৱনৰ মান উন্নত কৰাত সহায় কৰি আছে সেই বিষয়ে বৰ্ণনা কৰে।

ডাঃ সাত্বিকে কয়, “ডি বি এছে পাৰ্কিনছন ৰোগ নিৰাময় নকৰে, কিন্তু ই কঁপনি, জঠৰতা, চলা-ফুৰা লেহেমীয়া হোৱা আদি লক্ষণসমূহ হ্ৰাস কৰি ৰোগীৰ জীৱনৰ মান উল্লেখযোগ্যভাৱে উন্নত কৰিব পাৰে । তদুপৰি ই বহু ৰোগীক ঔষধৰ মাত্ৰা হ্ৰাস কৰাতো সহায় কৰে, যাৰ ফলত ঔষধৰ পাৰ্শ্বক্ৰিয়া কম হয় ।”

তেওঁ কয় যে এই পদ্ধতিত মগজুৰ নিৰ্দিষ্ট অংশত সূক্ষ্ম ইলেক্ট্ৰ’ড স্থাপন কৰা হয়, যাক বুকুৰ ছালৰ তলত ৰখা বেটাৰী চালিত পালছ জেনেৰেটৰৰ সৈতে সংযুক্ত কৰা হয় । এই ব্যৱস্থাই ড’পামিনৰ অভাৱৰ ফলত হোৱা মগজুৰ অস্বাভাৱিক সংকেত নিয়ন্ত্ৰণ কৰিবলৈ অবিৰত বৈদ্যুতিক উদ্দীপনা প্ৰদান কৰে, যাৰ ফলত গতি মসৃণ আৰু অধিক নিয়ন্ত্ৰিত হয়। অহা কেইসপ্তাহমানৰ ভিতৰত স্নায়ু বিশেষজ্ঞই অ’পিডিত প্ৰগ্ৰেমিং এডজাষ্টমেণ্ট কৰিব, য’ত উদ্দীপনাৰ পৰিমাপ নিৰ্ধাৰণ কৰাটোও অন্তৰ্ভুক্ত হ’ব। ক্ৰমান্বয়ে উদ্দীপনা পৰিমাপ বৃদ্ধি আৰু ঔষধ হ্ৰাসে ৰোগীক সৰ্বোত্তম ফলাফল লাভ কৰাত সহায় কৰিব।

ডাঃ সাত্বিকে পুনৰ দৃঢ়তাৰে কয় যে ৰোগীৰ নিৰ্বাচনেই সফল ফলাফলৰ চাবিকাঠি। তেওঁ উল্লেখ কৰামতে পাৰ্কিনছন ৰোগত আক্ৰান্ত হৈ কমেও পাঁচ বছৰ ধৰি জীয়াই থকা ব্যক্তিৰ ক্ষেত্ৰত সাধাৰণতে ডি বি এছ বিবেচনা কৰা হয় । যিসকল ৰোগীৰ ক্ষেত্ৰত ঔষধে সঠিকভাৱে কাম কৰা দেখা যায়, তেওঁলোকক সঘনাই ঔষধ সেৱনৰ মাত্ৰা বৃদ্ধিৰ প্ৰয়োজন হ’ব পাৰে যিয়ে অক্ষম ডিস্কিনেছিয়াৰ সৃষ্টি কৰিব পাৰে । ঔষধৰ মাত্ৰা বৃদ্ধিৰ পাৰ্শ্বক্ৰিয়াৰ ভিতৰত এয়া অন্যতম। ডিবি এছ অস্ত্ৰোপচাৰৰ পিছত এইসকল ৰোগীৰ ফলাফল ভাল হোৱা দেখা যায়।

ডাঃ সাত্বিকে কয় – “যিহেতু, আমাৰ অস্ত্ৰোপচাৰৰ পূৰ্বে মূল্যায়ন আৰু নিৰ্বাচনৰ মাপকাঠী কঠোৰ, গতিকে এই পদ্ধতি ব্যৱহাৰ কৰা প্ৰায় সকলো ৰোগীৰে ফলাফল ভাল হৈছে।” তেওঁ লগতে কয়, “অস্ত্ৰোপচাৰৰ পূৰ্বে স্নায়ু বিশেষজ্ঞ,নিউৰোছাৰ্জন, মনোৰোগ বিশেষজ্ঞ, নিউৰোৰেডিঅ’লজিষ্ট আৰু এনাস্থেটিষ্টৰে গঠিত এটা দলে বিশদ মূল্যায়ন কৰে।অস্ত্ৰোপচাৰৰ পিছত ৰোগীগৰাকীক নিউৰোছাৰ্জন আৰু স্নায়ু বিশেষজ্ঞই তদাৰক কৰে। বেছিভাগ ৰোগীকে ৫ দিনৰ ভিতৰত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।”

অধিবেশনৰ সামৰণি পৰে এক পাৰস্পৰিক আলোচনাৰে, য’ত সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে ডাঃ সাত্বিকৰ সৈতে ডিবিএছ প্ৰযুক্তিৰ শেহতীয়া উন্নতি, দীৰ্ঘম্যাদী ফলাফল, আৰু বিশেষ গতিবিধিৰ বিসংগতিৰ দললৈ সময়মতে প্ৰেৰণ কৰাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে। এই ধৰণৰ পদক্ষেপৰ জৰিয়তে মণিপাল হাস্পতাল অ’ল্ড এয়াৰপোৰ্ট ৰোড (মূল শাখা), বেংগালুৰুৱে উন্নত স্নায়ুজনিত যত্নৰ প্ৰতি সজাগতা বৃদ্ধি কৰি আছে আৰু ৰোগীসকলক চিকিৎসাৰ বিকল্পসমূহ অন্বেষণ কৰিবলৈ সক্ষম কৰি তুলিছে যিয়ে তেওঁলোকক অধিক স্বাধীন আৰু পৰিপূৰ্ণ জীৱন যাপন কৰাত সহায় কৰিব পাৰে।

    

Leave a Reply

Your email address will not be published. Required fields are marked *