• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

আইডিএফচি ফাৰ্ষ্ট বেঙ্কে আইডিএফচি লিমিটেডৰ সৈতে সফলতাৰে সম্পূৰ্ণৰূপে বিলয় হোৱাৰ কথা ঘোষণা কৰিছে

ByNaba Barta

Sep 30, 2024
Oplus_131072
Spread the love

নৱবার্তা মুম্বাই: আইডিএফচি ফাৰ্ষ্ট বেঙ্কে আজি অনুষ্ঠিত ইয়াৰ বোৰ্ড সভাত সকলো প্ৰয়োজনীয় শ্বেয়াৰধাৰক তথা নিয়ামক অনুমোদন লাভ কৰাৰ পিছত, ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আইডিএফচি ফাৰ্ষ্ট বেঙ্কৰ সৈতে আইডিএফচি লিমিটেড সম্পূৰ্ণৰূপে বিলয় হোৱাৰ কথা ঘোষণা কৰে।

এই বিলয়ৰ ফল স্বৰূপে, যিসকল শ্বেয়াৰধাৰকৰ হাতত আইডিএফচি লিমিটেডত ৰেকৰ্ড তাৰিখ অৰ্থাৎ ১০ অক্টোবৰ তাৰিখত শ্বেয়াৰ আছে তেওঁলোকৰ আইডিএফচি লিমিটেডৰ প্ৰতি 100 টা ইকুইটি শ্বেয়াৰৰ বাবে বেঙ্কৰ ১৫৫ টা ইকুইটি শ্বেয়াৰ আৱণ্টন কৰা হ’ব। নিয়ামক প্ৰক্ৰিয়াসমূহৰ লগতে অনুমোদনৰ চৰ্তসাপেক্ষে ৩১ অক্টোবৰ বা তাৰ আগতে আইডিএফচি লিমিটেডৰ শ্বেয়াৰধাৰকসকলৰ ওচৰত শ্বেয়াৰবোৰ জমা দিয়া হ’ব বুলি আশা কৰা হৈছে।

আইডিএফচি ফাৰ্ষ্ট বেঙ্কৰ ক্ষেত্ৰত এই একীকৰণৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:১.সৰলীকৃত কৰ্পোৰেট গাঁথনি: একীকৰণৰ পিছত, বেঙ্কত এক সৰলীকৃত কৰ্পোৰেট গাঁথনি থাকিব য’ত কোনো হোল্ডিং কোম্পানী নাথাকিব।১.সৰলীকৃত শ্বেয়াৰহোল্ডিং গাঁথনি: শ্বেয়াৰহোল্ডিং গাঁথনিটো কোনো পৃষ্ঠপোষক হোল্ডিং নথকা অন্য আগশাৰীৰ প্ৰতিষ্ঠানিক ভাৰতীয় ব্যক্তিগত খণ্ডৰ বেংকৰ দৰেই হ’ব। বেঙ্কটো আগৰ দৰে পেছাদাৰীভাৱে পৰিচালিত প্ৰতিষ্ঠান হৈয়েই থাকিব।

২.নগদ আৰু নগদ সমতুল্যৰাশি: এই বিলয়ৰ অংশ হিচাপে, প্ৰায় ৬০০কোটি টকা মূল্যৰ নগদ ধন আৰু নগদ সমতুল্যৰাশি বেঙ্কটোলৈ প্ৰবাহিত হ’ব৩.বকেয়া পেইড-আপ শ্বেয়াৰসমূহৰ হ্ৰাসকৰণ: আইডিএফচি ফাৰ্ষ্ট বেঙ্কত আইডিএফচি লিমিটেডৰ হাতত থকা 2,64,64,38,348 টা ইকুইটি শ্বেয়াৰ বাতিল কৰা হ’ল বুলি ধৰা হ’ব আৰু ইয়াৰ সলনি, আইডিএফচি ফাৰ্ষ্ট বেঙ্কে সৰ্বসন্মত ছোৱাপ অনুপাত অনুসৰি আইডিএফচি লিমিটেডৰ শ্বেয়াৰধাৰকসকলৰ বাবে 2,47,99,75,876 টা নতুন ইকুইটি শ্বেয়াৰ জাৰী কৰিব। এতেকে বেঙ্কটোৰ পেইড-আপ শ্বেয়াৰ মূলধনৰ ক্ষেত্ৰত 16,64,62,472 টা ইকুইটি শ্বেয়াৰ হ্ৰাস পাব আৰু লেনদেনৰ পিছত বেঙ্কটোৰ পেইড-আপ মূলধন 7,48,27,31,991 টা শ্বেয়াৰৰ পৰা 7,31,62,69,519 টা ইকুইটি শ্বেয়াৰলৈ হ্ৰাস পাব।

