• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ৱাজৱান এ কাশ্মীৰ: কাশ্মীৰৰ যাদুকৰী খাদ্যৰ জুতিৰে পুনৰ অতিথি আপ্যায়নৰ বাবে সাজু হৈছে ৰেডিচন ব্লু গুৱাহাটী

ByNaba Barta

Feb 13, 2025
Oplus_131072
Spread the love

নৱবার্তা গুৱাহাটী: বিগত বৰ্ষত লাভ কৰা বিপুল সমাদৰ তথা অপৰিসীম সফলতাৰ পাছত ৰেডিচন ব্লু গুৱাহাটীৰ স্বাক্ষৰ বহনকাৰী ৰেষ্টুৰেণ্ট কেফে বি ইউয়ে ১৫ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰী, ২০২৫ লৈ বহুল জনপ্ৰিয় ‘ৱাজৱান এ কাশ্মীৰ’ অতিথিসকলৰ বাবে পুনৰ প্ৰস্তুত কৰাৰ কথা আনন্দেৰে প্ৰকাশ কৰিছে। চিৰসৌন্দৰ্য্যময় কাশ্মীৰ উপত্যকাৰ সমৃদ্ধ আৰু উচ্চমানৰ ৰন্ধন ঐতিহ্য উদযাপনৰ উদ্দেশ্যে আয়োজন কৰা এই উৎসৱে গুৱাহাটীৰ খাদ্যপ্ৰেমীসকলক এক অতুলনীয় ভোজন অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

“বিগত বৰ্ষত কাশ্মীৰী খাদ্যই লাভ কৰা অভূতপূৰ্ব সঁহাৰিয়ে আমাক এই বিশেষ খাদ্যোৎসৱটোক অধিক উন্নতধৰণে তথা বিয়াগোম ৰূপত পুনৰবাৰ প্ৰস্তুত কৰিবলৈ উদগণি যোগাইছে। কাশ্মীৰী ৰন্ধনপ্ৰণালী হৈছে সংস্কৃতি আৰু সোৱাদৰ পৰম সংমিশ্ৰণ। আমি আমাৰ অতিথিসকলক এই সন্মোহিনী যাদুৰ সোৱাদ লোৱাৰ আন এক সুযোগ প্ৰদান কৰি সুখী হৈছো,” ৰেডিচন ব্লুৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়।

পহলগামৰ প্ৰখ্যাত চেফ শ্বাবীৰে হাৰ্টি হৰিচ্ছা, ক্ৰিস্পি ল’টাছ ফ্ৰিটাৰ্ছ তথা সুগন্ধি কাৱা চাহৰ দৰে প্ৰখ্যাত খাদ্যৰ দৰে বিশিষ্ট ভোজন সামগ্ৰীৰে প্ৰস্তুত কৰা বুফে মেনুৰে অতিথিসকলক আপ্যায়িত কৰিবলৈ পুনৰবাৰ সাজু হৈ উঠিছে। এই উৎসৱে অতিথিসকলক মনোৰম কাশ্মীৰ উপত্যকাৰ সৌন্দৰ্য্যৰ অনুভূতিৰ সৈতে এক প্ৰামাণিক আৰু পাহৰিব নোৱাৰা সোৱাদ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

এই বছৰৰ মেনু সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰি চেফ শ্বাবীৰে কয়, “ৰেডিচন ব্লু গুৱাহাটীলৈ উভতি আহি কাশ্মীৰৰ সমৃদ্ধ ৰন্ধন পৰম্পৰাসমূহ পুনৰ এবাৰ উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ সমুখত প্ৰস্তুত কৰাটো সঁচাকৈয়ে এক গৌৰৱৰ বিষয়। এই উৎসৱলৈ খাদ্যপ্ৰেমীসকলে যোৱা বছৰ প্ৰদান কৰা অভূতপূৰ্ব সঁহাৰিয়ে মোক এইবাৰ প্ৰামাণিক আৰু বিশেষত্বপূৰ্ণ কাশ্মীৰী ব্যঞ্জনৰ এক বৃহত্তৰ পৰিসৰ সকলোৰে সমুখত প্ৰস্তুত কৰিবলৈ অনুপ্ৰাণিত কৰিছে। মাটন ৰিষ্টা, গুষ্টাবা, তাবাক মাজ, ৱাজা কোকুৰ, লাহাবী কাবাব, নাদ্ৰু য়াখনি আৰু সুগন্ধি কাহৱাৰ দৰে জনপ্ৰিয় ব্যঞ্জনসমূহৰ সৈতে কিছু নতুন সংযোজন কৰি মই এক সুখময় কাশ্মীৰী ৰন্ধন অভিজ্ঞতা আগবঢ়োৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছো। মই আশা কৰোঁ যে এই বছৰ আমাৰ অতিথিসকলে এক অনবদ্য ভোজন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব।”

একাপ গৰম কাশ্মীৰী কাহৱাৰে আদৰণি জনাই অতিথিসকলক এটি মনোৰম ভোজন যাত্ৰাৰ বাবে সাজু কৰি তোলা হ’ব। জীৱন্ত কাশ্মীৰী শৈলীৰ সাজ-সজ্জা, সোঁৱৰণিৰ পাতত স্মৃতি ধৰি ৰাখিবলৈ সাজু কৰা চেলফি বুথ আৰু পৰম্পৰাগত কাশ্মীৰী পোছাক পিন্ধা কৰ্মচাৰীৰ সৈতে, কেফে বি ইউয়ে আপোনাক সঁচা অৰ্থত এক সাংস্কৃতিকভাৱে সমৃদ্ধ আৰু দৃশ্যমান ভাৱে আকৰ্ষণীয় অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *