• Wed. Sep 9th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

জুলাই মাহত ১৯৬২ মোবাইল পশু চিকিৎসা সেৱাই ৯১,৬৭০টা পশুক চিকিৎসা প্রদান

ByNaba Barta

Aug 7, 2026
Oplus_131072
Spread the love

বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউ জিলাত জৰুৰী পশু চিকিৎসা সেৱা অধিক শক্তিশালী কৰিলে ই এম আৰ আই গ্রীণ হেল্থ ছার্ভিচেছ-

‘নৱবাৰ্তা গুৱাহাটী : অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত ই এম আৰ আই গ্রীণ হেল্থ ছার্ভিচেছৰ দ্বাৰা পৰিচালিত ১৯৬২ মোবাইল পশু চিকিৎসা সেৱাই ৰাজ্যজুৰি দুৱাৰমুখীয়া পশু চিকিৎসা সেৱা আগবঢ়াই আহিছে। ২০২৬ চনৰ জুলাই মাহত এই সেৱাৰ জৰিয়তে মুঠ ৯১,৬৭০টা পশুক চিকিৎসা আৰু স্বাস্থ্যসেৱা প্ৰদান কৰা হয়। বৃহস্পতিবাৰে গুৱাহাটীৰ লখৰাস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰি কৰে
ই এম আৰ আই গ্রীণ হেল্থ ছার্ভিচেছ-ডাঃ কাব্যজ্যোতি বৰাই। তেওঁ লগতে কয়-
চিকিৎসা লাভ কৰা পশুৰ ভিতৰত ৬৫,৮১২টা গৰু, ১৯,৭৬১টা ছাগলী, ৩,৮৭৫টা গাহৰি, ১,৪৩১টা হাঁহ-কুকুৰা, ৪৬৬টা ম’হ, ২৪৬টা ভেড়া আৰু ৭৯টা অন্যান্য পশু অন্তর্ভুক্ত। ৰাজ্যৰ দূৰ-দূৰণিৰ অঞ্চলসমূহতো এই সেৱাই সফলভাৱে পশু চিকিৎসা প্রদান কৰি পশুপালকসকলৰ আস্থা অর্জন কৰি আহিছে।
জুলাই মাহত হোৱা ভয়াৱহ বানপানীয়ে বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত পশুধনৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। এই পৰিস্থিতিৰ প্ৰতি তৎক্ষণাত সঁহাৰি জনাই ই এম আৰ আই গ্রীণ হেল্থ ছার্ভিচেছ-এ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সৈতে সমন্বয় সাধন কৰি বানপীড়িত অঞ্চলসমূহত অতিৰিক্ত মোবাইল ভেটেৰিনাৰী ইউনিট (MVU) মোতায়েন কৰে।

শিৱসাগৰ জিলাত, পূৰ্বৰ ৪টা MVU-ৰ উপৰিও কাৰ্বি আংলং আৰু কামৰূপ (মেট্র’) জিলাৰ পৰা অতিৰিক্ত ২টা MVU মোতায়েন কৰা হৈছে। ফলস্বৰূপে স্বৰূপে বৰ্তমান মুঠ ৬টা MVU-এ প্রতিদিনে বানপীড়িত অঞ্চলসমূহত পশু চিকিৎসা, ঔষধ বিতৰণ, ৰোগ প্ৰতিৰোধমূলক ব্যৱস্থা আৰু অন্যান্য প্রয়োজনীয় পশু স্বাস্থ্যসেৱা আগবঢ়াই আছে।

একেদৰে, চৰাইদেউ জিলাত, নিয়মীয়াভাৱে কাৰ্যৰত ২টা MVU-ৰ লগতে ডিব্ৰুগড় জিলাৰ পৰা অতিৰিক্ত ২টা MVU মোতায়েন কৰা হৈছে। ইয়াৰ ফলত বৰ্তমান মুঠ ৪টা MVU-এ প্রতিদিনে বানপীড়িত পশুধনৰ চিকিৎসা আৰু প্ৰয়োজনীয় স্বাস্থ্যসেৱা প্ৰদান কৰি আছে।

এই সন্দৰ্ভত EMRI গ্রীণ হেল্থ ছার্ভিচেছৰ ব্যৱস্থাপনাই কয়-

“প্রাকৃতিক দুর্যোগে কেৱল মানুহৰ জীৱনতেই নহয়, গ্ৰাম্য অর্থনীতিৰ মূল ভেটি পশুধনৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়। এনে সংকটকালত আমাৰ মোবাইল পশু চিকিৎসা দলসমূহে নিৰৱচ্ছিন্নভাৱে ক্ষেত্ৰত উপস্থিত থাকি পশুধনক সময়মতে চিকিৎসা আৰু প্ৰয়োজনীয় স্বাস্থ্যসেৱা আগবঢ়াইছে। অসম চৰকাৰৰ সৈতে সমন্বয় ৰাখি ৰাজ্যৰ পশুধন সুৰক্ষা আৰু পশুপালকসকলৰ সহায়ত আমি আগন্তুক দিনতো একেই নিষ্ঠাৰে কাম কৰি যাম।”

১৯৬২ মোবাইল পশু চিকিৎসা সেৱাই ৰাজ্যজুৰি দুৱাৰমুখীয়া পশু চিকিৎসা, ৰোগ নিৰ্ণয়, ঔষধ প্রদান, টীকাকৰণ, কৃমিনাশক প্রয়োগ, জৰুৰী চিকিৎসা আৰু পশুপালকসকলক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াই আহিছে। বিশেষকৈ বানপানীৰ দৰে দুৰ্যোগৰ সময়ত এই সেৱাই পশুধন ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

ইএমআৰআই গ্ৰীণ হেল্থ চাৰ্ভিচেছ অসমত ১৯৬২ মোবাইল পশু চিকিৎসা সেৱাৰ পৰিচালক ।’

Leave a Reply

Your email address will not be published. Required fields are marked *