  1. লাভাংশ পৰিশোধ কৰিবৰ বাবে যোগ্য: উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা আন্তঃগাঁথনি আৰু কৰ্পোৰেট ঋণ একাউণ্টসমূহৰ বাবদ আৰু সুনামত হোৱা ক্ষতিৰ বাবদ বেঙ্কটোৱে ইয়াৰ প্ৰাৰম্ভিক বছৰবোৰত ভৰিবলগীয়া ক্ষতিসমূহৰ বাবে বেঙ্কটো যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। ই অংশীদাৰসকলক লাভাংশ পৰিশোধ কৰাৰ ক্ষেত্ৰত বেঙ্কটোৰ সামৰ্থ্য সীমিত কৰি ৰাখিছিল। এই একত্ৰীকৰণ আঁচনিৰ অংশ হিচাপে বেঙ্কটোৰ প্ৰতিভূতি প্ৰিমিয়াম একাউণ্টৰ নামত বেঙ্কটোৰ সঞ্চিত লোকচানসমূহ নিৰ্ধাৰণ কৰা হ’ব। ই এতিয়া বেঙ্কটোক ভৱিষ্যতে লাভাংশ পৰিশোধ কৰাৰ সুযোগসমূহ বিচাৰি উলিয়াবলৈ সমৰ্থবান কৰিব।
  2. নীতি-নিয়মবোৰ মানি চলাৰ ক্ষেত্ৰত সমন্বয়সাধন আৰু সুশৃংখলিতকৰণ।
  3. ভাৰতবৰ্ষ হৈছে এখন দ্ৰুত গতিত বিকশিত হোৱা দেশ, আৰু এনে বিকাশে পৰৱৰ্তী কেইটামান দশকত অপৰিসীম সুযোগ মুকলি কৰিব। এক সৰলীকৃত শ্বেয়াৰহোল্ডিং আৰু কৰ্পোৰেট গাঁথনিৰ লগতে বেঙ্কটোত গঢ়ি তোলা শক্তিশালী সামৰ্থ্য তথা ব্ৰেণ্ডৰ যোগেদি আৰু এক বিশ্বজনীন বেঙ্কৰ বিভিন্ন ধৰণৰ সম্পূৰ্ণ সেৱাসমূহৰ মাধ্যমেৰে, ভাৰতে আগবঢ়োৱা এই বিৰাট সুযোগৰ যোগেদি বিকশিত হৈ উঠিবলৈ বেঙ্কটো এক সুন্দৰ স্থান অৱস্থিত হৈ আছে।

এই বিলয়ৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই, আইডিএফচি ফাৰ্ষ্ট বেংক লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত বৈদ্যনাথনে কয়:

“আজি আইডিএফচি ফাৰ্ষ্ট বেঙ্ক আৰু আইডিএফচি লিমিটেডৰ মাজত হোৱা এই একত্ৰীকৰণৰ ঘোষণাই বিগত 2 টা বছৰ ধৰি চলি থকা আমাৰ কঠোৰ পৰিশ্ৰমৰ অন্ত পেলালে। গাঁথনিটো সৰল কৰি তোলাৰ লগতে ডেকবোৰ খালি কৰা আৰু ফলপ্ৰসূ আলোচনা-বিলোচনাসমূহৰ বাবে মই আইডিএফচি লিমিটেডৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো, যি এই একত্ৰীকৰণ কৰা কাৰ্যত ঐক্যবদ্ধভাৱে সহায় কৰিলে। মই সেই সকলো নিয়ামক প্ৰাধিকৰণৰ উৎকৃষ্ট নিৰ্দেশনা তথা সমৰ্থনৰ বাবেও তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম যাৰ ফলত এই একত্ৰীকৰণ সফলতাৰে সম্পূৰ্ণ হৈ উঠিল।

