• Tue. Jun 23rd, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তাক অৱমাননাৰ অভিযোগ

ByNaba Barta

Jun 21, 2026
Spread the love

নৱবার্তা গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তাক অৱমাননাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ‍্য,ৰাজ্যৰ ৰাজনীতিত মন্ত্ৰীসকলৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কসকলৰ নিযুক্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কঠোৰ বাৰ্তা প্ৰেৰণ কৰাই নহয়, অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ জৰিয়তে এক নিৰ্দেশনাও জাৰি কৰা হৈছিল।
সেই নিৰ্দেশনাত মুখ্য সচিব ৰবি কোটাই জনাইছিল যে, এতিয়াৰে পৰা ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক আৰু মন্ত্ৰী কাৰ্যালয়ৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত ৪টা নিয়ম পালন কৰিব লাগিব। PARL.798568/1 নম্বৰ এক্সিউকিটিভ অৰ্ডাৰ যোগে কোৱা হৈছিল, নিয়মীয়া চৰকাৰী বিষয়াকে মন্ত্ৰীসকলে ব্যক্তিগত সহায়ক হিচাপে নিয়োগ কৰিব পাৰিব।
যদি তেনে ব্যক্তিগত ষ্ট্ৰাফ নিযুক্তিত চৰকাৰী কৰ্মচাৰীৰ বিপৰীতে আন লোকক নিযুক্তি দিয়া হয়, তেনেহ’লে মুখ্যমন্ত্ৰীৰ অনুমোদন ল’ব লাগিব। কোনো বেচৰকাৰী মানুহ যাতে এনে পদবীত নিযুক্তি বা দায়িত্ব দিয়া নহয়, সেয়া নিশ্চিত কৰিব লাগিব।
এই নিৰ্দেশটোৰ ৪ নম্বৰত কোৱা হৈছিল, মন্ত্ৰীৰ সৈতে ব্যক্তিগত ষ্ট্ৰাফ ৰূপে নিযুক্ত কোনো বিষয়াই মন্ত্ৰীৰ সন্মতিৰ অবিহনে কাকো কোনো লিখিত বা মৌখিক নিৰ্দেশ দিব নোৱাৰিব।
একাংশ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়কৰ দুৰ্নীতি অনিয়মৰ কাহিনী পোহৰলৈ অহাৰ পাছত এই কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি কেবিনেট মন্ত্ৰী অজন্তা নেওগ, নৱ নিযুক্ত মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে আন কেইবাজনো মন্ত্ৰী তথা বিধায়কৰ ব্যক্তিগত সচিবৰ দুৰ্নীতিৰ অধ্যায় ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাণত পৰিছে। বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত চন্দ্ৰমোহন পাটোৱাৰী বনমন্ত্ৰী হিচাপে দায়িত্বত থাকোঁতে তেওঁৰ ব্যক্তিগত সচিবে অবাধ সম্পত্তি গঢ়িছিল। শেহতীয়াকৈ মন্ত্ৰী অজন্তা নেওগৰ ব্যক্তিগত সচিব বিৰিঞ্চি দাস আৰু হৰিচৰণ ডেকাই দুৰ্নীতিৰ দস্তাবেজ চৰ্চাত আছে। এই তালিকাত নৱ নিযুক্ত মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগত দীৰ্ঘদিনে থকা নীলম জ্যোতি সোণোৱাল আৰু মাধৱ দেৱনাথৰ নাম চৰ্চাত আছে। উল্লেখ্য, পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী গৰাকীৰ সৈতে দীৰ্ঘদিনে থকা ব্যক্তিগত সচিব দুগৰাকীৰ ব্যৱহাৰত সমষ্টিবাসীৰ লগতে বহুত দলীয় কাৰ্যকৰ্তা অসন্তুষ্ট হৈ পৰিছে বুলি তথ্য পোৱা গৈছে। উল্লেখ‍্য, ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক আৰু মন্ত্ৰী কাৰ্যালয়ৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত কেবিনেট মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *