• Sat. Jul 25th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

জিএনআৰচি হাস্পতালৰ দ্বাৰা আয়োজিত “মূৰৰ বিষৰ আধুনিক চিকিৎসা” শীর্ষক গ্রীষ্মকালীন বৈজ্ঞানিক অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ সফল সমাপ্তি 

ByNaba Barta

Jul 25, 2026
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী:: জিএনআৰচি হাস্পতালে  শনিবাৰে সন্ধিয়া ৬:০০ বজাৰ পৰা ৮:৩০ বজালৈ গুৱাহাটীৰনেফ্ফিৰ প্ৰেক্ষাগৃহত গ্রীষ্মকালীন চিএমই ২০২৬-মূৰৰ বিষৰ চিকিৎসাৰ শেহতীয়া অগ্রগতি  সফলভাবে আয়োজন কৰে। এই বৈজ্ঞানিক অনুষ্ঠানত চিকিৎসক, স্নায়ুৰোগ বিশেষজ্ঞ, স্নাতকোত্তৰ শিক্ষার্থী আৰু স্বাস্থ্যসেৱাৰ সৈতে জড়িত বহু পেছাদাৰী ব্যক্তিয়ে মূৰৰ বিষৰ চিকিৎসা সম্পৰ্কীয় জ্ঞান বৃদ্ধি আৰু ৰোগীসেৱাৰ মান উন্নয়নৰ উদ্দেশ্যে এক শৈক্ষিক মঞ্চত অংশগ্রহণ কৰে।

এই অনুষ্ঠান জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ স্নায়ুৰোগ বিভাগে ভাৰতীয় চিকিৎসক সন্থা, গুৱাহাটী শাখাৰ  সহযোগত আয়োজন কৰে। চিএমই খনৰ বৈজ্ঞানিক কাৰ্যসূচীত মাইগ্রেইন, Secondary Headache, Red Flag লক্ষণ, Neuroimaging আৰু CGRP-ভিত্তিক আধুনিক চিকিৎসাসহ শেহতীয়া চিকিৎসা নির্দেশনা, ব্যৱহাৰিক ক্লিনিকেল দৃষ্টিভংগী আৰু বিশেষজ্ঞসকলৰ সৈতে আন্তঃক্রিয়ামূলক আলোচনা অন্তর্ভুক্ত আছিল। জিএনআৰচি গ্রুপ অৱ হাস্পতালৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰা অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকে। শ্রীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ অনুপ কুমাৰ বৰ্মন মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোক বিশেষ মর্যাদা প্রদান কৰে।

চিএমই খনৰ বৈজ্ঞানিক কার্যসূচী দুটা শৈক্ষিক অধিৱেশনত বিভক্ত আছিল। প্রথম অধিৱেশনৰ বিষয় আছিল “The ABC… of TACs (Trigemino-Autonomic Cephalalgias)”। এই বিষয়ত ভাষণ আগবঢ়ায় মুম্বাইস্থিত জছল’ক হাস্পতাল আৰু লীলাৱতি হাস্পতালৰ “মূৰৰ বিষ আৰু মাইগ্ৰেইন ক্লিনিক”ৰ দায়িত্বত থকা পৰামৰ্শদাতা ডাঃ কে. ৰবিশংকৰে। অধিৱেশনখনৰ সভাপতিত্ব কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্নায়ুৰোগ বিভাগৰ অধ্যাপক ডাঃ মৰমী দাস আৰু সঞ্চালক আছিল ভাৰতীয় চিকিৎসা সন্থাৰ, গুৱাহাটী শাখাৰ সম্পাদক ডাঃ মানবেন্দ্র নায়ক। দ্বিতীয় অধিৱেশনৰ বিষয় আছিল “Recent Advances in the Manage-ment of Migraine”। এই বিষয়ত বক্তব্য আগবঢ়ায় জিবি পল্ট হাস্পতাল নতুন দিল্লী, স্নায়ুৰোগ বিভাগৰ প্ৰাক্তন বিভাগীয় মুৰব্বী তথা অধ্যাপক আৰু বি.এল.কে.-মেক্স চেণ্টাৰ অৱ নিউৰ’লজী, নতুন দিল্লীৰ উপ-অধ্যক্ষ আৰু শৈক্ষিক মুৰব্বী, অধ্যাপক ড° দেৱাশীষ চৌধুৰীয়ে। 

Leave a Reply

Your email address will not be published. Required fields are marked *