• Wed. Sep 9th, 2026

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

নতুন আশাৰ সঞ্চাৰ কৰা এটা পিগী বেংক : লেখিকা তাপশ্ৰী বৰুৱাৰ বান সাহায্যৰ প্ৰচেষ্টাত অংশগ্ৰহণ কণমানি তনভীৰ

ByNaba Barta

Aug 18, 2026
Spread the love

নৱবার্তা গুৱাহাটী:আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বেষ্ট ছেলিং লেখিকা তথা ব্ৰিটেইনৰ শিক্ষাবিদ তাপশ্ৰী বৰুৱাই তেওঁৰ বন্ধু-বান্ধৱীৰ সহযোগত প্ৰতিষ্ঠা কৰা আৰ.এ.ৱাই. (ৰাইজ আফটাৰ য়েষ্টাৰডে) নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে শিৱসাগৰত বান সাহায্য প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰ.এ.ৱাই.ৰ দলটোৱে শিৱসাগৰলৈ যাবলৈ সাজু হোৱাৰ সময়তে এই পদক্ষেপে এগৰাকী কণমানি তনভী কাশ্যপ শৰ্মাৰ পৰা এক অপ্ৰত্যাশিত অংশগ্ৰহণৰ সহাঁৰি লাভ কৰে।

“স্বাধীনতা দিৱসৰ দিনাখন মোলৈ এগৰাকী মাতৃৰ ফোন আহিছিল,আৰু তেওঁৰ কন্যাক লগ কৰিবলৈ কৈছিল। তৃতীয় শ্ৰেণীত, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পঢ়ি থকা তনভীয়ে মোৰ বেচৰকাৰী সংস্থাটোৱে আয়োজন কৰা সাহায্যৰ নামত নিজৰ পিগী বেংকটো দান কৰিব বিচাৰিছিল।”-তাপশ্ৰীয়ে কয়।

“তেওঁৰ পিগী বেংকটোৰ মূল্য ভিতৰত থকা পইচাখিনিতকৈ বহু বেছি। এয়া আশা। মই নিজকে ধন্য মনিছো যে তেওঁ ইয়াৰ সৈতে বিশ্বাস কৰিবলৈ আমাক বাছি লৈছিল, ইমান কম বয়সতে তেওঁৰ পৰোপকাৰী কামক মই প্ৰশংসা কৰিছো আৰু সেই আশা মই আমাৰ লগত শিৱসাগৰলৈ লৈ যাম”- লেখিকা বৰুৱাই কয়।

বৰুৱা আৰু আৰ.এ.ৱাই. দলৰ ক্ষেত্ৰত তনভীৰ এই সহাঁৰিয়ে R.A.Y. (Rise After Yesterday) ৰ প্ৰকৃত অৰ্থক প্ৰতিফলিত কৰিছে, যি হৈছে -কেৱল প্ৰতিকূলতাৰ পিছত প্ৰত্যাৱৰ্তন কৰাই নহয়, বৰঞ্চ ইজনে সিজনক সোঁৱৰাই দিয়া যে আমি কেতিয়াও অকলে ইয়াৰ সন্মুখীন হ’ব নালাগে।

তনভীৰ পিগী বেংকটোৱে এতিয়া R.A.Y. দলটোৰ সৈতে শিৱসাগৰলৈ যাত্ৰা কৰিব আৰু কঢ়িয়াই নিব, এনে এটি শিশুৰ বিশ্বাসক যিয়ে কেতিয়াও লগ নোপোৱা মানুহ খিনিৰ লগত থিয় হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আমি একেলগে ইয়াৰ মাজেৰে পাৰ হ’ম। একেলগে আমি পুনৰ জাগি উঠিম, দৃঢ় আশাৰে কয় লেখিকা তাপশ্ৰী বৰুৱাই

Leave a Reply

Your email address will not be published. Required fields are marked *