• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ৰ’টাৰী ক্লাব অৱ গুৱাহাটীৰ সম্বৰ্ধনা অনুষ্ঠান

ByNaba Barta

Jan 30, 2025
Spread the love

নৱবার্তা : সমাজৰ বিভিন্ন স্তৰৰ উদ্যমি সকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে পুৰণি ইতিহাস খোদিত ৰ’টাৰী ইণ্টাৰনেশ্যনেলৰ ৰ’টাৰী ক্লাব অৱ গুৱাহাটীৰ উদ্যোগত
মঙলবাৰে গুৱাহাটীৰ ৰ’টাৰী ক্লাব অৱ গুৱাহাটীৰ পাণবজাৰস্থিত ৰ’টাৰী ভৱনত
পাঁচ গৰাকী উদ্যমী ক্ৰমে বনফ্ৰেছ অৰ্গেনিক টি ৰ স্বতাধিকাৰী বনশ্ৰী হাজৰিকা, এড়ীৰ লগত জড়িত নৰমোহন দাস, বাগদেৱী অনুষ্ঠানৰ সৈতে জৰিত ৰিংকু কলিতা, শিশু আৰু সমাজ কল্যাণৰ লগত জৰিত কুন্তলা দেৱী আৰু পানীৰ পাইপৰ লগত জৰিত ব্যক্তি মুনিন্দ্ৰ নাথ কলিতাক মঙলবাৰে একোখন কৈ ফুলাম গামোচা, ফলক আৰু একোটাকৈ গছ পুলিৰে সম্বৰ্ধনা জনোৱা হয়।। অনুষ্ঠানত এছিষ্টান্ত গভৰ্ণৰ ৰটাৰিয়ান ৰাজেশ বাথৰা, সভাপতি ৰটাৰিয়ান প্ৰণৱ চৌধুৰীকে আদি কৰি গুৱাহাটীৰ বিভিন্ন ক্লাবৰ ৰটাৰিয়ান সকল উপস্থিত আছিল। উদ্যামি সকলক অনাগত দিনত ৰ’টাৰী ক্লাব অৱ গুৱাহাটীয়ে বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *