• Wed. Sep 9th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

অ’ মাই ডগ’ চলচ্চিত্ৰৰ শুভমুক্তিৰ পূৰ্বে গুৱাহাটীত বিশেষ প্ৰদৰ্শন

ByNaba Barta

Aug 3, 2026
Spread the love

অভিজ্ঞতাৰ কথা প্ৰকাশ পৰিচালক অমিত ৰায়ৰ

নৱবার্তা গুৱাহাটী: আগন্তুক ৭ আগষ্টত ছবিগৃহলৈ আহিবলগীয়া পৰিচালক অমিত ৰায়ৰ নতুন পাৰিবাৰিক চলচ্চিত্ৰ ‘অ’ মাই ডগ’ -ৰ মুক্তিৰ পূৰ্বে গুৱাহাটীত এক বিশেষ প্ৰদৰ্শন অনুষ্ঠিত হয়। ছবিখনৰ এটা বৃহৎ অংশ গুৱাহাটীত দৃশ্যগ্ৰহণ কৰা হৈছে, যাৰ বাবে এই প্ৰদৰ্শনে পৰিচালক অমিত ৰায় আৰু সমগ্ৰ দলটোৰ বাবে এক বিশেষ স্থান লাভ কৰিছে।

দেশজোৰা দৰ্শক সংযোগ যাত্ৰাৰ অংশ হিচাপে অনুষ্ঠিত এই বিশেষ প্ৰদৰ্শনত গুৱাহাটীৰ ৰাইজে ছবিখনক অত্যন্ত আগ্ৰহেৰে আদৰি লয়। ছবিখনৰ কৰুণ তথা আৱেগিক কাহিনী আৰু জীৱ-জন্তুৰ প্ৰতি থকা মৰমৰ দৃশ্যই দৰ্শকৰ মন চুই যায়। ‘অ’ মাই ডগ’ ছবিখনৰ এক বৃহৎ অংশ গুৱাহাটীত চিত্ৰগ্ৰহণ কৰা হৈছিল। দৰ্শকসকলে ছবিখনৰ আৱেগিক কাহিনী, মানবীয়তা আৰু সমগ্ৰ পৰিয়ালে একেলগে উপভোগ কৰিব পৰা উপস্থাপনৰ সৈতে গভীৰ সংযোগ অনুভৱ কৰে। ইয়াৰ ফলত ছবি নিৰ্মাতাসকলৰ এই বিশ্বাস অধিক দৃঢ় হয় যে দৰ্শকৰ মুখে মুখে হোৱা ইতিবাচক প্ৰশংসাই ছবিখনৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

এই প্ৰদৰ্শন সন্দৰ্ভত পৰিচালক অমিত ৰায়ে কয়, “গুৱাহাটী কেৱল আমাৰ বাবে এখন দৃশ্যগ্ৰহণৰ স্থান নহয়, ই এই ছবিখনৰ আত্মাৰ দৰে। ইয়াত অসমবাসীৰ মৰম আৰু আদৰ ছবিখনত ফুটি উঠিছে। গুৱাহাটীৰ দৰ্শকৰ হাঁহি আৰু আৱেগ দেখিবলৈ পোৱাটো আমাৰ বাবে অতি আনন্দৰ বিষয়। মুক্তিৰ পূৰ্বে ছবিখন পুনৰ এই চহৰলৈ লৈ আহিব পৰাটো সঁচাকৈয়ে ঘৰলৈ উভতি অহাৰ দৰে অনুভৱ হৈছে।”
গুৱাহাটীৰ এই বিশেষ প্ৰদৰ্শনী দেশজুৰি আয়োজন কৰা এক বৃহৎ দৰ্শক সংযোগ অভিযানৰ অংশ। এই অভিযান ইতিমধ্যে ইন্দোৰ, দিল্লী, পুনে, লক্ষ্ণৌ, পাটনা আৰু কলকাতাত সফলভাৱে অনুষ্ঠিত হৈছে। আগন্তুক দিনসমূহত এই বিশেষ প্ৰদৰ্শনী আহমেদাবাদ, বেংগালুৰু, হায়দৰাবাদ, চণ্ডীগড় আৰু মুম্বাইতো আয়োজন কৰা হ’ব।

‘দ্যা লাঞ্চবক্স’ আৰু ‘লাপাটা লেডিজ’ৰ দৰেই দৰ্শকৰ পোনপটীয়া সমাদৰৰ ওপৰত ভিত্তি কৰি ছবিখন সমগ্ৰ দেশতে মুক্তিৰ প্ৰস্তুতি চলোৱা হৈছে।
বাবুলাল বিস্কোপ আৰু থিংকিং হেটছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত অমিত ৰায়, ৰাজেশ ভাৰদ্বাজ আৰু ছানা ৱাৰ্ছীয়ে প্ৰযোজনা কৰা ও মাই ডগ’ ছবিখনত অভিনয় কৰিছে মাহি ৰায়, পংকজ ত্ৰিপাঠী, গীতা আগৰৱাল শৰ্মা, ৰাজেশ কুমাৰ, পৱন মালহোত্ৰা, সুলক্ষণা বৰুৱা, বিজয় মিশ্ৰৰ লগতে কুকুৰ তাৰকা অস্কাৰ আৰু ব্ৰুনোৱে। ছবিখনত ইয়াৰ উপৰিও ২৫০ৰো অধিক কুকুৰে অংশগ্ৰহণ কৰিছে। ছবিখন ৭ আগষ্টত দেশজুৰি ছবিগৃহত মুক্তি পাব। ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ উদ্ধোধনী অনুষ্ঠানত
পৰিচালক অমিত ৰায়,
‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, অভিনেত্ৰী মাহি ৰায়,সুলক্ষণা বৰুৱাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *