ৰাজ্যজুৰি ৯০০০তকৈঅধিকমহিলাৰ অংশগ্ৰহণেৰে আশীৰ্বাদে ৰচিলে সৰ্বাধিক দীঘলীয়া বিহু মাৰাথনৰ অভিলেখ
গুৱাহাটী ১৭ এপ্ৰিল: দেশৰ ১নং পেকেজড আটা ব্ৰেণ্ড তথা বিশ্বাসযোগ্য ঘৰুৱা নাম আশীৰ্বাদ আটাই উলহ-মালহেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে ৰঙালী বিহু। ৪ দিনীয়া এই অনুষ্ঠানত ৯০০০ তকৈঅধিকঅংগ্ৰহণকাৰীৰ আপ্লুত সঁহাৰিৰে ৰচিলে নতুন অভিলেথ। আটাইতকৈ দীঘলীয়া মাৰাথন বিহু নৃত্যৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিলে।
আশীৰ্বাদ শুদ্ধ চাক্কি আটা পেণ্ডলে আগবঢ়োৱা কেন্দ্ৰীয় মঞ্চখন ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত সুন্দৰভাৱে সজোৱা হৈছিল, য’ত অসমীয়াৰ স্বাভিমান জাপি, ঢোল আৰু গামোছাৰ দৰে প্ৰতীকসমূহ প্ৰদৰ্শন কৰা হৈছে, ঢোলৰ গুমগুমনি আৰু বিহুৱা-বিহুৱতীৰ স্পন্দনত বিহুবলীয়া ৰাইজ আৰু প্ৰতিযোগীয়ে বিহুৰ মাদকতাত বিলীন হৈছে। আশীৰ্বাদ ব্ৰেণ্ডে অংশগ্ৰহণকাৰীসকলক নিজৰ এআই-জেনেৰেটেড বিহু অৱতাৰ, ৰঙালী বিহুৰ লগত প্ৰাসংগিক ব্যক্তিগতকৃত স্মাৰক প্ৰদান কৰি পৰম্পৰাগত উদযাপনত আধুনিক টুইষ্ট সংযোজন কৰিছে।
ৰঙালীৰ বাকৰিত বিভিন্নজনৰ পৰা লাভ কৰা অভূতপূৰ্ব সঁহাৰিত আনন্দ প্ৰকাশ কৰি আইটিচি লিমিটেডৰ ষ্টেপলছ এণ্ড এডজাচেন্সিজৰ চিঅ’অ’ অনুজ ৰুস্তাগীয়ে কয় যে,“ৰঙালী বিহু প্ৰতিজন অসমীয়াৰ হৃদস্পন্দন আৰু এই প্ৰাণৰ উত্সৱত আমি আশীৰ্বাদ আটাই অংশ হ’বলৈ পাই আনন্দিত হৈছোঁ।” এই উদযাপন বছৰৰ পিছত বছৰ ধৰি প্ৰদৰ্শিত হৈ অহা উৎসাহ আৰু জীৱনশক্তিৰ সঁচা অনুভূতি। লতাশিলত ৰাইজৰ সমাদৰ আৰু নিভাঁজ ৰূপত এই উদযাপনত অৰিহণা যোগোৱা আৰু আমাক অভিলেখ সৃষ্টি কৰাত সহায় কৰা সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।”
আশীৰ্বাদ ব্ৰেণ্ডে ‘নিজকে ফিট আৰু সক্ৰিয় কৰি ৰাখিবলৈ সঠিক পৰিমাণৰ ফাইবাৰ’ গ্ৰহণৰ প্ৰস্তাৱৰ সৈতে সংগতি ৰাখি এই ৰঙালী বিহুত অভিলেখ সৃষ্টিকাৰী মাৰাথন বিহুৰ আয়োজন কৰা হৈছিল যাতে মানুহৰ স্বাস্থ্য আৰু সামগ্ৰিক কল্যাণৰ প্ৰতি ব্ৰেণ্ডসমূহৰ দায়বদ্ধতা সমৰ্পণ আকৌ এবাৰ প্ৰমাণিত হয়। আশীৰ্বাদ আটা পেণ্ডলে সক্ৰিয় জীৱনশৈলী উদযাপনৰ বাবে প্ৰস্তুত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আৰু বিনোদনমূলক খেলৰ জৰিয়তে উপস্থিত ৰাইজক আকৰ্ষিত কৰে। ৰাজ্যখনৰ সকলো প্ৰান্তৰ পৰা উপস্থিত হোৱা মহিলাসকলে উৎসাহেৰে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এইদৰে ব্ৰেণ্ডটোৰ সুস্থ লাইফষ্টাইল বজাই ৰখাৰ বাৰ্তাক মূৰ্ত কৰি তোলাৰ লগতে আকৰ্ষণীয় পুৰস্কাৰেৰে সম্বৰ্ধনাও জনোৱা হৈছিল বিজয়ীক।
আশীৰ্বাদ আটাৰ বিষয়ে:
২০০২ত প্ৰতিষ্ঠিত হোৱা আশীৰ্বাদ বৰ্তমান ভাৰতৰ ১নং আটা ব্ৰেণ্ডলৈ পৰিণত হৈছে। ৩.৫ কোটি+ গৃহিণীৰ কাষ চাপিবলৈ সক্ষম হোৱা আশীৰ্বাদ আটা হৈছে গুণগত মানৰ প্ৰত্যাশা পূৰণ কৰি ধাৰাবাহিকভাৱে যোগান ধৰাৰ সামৰ্থ্যৰ জীৱন্ত সাক্ষ্য। উদ্যোগটোৰ অভিজ্ঞতা আৰু দক্ষতাৰে আশীৰ্বাদে বিভিন্ন প্রয়োজনীয়তাসমূহ পূৰণ কৰিব পৰাকৈ বিবিধ ৰেঞ্জৰ আটা মুকলি কৰিছে যেনে চেহৰৰ পথাৰৰ পৰা চৰবতি ঘেঁহুৰ পৰা তৈয়াৰী নিৰ্বাচিত আটালৈকে, শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হ্ৰাস কৰিবলৈ কম গ্লাইচেমিক ইনডেক্সযুক্ত চুগাৰ ৰিলিজ কণ্ট্ৰল আটালৈকে বিভিন্ন আটা যোগান ধৰি আহিছে। আশীৰ্বাদ এতিয়া নিমখ, মছলা, মিলেট, ভাৰ্মিচেলি, ইনষ্টেণ্ট মিক্স, ৰেডী-টু-ইট মিল আৰু এক জৈৱিক ৰেঞ্জৰ বিভিন্ন প্ৰান্তত সামগ্ৰী যোগান ধৰা অগ্ৰণী ষ্টেপলছ ব্ৰেণ্ড।