নৱবাৰ্তা গুৱাহাটীঃ অসমীয়া চলচ্ছিত্ৰ জগতৰ বিকাশ, স্বীকৃতি আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সৰ্ববৃহৎ সন্মান ‘প্ৰাগ চিনে এৱাৰ্ডছ’ প্ৰতিবছৰৰ দৰে এইবাৰো অহা ৫ জুলাইত গুৱাহাটীৰ খানাপাৰাত থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷ এইবাৰৰ ‘প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬’ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হৈছে৷ অনুষ্ঠানত সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব৷ ‘প্ৰাগ চিনে এৱাৰ্ডছ’ অনুষ্ঠানত চিৰসেউজ শিল্পী দ্বীপেন বৰুৱা আৰু কাশ্মীৰি শইকীয়া বৰুৱাক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব৷ বলীউডত প্ৰতিষ্ঠা লাভ কৰা অসমৰ সুযোগ্য সন্তান অনুৰাগ শইকীয়াক আগবঢ়োৱা হ’ব গ্ল’বেল আইকন বঁটা৷ আনহাতে অভিনেতা কমল লোচনক ইয়ং এচিভাৰ বঁটাৰে সন্মানিত কৰা হ’ব৷ ২০২৫ বৰ্ষত মুক্তিলাভ কৰা ২৫খন ছবিক অন্তৰ্ভুক্ত কৰি এইবাৰ ‘প্ৰাগ চিনে এৱাৰ্ডছ’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ মুঠ ৪১টা শিতানত এইবাৰ বঁটাৰ বাবে জুৰিৰ বিশেষ ব’ৰ্ডে বঁটাপ্ৰাপকসকলক নিৰ্বাচিত কৰিব৷ প্ৰতিযোগিতাত অন্তৰ্ভুক্ত ছবিসমূহৰ ভিতৰত ১৫খন অসমীয়া, এখনকৈ হিন্দী, বাংলা, মটক, তিৱা ভাষাৰ আৰু প্তখন খাচি আৰু ২খন মণিপুৰী ভাষাৰ ছবি আছে৷ আনহাতে এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ মঞ্চত জুবিন গাৰ্গৰ সংগীত শিল্পীসকলে জন্ম দিয়া ‘যন্ত্ৰ’ বেণ্ডৰ বিশেষ অনুষ্ঠানৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বলীউডৰ জনপ্ৰিয় শিল্পী চান আৰু মহালক্ষ্মীয়ে গীত পৰিৱেশন কৰিব৷ সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা বিশেষ অনুষ্ঠানৰ বাবে আগ্ৰহীসকলে প্ৰাগ টাৱাৰ, ৰেডিঅ’ গপছপৰ পৰা বিনামূলীয়া প্ৰৱেশ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব৷ আজি উলুবাৰীৰ প্ৰাগ টাৱাৰত আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি প্ৰাগ নিউজৰ অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণে এই কথা জানিবলৈ দিয়ে৷ সংবাদমেলতে ‘প্ৰাগ চিনে এৱাৰ্ড-২০২৬ৰ ট্ৰফী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ সংবাদমেলত ডাঃ অক্ষতা নাৰায়ণে কয় ‘ বহু বছৰৰ পৰা আমি ‘প্ৰাগ চিনে এৱাৰ্ডছ’ আয়োজন কৰি আহিছো৷ আমি কৈছিলো যে এনেকুৱা এটা সময় আহিব, যেতিয়া আমি ‘প্ৰাগ চিনে এৱাৰ্ডছ’ কৰিম বাহিৰৰ শিল্পীৰ ওপৰত আমি নিৰ্ভৰ কৰিব নাালাগিব৷ আমাৰ শিল্পীৰেই আমি ষ্টেডিয়াম এটা ভৰ্তি কৰিব পাৰিম৷ সেই সপোনটোৰ মূল মানুহজেনই আজি আমাৰ মাজত নাই৷ জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পাছত সৰ্বত্ৰ এতিয়া শোকৰ ছাঁ৷ জুবিন গাৰ্গৰ সৈতে প্ৰাগ পৰিয়ালৰ আছিল অতি ঘনিষ্ঠ সম্পৰ্ক৷ প্ৰাগ পৰিয়ালৰ বাবে জুবিন গাৰ্গ আছিল বন্ধু,অভিভাৱক৷ প্ৰাগ পৰিয়ালৰ প্ৰতিটো অনুষ্ঠানতেই জুবিন গাৰ্গৰ উপস্থিতি আৰু উপদেশে আমাক সাহস দিছিল৷ প্ৰাগ চিনে এৱাৰ্ডছৰ প্ৰতিটো অনুষ্ঠানেই জুবিন গাৰ্গৰ মায়াবী কণ্ঠত জীপাল হৈ পৰিছিল৷ ’ সেয়ে শিল্পীগৰাকীৰ অনুপস্থিতিৰ এই বেদনাদায়ক সময়ত সমাজ-সংস্কৃতি, সকলো ক্ষেত্ৰলৈকে অনন্য বৰঙনিৰে লুইতৰ দুয়োপাৰ উজলাই তোলা এইগৰাকী মহান শিল্পীৰ নামত এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ অনুষ্ঠান উৎসৰ্গা কৰা বুলি ঘোষণা কৰি তেওঁ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ এইবাৰৰ প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬ৰ মঞ্চত বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বুলিও জানিবলৈ দিয়ে৷ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট পৰিচালক ৰাজেশ ভূঞাই ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ লগত জুবিন গাৰ্গৰ সম্পৰ্কৰ কথা সোঁৱৰি কয় ‘হয়তো সময় হোৱা নাছিল জুবিন গাৰ্গক ইমান সোনকালে বিদায় দিয়াৰ৷ সময় হোৱা নাছিল এতিয়াই তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াৰ৷ সময়ক জুবিন গাৰ্গে আটাইতকৈ ভয় কৰিছিল৷ সেই সময়ক আমিও লাহে লাহে ভয় কৰা হৈছো৷ ২০২৫ চনৰ ১৯ ছেপ্তম্বৰৰ পৰা আজিলৈকে এনেকুৱা এটা দিন যোৱা নাই, যিদিনা আমি তেওঁক স্মৰণ কৰা নাই৷ ইয়াৰ মাজতেই এতিয়া ২০২৬ত আকৌ আমি প্ৰাগ চিনে এৱাৰ্ডছ অনুষ্ঠিত কৰিবলৈ লৈছো৷ কাৰণ কিছুমান কাম আমি কৰি যাবই লাগিব৷ জুবিন গাৰ্গৰো অসমীয়া ছবিক লৈ বহুত সপোন আছিল৷ সেই ছবিসমূহক উৎসাহ দিবলৈকে আয়োজন কৰা হয় ‘প্ৰাগ চিনে এৱাৰ্ডছ’৷’ আনহাতে জুবিন গাৰ্গে দেখুৱাই যোৱা পথকে অনুসৰণ কৰি আমি আগবাঢ়ি যাবলৈ ওলাইছো বুলি উল্লেখ কৰি ‘প্ৰাগ চিনে এৱাৰ্ডছ’ অনুষ্ঠানটো সুন্দৰভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত সকলোৰে পৰা সহায়, সহযোগিতা কামনা কৰে৷ সংবাদমেলত উপস্থিত থাকি বিশিষ্ট শিল্পী মনীষা হাজৰিকাই জুবিন নৱপ্ৰজন্মৰ পথ প্ৰদৰ্শক আছিল বুলি মন্তব্য কৰে৷ জুবিন গাৰ্গ আমাৰ মাজত আছে, আছিল আৰু সদায় থাকিব বুলি উল্লেখ কৰি তেওঁৰ স্মৃতিত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ অনুষ্ঠানটো সুন্দৰকৈ আয়োজন কৰিব পাৰিম বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত উপস্থিত থাকি প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক মেঘালী নাৰায়ণেও জুবিন গাৰ্গৰ সোঁৱৰণত আয়োজন কৰা ‘প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬’ৰ সফলতাৰ বাবে সকলোৰে সহায়, সহাযোগ কামনা কৰে৷ ইফালে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ আয়োজনৰ লগত জন্মলগ্নৰে পৰা থকা জ্যেষ্ঠ সংবাদিক প্ৰণয় বৰদলৈয়ে কয় যে, বছৰ হিচাপে প্ৰাগ চিনে এৱাৰ্ডছে ২৩ টা বছৰ অতিক্ৰম কৰিলে৷ এতিয়া ডাঃ অক্ষতা নাৰায়ণৰ নেতৃত্বত এই অনুষ্ঠানটোৱে এক বিশাল আৰু বিস্তৃত দিশত গতি কৰিছে৷ প্ৰাগ চিনে এৱাৰ্ডছ উত্তৰ পূব ভাৰতৰ এক বিশাল চলচ্ছিত্ৰ মহোৎসৱলৈ পৰিণত হৈছে৷ এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছ’ত জুবিন গাৰ্গক স্মৰণ কৰা হ’ব৷ এই অনুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকক৷ ইফালে অনুষ্ঠানত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কোনোধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেই জুবিন গাৰ্গৰ বাবে যছেষ্ট নহয় বুলি উল্লেখ কৰি কয় ‘জুবিন গাৰ্গৰ ব্যক্তিত্ব, বৰঙণি আৰু তেওঁৰ যি মহান আত্মা, সেই আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন জাতিৰ বাবে কেতিয়াও সম্ভৱ ন’হব৷ তৎসত্বেও সকলো ঠাইতে, সকলো অন্তৰে তেওঁক প্ৰতি মূহূৰ্ততে শ্ৰদ্ধাঞ্জলি জনাই আছে৷ প্ৰাগ চিনে এৱাৰ্ডচো এইবাৰ ব্যতিক্ৰম ন’হল৷ প্ৰাগ চিনে এৱাৰ্ডছ আয়োজন কৰিবলৈ গৈ আয়োজকসকলৰ একেবাৰে মন মৰা অৱস্থা হৈছিল৷ অৱশেষত কিছু সমাধান ওলাল৷ প্ৰাগ নিউজৰ অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণে কিছু ধাৰণা দিলে আৰু তেওঁৰ নেতৃত্বতেই এই অনুষ্ঠানটো অগ্ৰসৰ হ’ল আৰু অৱশেষত পূৰ্ণতা প্ৰাপ্তিৰ পথত আগবাঢ়িছে৷ তেওঁ অনুষ্ঠানটোৰ সাফল্যমণ্ডিত হোৱাৰ বাবে সকলোৰে সহাযোগিতা কামনা কৰে৷ উল্লেখযোগ্য যে প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞাই আঁত ধৰা অনুষ্ঠানটোত ‘দৈনিক জনমভূমি’ কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, প্ৰাগ চিনে এৱাৰ্ডছৰ লগত ওতপ্ৰোতভাৱে জড়িত ৰাজেশ শৰ্মা, প্ৰাগ নিউজৰ মহাপ্ৰৱন্ধক চন্দ্ৰশেখৰ শৰ্মাৰ লগতে কেইবাগৰাকীও অভিনেতা, অভিনেত্ৰী আৰু প্ৰাগ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে৷
৫ জুলাইত প্ৰাগ চিনে এৱাৰ্ডছ ২০২৬
