• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ সৌজন্যত স্বৰ্গীয় অধ্যাপক মিহিৰ কান্তি চৌধুৰী আৰু স্বৰ্গীয় বাবুল তালুকদাৰক সোৱঁৰি স্মৃতিসভা:

ByNaba Barta

Dec 19, 2024
Spread the love

নৱবাৰ্তা, অসম : তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত যোৱা ১৮ ডিচেম্বৰ তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰয়াত অধ্যাপক মিহিৰ কান্তি চৌধুৰী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপ বিত্ত বিষয়া প্ৰয়াত বাবুল তালুকদাৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এখন শোক সভা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ দু্য়োগৰাকী প্ৰাক্তন বিষয়া এদিনৰ ইফাল-সিফালকৈ অৰ্থাৎ ১২ ডিচেম্বৰত তালুকদাৰ আৰু ১৩ ডিচেম্বৰত অধ্যাপক চৌধুৰীয়ে আমাৰ মাজৰ পৰা মেলানি মাগে। সেই উপলক্ষে বিশ্ববিদ্যালয়ৰ ডীন গেলেৰীত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটো বেছ গাম্ভীৰ্যতাৰে সম্পন্ন হয় । তুতাৰ (TUTA) সভাপতি অধ্যাপক কুসুম কুমাৰ বনিয়াই সকলোকে সম্ভাষণ জনাোৱাৰ লগতে বিদেহ আত্মাৰ সদ্গতি কামনাৰে স্মৃতিচাৰণ কৰি সভা আৰম্ভ কৰে। ইয়াৰ পিছতে মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ প্ৰেৰণ কৰা শোক বাৰ্তা পাঠ কৰে ড০ অৰূপ কুমাৰ নাথে। ইয়াৰ পিছত অধ্যাপক পাৰ্থ প্ৰতিম সাহু, অধ্যাপক নাচৰীন এছ ইছলাম, অধ্যাপক শংকৰ চন্দ্ৰ ডেকা, অধ্যাপক অপূৰ্ব কুমাৰ দাস, অধ্যাপক পাপৰি বৰুৱাই অধ্যাপক চৌধুৰী আৰু শ্ৰী তালুকদাৰৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে। ইয়াৰ পিছতে এক মিনিট সময় মৌনতা অৱলম্বন কৰাৰ লগতে বিদায়ী দুয়োগৰাকীক ফুলৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তুতাৰ সম্পাদক অধ্যাপক সত্য সুন্দৰ ভট্টাচাৰ্যৰ বিদায়ী ভাষণেৰে সভাৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *