নৱবার্তা গুৱাহাটী : শ্যাম ষ্টীল ইণ্ডাষ্ট্রীজ লিমিটেডৰ অন্তৰ্গত ব্ৰেণ্ড ষ্টার্ডফ্লেক্স ৱাটাৰপ্রুফিং ছল্যূচন-এ উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২,০০০ বানপীড়িত পৰিয়ালক সাহায্য প্রদানৰ বাবে এক বিশেষ অভিযান হাতত লৈছে। কোম্পানীটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) পুঁজিৰ অধীনত এনডিআৰএফ এছডিআৰএফ আৰু জিলা প্রশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ নিৰ্দেশনাত ৰূপায়ণ কৰা হৈছে। ১৯ আগষ্টত গুৱাহাটীত বিধায়ক প্রদ্যুৎ বৰদলৈয়ে ষ্টার্ডফ্লেক্সৰ এই সাহায্য কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। বর্তমান শিৱসাগৰ জিলাৰ নিমাইজান গাঁৱত এই সাহায্য অভিযান চলাই থকা হৈছে আৰু ক্ষেত্রভিত্তিক পৰিস্থিতি তথা প্রয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰভাৱিত পৰিয়ালসমূহক সাহায্য সামগ্রী বিতৰণ কৰা হৈছে। শ্যাম ষ্টীল ইন্ডাষ্ট্রীজ লিমিটেডৰ অন্যতম ব্রেন্ড ষ্টার্ডফ্লেক্সে চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিতে বিবিধ উন্নত মানদণ্ডৰ ৱাটাৰপ্রুফ সামগ্রীসহিতে অসম আৰু উত্তৰ-পূবৰ বজাৰত প্ৰৱেশ কৰিছিল। অঞ্চলটোত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সমান্তৰালকৈ ব্রেগুটোৱে অসমৰ সৈতে থকা সম্পর্কক কেরল ব্যৱসায়তে সীমাবদ্ধ নাৰাখি ইয়াক অধিক সুদৃঢ় কৰিব বিচাৰে। ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে এক অর্থপূর্ণ আৰু দীর্ঘম্যাদী সম্পর্ক গঢ়ি তোলাৰ বাবে প্রতিষ্ঠানটো প্রতিশ্রুতিবদ্ধ। এই বান সাহায্য অভিযান হৈছে সেই প্রতিশ্রুতিৰে বাস্তৱ প্রতিফলন, য’ত ষ্টার্ডফ্লেক্সে সাহায্য কার্যত নিয়োজিত চৰকাৰী বিভাগ আৰু সংস্থাসমূহৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিছে। শ্যাম ষ্টীল ইন্ডাষ্ট্রীজ লিমিটেডৰ সঞ্চালক গোৱিন্দ বেৰিৱালে এই বিষয়ে কয় যে যেতিয়া সমাজ এখন এনে বৃহৎ সংকটৰ সম্মুখীন হয়, তেতিয়া একোটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ দায়িত্ব কেৱল ব্যৱসায়িক পৰিসীমাতে আৱদ্ধ নাথাকে। বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়াটো সকলোৰে কৰ্তব্য। ষ্টার্ডফ্লেক্সে অসমত এক গুৰুত্বপূৰ্ণ যাত্ৰা আৰম্ভ কৰিছে আৰু আমি বিশ্বাস কৰোঁ যে ৰাজ্যখনৰ সৈতে সম্পৰ্ক গঢ়াৰ অৰ্থ হৈছে কঠিন সময়ত ৰাইজৰ কাষত থিয় দিয়া। এই পদক্ষেপৰ জৰিয়তে আমি চলি থকা সাহায্য অভিযানত অৰিহণা যোগাব বিচাৰিছোঁ আৰু প্ৰকৃত প্রয়োজনীয় পৰিয়ালসমূহৰ ওচৰলৈ সহায় আগবঢ়াব বিচাৰিছোঁ। শ্যাম ষ্টীল ইন্ডাষ্ট্রীজ লিমিটেডৰ আন এগৰাকী সঞ্চালক গৌৰৱ বেৰিৱালে এই বিষয়ে কয় যে অসমৰ
সৈতে ষ্টার্ডফ্লেক্সৰ সম্পৰ্ক এক দীর্ঘম্যাদী দৃষ্টিভংগীৰে গঢ়ি তোলা হৈছে। আমি বিচাৰোঁ আমাৰ এই সম্পর্ক ব্যৱসায়ৰ উর্ধ্বলৈ যাওক। কঠিন সময়ত কাষত থকাটোৱেই এই সম্পৰ্কৰ মূল ভেটি। বানে বহু পৰিয়াল আৰু অঞ্চলক ক্ষতিগ্রস্ত কৰিছে আৰু আমি আমাৰ ফালৰ পৰা সাধ্যানুসৰি সহায়ৰ হাত আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ এই প্রচেষ্টাই প্রভাৱিত পৰিয়ালসমূহক কিছু পৰিমাণে হ’লেও সকাহ দিব। উল্লেখ্য যে এই সাহায্য আঁচনিৰ অধীনত উজনি অসমৰ শিৱসাগৰ চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত পৰিয়ালক সামগ্রী যোগান ধৰা হ’ব। ষ্টার্ডফ্লেক্সৰ কৰ্মীসকলে স্থানীয় প্রশাসন, এনডিআৰএফ আৰু এছডিআৰএফৰ সহযোগত এই বিতৰণ প্ৰক্ৰিয়া ৰাখিব। চৰকাৰে চলাই থকা উদ্ধাৰ আৰু সাহায্য কাৰ্যসূচীক অধিক গতিশীল কৰাৰ লক্ষ্যৰেই এই প্রচেষ্টা হাতত লোৱা হৈছে।
উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ সহায়ৰ হাত ষ্টাৰ্ডফ্লেক্সৰ
