নৱবাৰ্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে উদিয়মান কবি মানৱজ্যোতি শৰ্মাৰ
কাব্য গ্রন্থ ‘আশাৰ মায়াময় জোনাক’ উন্মোচন কৰা হয়। বিশিষ্ট কবি নীলিম কুমাৰে কাব্যগ্ৰন্থখন উন্মোচন কৰি ভাষণত কয়-এতিয়া মানুহৰ জীৱনত আশা প্ৰায় নোহোৱা হৈ পৰিছে। এতিয়া মানৱ জীৱন নিৰাশাৰে পৰিপূৰ্ণ। অন্যায় অবিচাৰৰ মাজত এখন গ্ৰন্থ উন্মোচন হোৱাটো আমাৰ বাবে এটা শুভ বার্তা। ভাগবানে কেতিয়াবাই মন্দিৰ, মছজিদ এৰিলে।
এতিয়া ভগৱানকো আমি ভোগবাদী কৰি তুলিছোঁ। ভাগৱানে এনে সম্পৰ্ক বিচৰা নাছিল। ভগবান কেৱল কিতাপ, সাহিত্যৰ মাজত আছে। কেৱল
মনৰ ভাব লিখি পেলালে কবি হ’ব নোৱাৰি কবিতা নিৰ্মাণ কৰিব লাগিব।কবিতা তৎক্ষণাত লিখা বস্তু নহয়। কবিতা সাধনাৰ ফলশ্ৰুতি। উদিয়মান কবি, গীতিকাৰ, কণ্ঠশিল্পী মানৱজ্যোতি শৰ্মাই কবিতা অধ্যয়ন কৰি কবিতা লিখক। কবিতাৰ মাজত সত্যৰ সন্ধান কৰিব লাগিব। পাঠক সকলেহে প্ৰকৃততে কিতাপ এখন উন্মোচন কৰে। কবি শৰ্মাক শুভেচ্ছা জনালোঁ আৰু পাঠকে গ্ৰন্থখন এনেদৰে আদৰি ল’ব বুলি আশা কৰিলোঁ।’
গুৱাহাটী মহানগৰ জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা কইনাধৰা শাখা সাহিত্য সভাৰ সভাপতি ড° অৰুণ শৰ্মাৰ সভাপতিত্বত অনুস্থিত হোৱা উন্মোচনী সভাত বিশিষ্ট লেখক
জগদীশ পাটগিৰিয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণত কয়- গ্ৰন্থ মানৱ সমাজৰ অতুলনীয় সৃষ্টি। গ্ৰন্থৰ মূল্য মানৱ জীৱনত কিমান সেয়ে মানৱ সভ্যতাই বাৰুকৈয়ে জানে। গ্ৰন্থ সৃষ্টিৰ বাবে সাধনাৰ প্ৰয়োজন। গ্ৰন্থ অমৰ। গ্ৰন্থকাৰ হোৱা কঠিন কাম। ইয়াৰ বাবে জীৱনজোৰা সাধনাৰ প্ৰয়োজন। কবিতাৰ শব্দবোৰে চিন্তাৰ খোৰাক যোগোৱা শব্দ। ইয়াৰ বাবে ত্যাগৰো প্ৰয়োজন।’
সভাত
নাট্যকাৰ, প্ৰৱন্ধকাৰ প্ৰফুল্ল বৰ্মন,
বিশিষ্ট শিশু সাহিত্যিক
বন্দিতা ফুকন,পাটাচাৰকুচি
শংকৰদেৱৰ শিশু নিকেটনৰ আচাৰ্য
হেমেন্দ্ৰ কুমাৰ শর্মা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সভাৰ আৰম্ভণিতে সুধাকন্ঠ ভূপেন হাজৰিকা আৰু প্রাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত
উদয় চন্দ্ৰ শর্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে এটা মংগলাচৰণ পৰিবেশন কৰে। সভাত কবি মানৱজ্যোতি শৰ্মাই কবিতা পুথিখনৰ আঁৰৰ কথা কয়।
পদ্ম চক্ৰ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থ উন্মোচনী সভাত প্ৰকাশক দ্বিপেন্দ্ৰ নাথ শৰ্মা আৰু দিপীকা দেৱীৰ লগতে
বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
গুৱাহাটী প্ৰেছ ক্লাবত’আশাৰ মায়াময় জোনাক” পুথি উন্মোচন
