নৱবাৰ্তা গুৱাহাটী : মহিন্দ্ৰা এক্সেলো লিমিটেড আৰু এমএছটিচি লিমিটেড-ৰ যৌথ উদ্যোগ মহিন্দ্ৰা এমএছটিচি ৰিচাইক্লিং প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত তথা ভাৰতৰ প্ৰথমটো সংগঠিত বাহন ৰিচাইক্লিং পদক্ষেপ ‘চিইআৰঅ’’-ই গুৱাহাটীত থকা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং কেন্দ্ৰ(আৰভিএছএফ)ৰ জৰিয়তে অসমৰ বাহন স্ক্ৰেপেজ ব্যৱস্থাটোক ধাৰাবাহিকভাৱে সমৰ্থন আগবঢ়াই আহিছে।
চিইআৰঅ’-ৰ গুৱাহাটী কেন্দ্ৰটো মদনপুৰ টোল প্লাজাৰ সমীপৰ মৌজা-মদাৰতলাৰ অন্তৰ্গত কাটনীপাৰাত অৱস্থিত।
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে বাহন স্ক্ৰেপেজ নীতিৰ অধিসূচনা আৰু ২০২২ চনৰ জুলাই মাহত অসম চৰকাৰে ইয়াক কাৰ্যকৰী কৰাৰ পিছত ২০২২ চনৰ নৱেম্বৰ মাহত চিইআৰ’ই অসমৰ প্ৰথমটো চৰকাৰী অনুমোদিত আৰভিএছএফ স্থাপন কৰে। বছৰি ৩৬,০০০ বাহনলৈকে বিভিন্ন শিতানত পুনঃব্যৱহাৰ কৰাৰ ক্ষমতাৰে এই সুবিধা কেন্দ্ৰ স্থাপন কৰা হৈছে।
মহিন্দ্ৰা এক্সেলো লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুমিত ইছাৰে অসমত চিইআৰঅ’-ৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰি কয় যে, “দায়বদ্ধভাৱে বাহন স্ক্ৰেপ আৰু ৰিচাইক্লিং কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে অসম এখন গুৰুত্বপূৰ্ণ বজাৰ। গুৱাহাটীত থকা চিইআৰঅ’-ৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আৰভিএছএফ-ৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে এক সুৰক্ষিত, স্বচ্ছ আৰু পৰিৱেশ-অনুকূল পদ্ধতিৰে ৰাজপথৰ পৰা ব্যৱহাৰৰ অযোগ্য পুৰণি বাহনসমূহ আঁতৰোৱাৰ বাবে ৰাজ্য চৰকাৰে কৰা প্ৰচেষ্টাক সমৰ্থন কৰা। আমি অসমৰ অংশীদাৰসকলৰ সৈতে মিলি কাম কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ, যাতে এক স্বচ্ছ গতিশীলতা ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব পৰা যায় আৰু নাগৰিক, ব্যৱসায়িক প্ৰতিষ্ঠান তথা পৰিৱেশৰ বাবে বৈজ্ঞানিক বাহন ৰিচাইক্লিঙৰ সুফলসমূহ মুকলি কৰিব পৰা যায়।‘’
ৰাজ্য চৰকাৰে ব্যৱহাৰৰ অযোগ্য হৈ পৰা পুৰণি বাহনসমূহ পৰ্যায়ক্ৰমে আঁতৰোৱাৰ ওপৰত নতুনকৈ গুৰুত্ব আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত, চিইআৰঅ’-ৰ গুৱাহাটী কেন্দ্ৰটোৱে অসমত অধিক সুৰক্ষিত, স্বচ্ছ আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধ বাহন ৰিচাইক্লিঙক সমৰ্থন কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। এই কেন্দ্ৰটোৱে এতিয়ালৈকে ১,৩০০তকৈও অধিক বাহন পুনৰাবৰ্তন কৰিছে আৰু এই অঞ্চলটোত স্ক্ৰেপেজ নীতিৰ সজাগতা আৰু গ্ৰহণযোগ্যতা বৃদ্ধিৰ লগে লগে ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
চিইআৰঅ’-ই গ্ৰাহকসকলক কোনো জঞ্জাল নোহোৱাকৈ বাহন পুনৰাবৰ্তনৰ অভিজ্ঞতা প্ৰদান কৰাৰ লগতে নিজৰ বাহনসমূহৰ বাবে সঠিক স্ক্ৰেপ মূল্য আগবঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়ে। গ্ৰাহকসকলে চিইআৰঅ’-ৰ টোল-ফ্ৰী নম্বৰ 1800-267-6000 অথবা ৱেবছাইট www.cerorecycling.com-ৰ জৰিয়তে নিজৰ সোধা-পোছা পঞ্জীয়ন কৰিব পাৰে। এবাৰ পঞ্জীয়ন হোৱাৰ পিছত, গ্ৰাহকৰ ঘৰৰ দুৱাৰমুখৰ পৰা বাহন সংগ্ৰহ কৰা আৰু পৰিৱেশ-অনুকূল পুনৰাবৰ্তনৰ পৰা আৰম্ভ কৰি নথিৰ কাম-কাজ সম্পূৰ্ণ কৰালৈকে— গোটেই প্ৰক্ৰিয়াটো চিইআৰঅ’ৰ দলে পৰিচালনা কৰে।
যিসকল গ্ৰাহকে চিইআৰঅ’-ৰ জৰিয়তে নিজৰ পুৰণি বাহনসমূহ স্ক্ৰেপ কৰে,সেইসকলক এখন চার্টিফিকেট অব ডিপজিট প্ৰদান কৰা হয়। এই চার্টিফিকেটখন নতুন বাহন ক্ৰয় কৰাৰ সময়ত চৰকাৰে ধাৰ্য কৰা প্ৰযোজ্য ৰেহাই বা উদগনি লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰি। প্ৰযোজ্য নিয়ম অনুসৰি, এই ৰেহাইসমূহৰ ভিতৰত পথ কৰৰ ৰেহাই, পঞ্জীয়ন মাচুল ৰেহাই আৰু অ’ইএম ৰেহাই (অন্তৰ্ভুক্ত হ’ব পাৰে।
চিইআৰঅ’-ই এক বৈজ্ঞানিক আৰু পৰিৱেশ-অনুকূল বাহন ৰিচাইক্লিং প্ৰক্ৰিয়া অনুসৰণ কৰে, যিয়ে ব্যৱহাৰৰ অযোগ্য হৈ পৰা বাহনসমূহৰ সুৰক্ষিতভাৱে যন্ত্ৰাংশ খোলা, প্ৰদূষণমুক্ত কৰা আৰু পুনৰাবৰ্তন নিশ্চিত কৰে। এই উদ্যোগে বৃত্তাকাৰ অৰ্থনীতি, সম্পদৰ সঠিক ব্যৱহাৰ আৰু বাহনজনিত প্ৰদূষণ হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা বহল ৰাষ্ট্ৰীয় লক্ষ্যকো সমৰ্থন কৰে।
চিইআৰঅ’-ৰ হাতত ভাৰতৰ অন্যতম বৃহত্তম বাহন পুনৰাবৰ্তন কেন্দ্ৰৰ নেটৱৰ্ক আছে। গুৱাহাটী, ইন্দোৰ, আহমেদাবাদ, চেন্নাই, মুম্বাই আৰু বেংগালুৰুত অৱস্থিত ছয়টা আৰভিএছএফৰ জৰিয়তে ৭৫খনতকৈও অধিক চহৰত নিজৰ উপস্থিতি আছে। ইয়াৰ উপৰিও ভাৰতৰ সকলো প্ৰধান চহৰ সামৰি ইয়াৰ একাধিক গ্ৰাহক সংযোগ কেন্দ্ৰ আছে।