আইডিএফচি ফাৰ্ষ্ট বেঙ্কৰ এতিয়া কোনো পৃষ্ঠপোষক হোল্ডিং নথকা এটা সৰলীকৃত কৰ্পোৰেট গাঁথনি থাকিব। বেঙ্ক অফ আমেৰিকা, জেপি মৰ্গান, এইচডিএফচি বেঙ্ক, আইচিআইচিআই বেঙ্কৰ দৰে সকলো আন্তৰ্জাতিক কৰ্পোৰেশ্যনেই হৈছে কোনো পৃষ্ঠপোষক হোল্ডিং নথকা পেছাদাৰীভাৱে পৰিচালিত প্ৰতিষ্ঠান। ঠিক সেইদৰে, আইডিএফচি ফাৰ্ষ্ট বেঙ্কেও তেওঁলোকৰ নিচিনাকৈ এক চিৰস্থায়ী প্ৰতিষ্ঠান গঢ়ি তুলিব পাৰে। সেই ফালৰপৰা এই একত্ৰীকৰণ বেঙ্কটোৰ বাবে এক যুগান্তকাৰী মুহূৰ্ত।

ভাৰতীয় অৰ্থনীতি ২০৪৭ চনৰ ভিতৰত ৩.৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ৩০-৩৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত বেংকিঙৰ সকলো খণ্ডতে অপৰিসীম সুযোগ সৃষ্টি হ’ব। উল্লেখনীয়ভাৱে ভাৰতীয় ঋণ বজাৰখন আগন্তুক ২০ টা বছৰত ১৫ গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এক দুৰ্বল বুনিয়াদ যুক্ত প্ৰাৰম্ভিক পৰ্যায়ৰ বেঙ্ক হিচাপে, আইডিএফচি ফাৰ্ষ্ট বেঙ্কেও এতিয়া এই বিকাশত দ্ৰুত গতিত অংশগ্ৰহণ কৰিব পাৰে।

এই ঋণ বৃদ্ধিৰ উপৰিও, ভাৰতীয় অৰ্থনীতিত হোৱা এনেধৰণৰ বিকাশে বাণিজ্য বিত্ত, বৈদেশিক মুদ্ৰা, লেনদেন বেঙ্কিং, নগদ ব্যৱস্থাপনা আদিৰ দৰে সুযোগসমূহো মুকলি কৰে। তাৰোপৰি, ভাৰতবৰ্ষ অধিক সমৃদ্ধিশালী হৈ উঠাৰ লগে লগে, প্ৰতি বছৰে ৫০ শতাংশতকৈ অধিক হাৰত বৃদ্ধি পোৱা, বিগত বছৰবোৰত ১৮,০০০ কোটি টকাৰ অধিক এইউএম-ৰ যেগেদি আইডিএফচি ফাৰ্ষ্ট বেঙ্কে নিজৰ শক্তিশালী স্থিতি সাব্যস্ত কৰা এটা ব্যৱসায়, সম্পদ ব্যৱস্থাপনা উদ্যোগটোও দ্ৰুতগতিত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

বিগত ৫ বছৰত, আইডিএফচি ফাৰ্ষ্ট বেঙ্কে ডিজিটাইজেচন আৰু প্ৰযুক্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আৰু সামাজিক কল্যাণৰ ওপৰত মনোনিৱেশ কৰি এক শক্তিশালী আধাৰ, উৎকৃষ্ট কৰ্ম সংস্কৃতি, নৈতিক বেঙ্কিং দৃষ্টিভংগী গঢ়ি তুলিছে। আমাৰ বিশ্বাস আমি গঢ়ি তোলা এই অত্যাৱশ্যকীয় আধাৰসমূহে আইডিএফচি ফাৰ্ষ্ট বেঙ্কক ভৱিষ্যতে এক বিশ্বমানৰ বেংকলৈ বিকশিত হোৱাত অভূতপূৰ্ব অৰিহণা যোগাব।”

Leave a Reply

Your email address will not be published. Required fields are marked *