• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বাবৰ আজমৰ পদত্যাগৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ নতুন অধিনায়ক নিৰ্বাচন

ByNaba Barta

Nov 16, 2023
Spread the love

বাবৰ আজমে পদত্যাগ কৰাৰ এঘণ্টা পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নতুন অধিনায়কৰ নাম নিৰ্বাচন কৰে যদিও এই ক্ষেত্ৰত পিচিবিয়ে তিনিওটা ফৰ্মেটতে এজন ব্যক্তিৰ হাতত দায়িত্ব অৰ্পণ কৰা নাছিল। তাৰ পৰিৱৰ্তে টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ বাবে বেলেগ বেলেগ অধিনায়ক বাছি লয়। পাকিস্তান ব’ৰ্ডে এতিয়াও প্ৰকাশ কৰা নাই এদিনীয়া অধিনায়কগৰাকীৰ নাম।
টেষ্ট ক্ৰিকেটত পাকিস্তানৰ নেতৃত্ব টপ অৰ্ডাৰ বেটছমেন শ্বান মাছুদৰ হাতত অৰ্পণ কৰা হয়। টি-২০ ক্ৰিকেটত পাকিস্তানক নেতৃত্ব দিব ষ্টাৰ পেচাৰ শ্বাহীন আফ্ৰিদীয়ে। এই ক্ষেত্ৰত পাকিস্তান ব’ৰ্ডে নেতৃত্বৰ লাঠি মহম্মদ ৰিজৱানক গতাই দিয়াৰ কথা চিন্তা কৰা নাছিল।
বুধবাৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী জাকা আশ্ৰফে মিকি আৰ্থাৰ, বাবৰ আজম, ইউনিছ খানকে ধৰি কেইবাগৰাকীও প্ৰাক্তন তাৰকাৰ সৈতে ধাৰাবাহিকভাৱে আলোচনাত মিলিত হয়। পিচিবিৰ বিষয়াসকলেও বাৰ্তালাপ কৰে নিৰ্বাচকসকলৰ সৈতে। ইয়াৰ পিছত এজন এজনকৈ বাবৰৰ নেতৃত্ব আঁতৰাই নতুন অধিনায়কৰ নাম নিৰ্বাচন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *