• Mon. Jul 27th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ইণ্ডাছ টাৱাৰ্ছে উত্তৰ-পূৰ্বাঞ্চলত বান সাহায্যৰ অভিযান সম্প্ৰসাৰণ কৰিলে, অসমত 1,100 পৰিয়াললৈ সহায়ৰ হাত

ByNaba Barta

Jul 27, 2026
Spread the love


নৱবার্তা, অসম: অসমত ভয়াৱহ বানপানীয়ে বিভিন্ন অঞ্চলৰ জনজীৱনত গভীৰ প্ৰভাৱ পেলাই থকাৰ সময়তে, বিশ্বৰ অন্যতম বৃহৎ দূৰসংযোগ (টেলিকম) আন্তঃগাঁথনি কোম্পানী ইণ্ডাছ টাৱাৰ্ছ-এ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰায় 1,100 টা বানাক্ৰান্ত পৰিয়াললৈ সহায় আগবঢ়াইছে।
এই সাহায্য বিতৰণ কোম্পানীটোৰ মুখ্য কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচী ‘প্ৰগতি’ৰ অধীনত সোণাৰি আৰু টীয়কৰ কেন্দ্ৰসমূহত সম্পন্ন কৰা হয়। এই পদক্ষেপৰ জৰিয়তে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক খাদ্য, স্বাস্থ্যসেৱা আৰু পৰিচ্ছন্নতাৰ প্ৰয়োজন পূৰণৰ উদ্দেশ্যে বিস্তৃত সহায় সামগ্ৰী প্ৰদান কৰা হয়। এই কিটসমূহত শুকান খাদ্যসামগ্ৰী, ৱাছ (পানী, পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি) সামগ্ৰী, চিকিৎসা সামগ্ৰী, লগতে গৰ্ভৱতী মহিলা, নতুন মাতৃ আৰু ছয় মাহৰ পৰা দুবছৰ বয়সীয়া শিশুৰ বাবে বিশেষভাৱে প্ৰস্তুত সামগ্ৰীৰ টোপোলা অন্তৰ্ভুক্ত আছিল।
ই পদক্ষেপ সন্দৰ্ভত ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ নেছা (এনইএচএ) চাৰ্কলৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ৰাজেন্দৰ গুৰুং-এ কয়,
“অসমৰ এই বৃহৎ বান পৰিস্থিতিয়ে হাজাৰ হাজাৰ পৰিয়ালৰ বাবে অসীম প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু খাদ্য, স্বাস্থ্যসেৱা তথা অন্যান্য মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰ প্ৰাপ্তিত বিঘিনি ঘটাইছে। ইণ্ডাছ টাৱাৰ্ছত আমি সদায় দুৰ্যোগৰ সময়ত সমাজৰ কাষত থকাৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ। উত্তৰ-পূৰ্বাঞ্চলৰ যিসমূহ সম্প্ৰদায়ক আমি সেৱা আগবঢ়াওঁ, তেওঁলোকৰ পুনৰুদ্ধাৰ আৰু সামাজিক স্থিতি শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।”
সাহায্য বিতৰণ কাৰ্যসূচীৰ সময়ত ইণ্ডাছ টাৱাৰ্ছৰ কৰ্মচাৰীসকলে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰে আৰু সময়মতে সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কোম্পানীটোৰ অংগীকাৰ পুনৰ দৃঢ় কৰে।
ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ বানাক্ৰান্ত অঞ্চলসমূহত কোম্পানীটোৱে গ্ৰহণ কৰা সাহায্যমূলক পদক্ষেপেও উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সম্প্ৰদায়ক সহায় কৰাৰ ক্ষেত্ৰত ইয়াৰ অব্যাহত প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটায়।
কোম্পানীটোৱে ইয়াৰ ‘প্ৰগতি’ চি এছ আৰ কাৰ্যসূচীৰ জৰিয়তে স্থানীয় অংশীদাৰ আৰু সম্প্ৰদায়ভিত্তিক সহযোগীসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি দুৰ্যোগপ্ৰভাৱিত অঞ্চলসমূহত সাহায্য, পুনৰুদ্ধাৰ আৰু স্থিতিস্থাপকতা গঢ়ি তোলাৰ প্ৰচেষ্টা আগবঢ়াই যাব।
এই সাহায্য বিতৰণ কাৰ্যসূচী নৰ্থইষ্ট এফেক্টেড এৰিয়া ডেভেলপমেণ্ট ছ’চাইটিৰ জৰিয়তে ৰূপায়ণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *