• Wed. Sep 9th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মেঘালয়ৰ শ্বিলঙত প্ৰথমটো কেন্দ্ৰ মুকলি আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেডৰ(এইএছএল)

ByNaba Barta

Aug 2, 2026
Spread the love

কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ শৈক্ষিক সমৰ্থন শক্তিশালী কৰাৰ বাবে আছাম ৰাইফলছৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

● উত্তৰ-পূৰ্বাঞ্চলৰ ১০ সংখ্যক আকাশ ইনষ্টিটিউট হ’ব শ্বিলং।

● নতুন কেন্দ্ৰটোত ইঞ্জিনিয়াৰিং আৰু মেডিকেল প্ৰৱেশ পৰীক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব।

● কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াললৈ বৃত্তি, মাচুল সুৰক্ষা আৰু মেণ্টৰিং সহায়ৰ বাবে আছাম ৰাইফলছৰ সৈতে বুজাবুজি চুক্তি।

নৱবাৰ্তা শ্বিলং: ভাৰতৰ আগশাৰীৰ পৰীক্ষা প্ৰস্তুতি আৰু শিক্ষা সেৱা সংস্থা আকাশ এডুকেশ্যনেল চাৰ্ভিচেছ লিমিটেডে (এইএছএল)আজি শ্বিলঙত অনুষ্ঠিত এখন সংবাদমেলত দুটা উল্লেখযোগ্য পদক্ষেপৰ বিষয়ে ঘোষণা কৰে। এ ই এছ এলে আনুষ্ঠানিকভাৱে শ্বিলঙক ভিত্তি কৰি মেঘালয় ৰাজ্যত প্ৰথমটো কেন্দ্ৰ মুকলি কৰে আৰু আছাম ৰাইফলছৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি বহিনীটোৰ সমগ্ৰ দেশৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াললৈ বৃত্তি, মেণ্টৰিং আৰু অন্যান্য শৈক্ষিক সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে।

শ্বিলঙত এ ই এছ এলৰ নতুন কেন্দ্ৰটো হোল্ডিং নং ৩৮৩, ডন বস্কো স্কোৱাৰ, আপলেণ্ড ৰোড, ছেইণ্ট মাৰ্গাৰেটছ এইচ.এছ. স্কুলৰ বিপৰীতে নংকিনৰিহ, লাইটুমখ্ৰাহত স্থাপনৰ জৰিয়তে উত্তৰ-পূবত প্ৰশিক্ষন কেন্দ্ৰৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক সম্প্ৰসাৰনেৰে ৰাজ্যখনত প্ৰতিষ্ঠানটোৰ প্ৰথম বাস্তৱিক প্ৰৱেশ ঘটিল। ৭০০০ বৰ্গফুট এলেকাত বিস্তৃত এই নতুন কেন্দ্ৰটোত ৩০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বাবে ছটা শ্ৰেণীকোঠা আছে।

ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলত আগৰতলা (ত্ৰিপুৰা), ডিমাপুৰ (নাগালেণ্ড), ইম্ফল (মণিপুৰ) আৰু গুৱাহাটী, কামৰূপ, নগাঁও, শিলচৰ, যোৰহাট আৰু ডিব্ৰুগড় (অসম)ত এ ই এছ এলৰ ৯টা কেন্দ্ৰ আছে।

এই মুকলিৰ জৰিয়তে শ্বিলং আৰু মেঘালয়ৰ বিস্তৃত অঞ্চলৰ অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাবে উচ্চাকাংক্ষী ছাত্ৰ-ছাত্ৰীসকলে অন্য চহৰলৈ নোযোৱাকৈয়ে NEET, IIT-JEE আৰু অন্যান্য চিকিৎসা আৰু অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ বাবে ‘আকাশ’ৰ প্ৰশিক্ষণ লাভ কৰিব পাৰিব আৰু ঘৰৰ ওচৰতে উচ্চমানৰ, গাঁথনিগত পৰীক্ষাৰ প্ৰস্তুতিৰ সুবিধা লাভ কৰিব পাৰিব।

এ ই এছ এলে আছাম ৰাইফলছৰ সৈতে দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ কথাও ঘোষণা কৰে,যিয়ে সমগ্ৰ অঞ্চলটোত এক গাঁথনিগত শৈক্ষিক কল্যাণ কাঠামো স্থাপন কৰি আছাম ৰাইফলছৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে নিৰ্দিষ্ট বৃত্তি কাৰ্যসূচী, মাচুল ৰেহাই, আৰু নিষ্ঠাবান শৈক্ষিক সহায় আগবঢ়াব।

কল্যাণমূলক কাৰ্যসূচীত অৰ্ধসামৰিক বাহিনীৰ বাবে সৰ্বাধিক সুলভতা বৃদ্ধিৰ বাবে স্তৰযুক্ত মাচুল ৰেহাইৰ গাঁথনিৰ বৈশিষ্ট্য আছে। বুজাবুজি চুক্তিখনৰ কিছুমান মূল বৈশিষ্ট্য হ’ল-

● হাৰ্নেছত মৃত্যু হোৱা কৰ্মচাৰীসকলে ১০০ শতাংশ পাঠ্যক্ৰম মাচুল ৰেহাই লাভ কৰিব (কেৱল পঞ্জীয়ন আৰু নামভৰ্তি মাচুলৰ প্ৰয়োজন)।

● ২০ শতাংশতকৈ অধিক অক্ষমতা থকা আৰু সাহসিকতাৰ বঁটাপ্ৰাপ্ত কৰ্মচাৰীসকলে ৯০ শতাংশ টিউচন মাচুল ৰেহাইৰ বাবে যোগ্যতা অৰ্জন কৰিব।

● ২০%তকৈ কম অক্ষমতা থকা কৰ্মচাৰীসকলে টিউচন মাচুলৰ ক্ষেত্ৰত ৫০% ৰেহাই পাব।

● আছাম ৰাইফলছ পাব্লিক স্কুলৰ কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালকৈ সেৱা আগবঢ়োৱা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ৩০ শতাংশ পৰ্যন্ত টিউচন মাচুল হ্ৰাসৰ সুবিধা লাভ কৰিব।

ইয়াৰ পূৰ্বেও ভাৰতীয় সেনা, চি আৰ পি এফ, বি এছ এফ আৰু আই টি বি পিৰ সৈতে একেধৰণৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।

এই উপলক্ষে আকাশ এডুকেশ্যনেল চাৰ্ভিচেছ লিমিটেডৰ এমডি আৰু চিইঅ’ চন্দ্ৰ শেখৰ গাৰিছা ৰেড্ডীয়ে কয়-“মেঘালয়ত আমাৰ প্ৰথমটো কেন্দ্ৰ মুকলি কৰাটো অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুণগত পৰীক্ষাৰ প্ৰস্তুতি সহজে উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।আকাশত আমি শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰোঁ, যাৰ অৰ্থ হৈছে শিক্ষাৰ্থী সকল য’তেই নাথাকক কিয়,তেওঁলোকৰ ওচৰত পাঠ্যক্ৰম আৰু শিক্ষাৰ সুবিধা উপলব্ধ হোৱাটো নিশ্চিত কৰা। আমাৰ ক্ষেত্ৰত পাৰ্থক্যটো হৈছে এয়েই যে, কেৱল পাঠ্যক্ৰমৰ বিষয়বস্তুৰ মানদণ্ডই নহয় ইয়াক সঠিক ভাবে আগবঢ়াই নিয়াটোও গুৰুত্বপূৰ্ণ,যিয়ে অনলাইন আৰু অফলাইন পদ্ধতিৰ মাজত সঠিক ভাৰসাম্যক প্ৰতিনিধিত্ব কৰে।শিক্ষাৰ্থী সকলৰ বাবে তেওঁলোকৰ নিজৰ ঠাইত এটা প্ৰত্যক্ষ কেন্দ্ৰ থকাৰ আটাইতকৈ ডাঙৰ লাভ এয়েই যে তেওঁলোকৰ দুৱাৰদলিত এতিয়া বিশ্বমানৰ প্ৰশিক্ষণ উপলব্ধ আৰু কোচিঙৰ বাবে তেওঁলোকে এতিয়া দুৰ দুৰণিলৈ যাব নালাগে।
আমি আছাম ৰাইফলছৰ সৈতে হোৱা বুজাবুজি চুক্তিৰ বিষয়ে আপোনালোকক অৱগত কৰিও আনন্দিত হৈছো। যিসকলে দেশৰ বাবে সেৱা আগবঢ়ায় তেওঁলোক নিজৰ পৰিয়ালৰ বিকাশ আৰু সফলতা লাভৰ বাবে সকলো সম্ভৱপৰ সুযোগৰ যোগ্য। এই সহযোগিতাৰ জৰিয়তে আমি প্ৰতিৰক্ষা বিভাগৰ পৰিয়ালসমূহৰ বাবে মানসম্পন্ন শৈক্ষিক সহায়ক অধিক সুলভ কৰি তুলিবলৈ আৰু তেওঁলোকৰ শৈক্ষিক আকাংক্ষাত তেওঁলোকৰ কাষত থিয় হবলৈ আশা কৰিছো। এয়া আমাৰ সশস্ত্ৰ বাহিনীক সমৰ্থন কৰা বৃহত্তৰ পৰিৱেশ তন্ত্ৰলৈ অৰিহণা যোগোৱাৰ এক সৰু কিন্তু অৰ্থপূৰ্ণ উপায়।”

আৰ্থিক ৰেহাইৰ বাহিৰেও, এ ই এছ এলে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত চৰকাৰী বদলিৰ দ্বাৰা প্ৰভাৱিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেশজোৰা কেৰিয়াৰ আলোচনা চক্ৰ, নিবেদিত প্ৰশ্ন সমাধান চেনেল, আৰু নিশ্চিত আন্তঃআঞ্চলিক মাচুল সুৰক্ষাৰ জৰিয়তে সম্পূৰ্ণ শৈক্ষিক সহায় আগবঢ়াব।

আকাশ এডুকেচনেল চাৰ্ভিচেছ লিমিটেড (এইএছএল)ৰ বিষয়ে

আকাশ এডুকেশ্যনেল চাৰ্ভিচেছ লিমিটেড (এ ই এছ এল) হৈছে এন টি এছ ই আৰু অলিম্পিয়াডৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে হাই-ষ্টেক মেডিকেল (এন ই টি) আৰু ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষা (জে ই ই)ৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে বিস্তৃত প্ৰস্তুতি সেৱাত বিশেষজ্ঞ ভাৰতৰ আগশাৰীৰ পৰীক্ষা প্ৰস্তুতিমূলক প্ৰতিষ্ঠান। বৰ্তমান নামভৰ্তি কৰা ৪ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে এ ই এছ এলৰ ৪১৫+ কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ভাৰতত নেটৱৰ্ক আছে আৰু যোৱা ৩৭ বছৰত বজাৰত এক শক্তিশালী স্থান আৰু ব্ৰেণ্ড মূল্য গঢ়ি তুলিছে। এ ই এছ এল মণিপাল এডুকেচন এণ্ড মেডিকেল গ্ৰুপ (এম ই এম জি)ৰ অংশ, যিটো শিক্ষা, স্বাস্থ্যসেৱা, আৰু স্বাস্থ্য বীমাৰ ক্ষেত্ৰত বৈচিত্ৰময় উপস্থিতি থকা এটা অগ্ৰণী ভাৰতীয় সংঘবদ্ধ সংস্থা।

Leave a Reply

Your email address will not be published. Required fields are marked *