• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

২৭ছেপ্টেম্বৰৰ পৰা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বানিজ্য মেলা

ByNaba Barta

Sep 26, 2024
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্রত অহা২৭ ছেপ্টেম্বৰৰ পৰা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা আৰম্ভ হ’ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত আইটিএফএএৰ উপ-সভাপতি ৰাজেশ দাসে কয় যে,উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি বাণিজ্যিক প্রদর্শনী হিচাবে এই মেলা এক বিশ্বব্যাপি মঞ্চ হিচাপে পৰিচিতি আছে। এই মেলাত থাইলেণ্ড, তুৰস্ক, আফগানিস্থান, ডুবাই, কোৰিয়া আৰু বাংলাদেশকে ধৰি বিশ্বৰ বিভিন্ন প্রান্তৰ অংশগ্রহণকাৰীক আকৰ্ষণ কৰাৰ উপৰিও ভাৰতৰ প্ৰদর্শক সকলোকো আকর্ষণ কৰে।
উন্নয়ন আয়ুক্ত (হস্তশিল্প), বস্ত্র মন্ত্রালয়, নেডফি আৰু ভাৰত চৰকাৰৰ এম এচ এম ইৰ সহযোগত এই আন্তঃৰাষ্ট্ৰীয় মেলাখনত শিল্পী আৰু উদ্যোগীসকলৰ বিভিন্ন সামগ্রীসমূহ নিৰ্দ্দিষ্ট ষ্টল আৰু পেভিলিয়নত প্ৰদৰ্শন কৰা হ’ব। এই সম্মানীয় অনুষ্ঠানৰ আনুষ্ঠানিক পৃষ্ঠপোষক হিচাপে ভাৰতীয় ষ্টেট বেংক অন্যতম।দুর্গাপূজাৰ উৎসৱ চমু চাপি অহাৰ লগে লগে মেলাখন বিভিন্ন ক্রেতা আৰু গ্ৰাহকসকলৰ বাবে ব্যবসায়ীক স্বৰ্গস্বৰূপ হ’ব বুলি আশা কৰা হৈছে। মেলাখনত প্রদর্শিত হ’বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত শাৰী, অলংকাৰ, আচবাব পত্র, ঘৰুৱা সামগ্রী, স্বাস্থ্য সম্পর্কীয় সামগ্রী, মেখেলা চাদৰ, কার্পেট, তুর্কি মিঠাই (শুকান) আদি বিভিন্ন সামগ্রী হাতৰ কাষতে পোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও বিভিন্ন ফলমূল, সুগন্ধি দ্রব্য, হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্রী এই মেলাত পোৱা যাব। তদুপৰি পেষ্টিজ আৰু হিণ্ডবেৰৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ সামগ্ৰীৰ লগতে ছেলুৱাৰ ছ্যুট, গহনা, বেটৰ সামগ্ৰী আৰু ক্রোকাৰী আদিও চাব পাৰিব।গুৱাহাটী বাণিজ্য মেলাত এইবাৰ প্ৰায় ২০০খন বিপনীয়ে অংশগ্ৰহণ কৰিব।
৩০ ছেপ্টেম্বৰৰ সন্ধিয়া এই আন্তঃৰাষ্ট্ৰীয় মেলা কৰ্তৃপক্ষই ক্ৰিকেট কণ্ট্ৰল ব’ৰ্ডৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া,অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,বিশিষ্ট কাৰ্ডিঅ’লজিষ্ট ডাঃ নেইল বৰদলৈ,ৱাইল্ড লাইভ বায়’লজিষ্ট ড০ পূৰ্ণিমা দেৱী বৰ্মন, জে-১৪ চেইন এণ্ড ৰেষ্টোৰেণ্টৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক দেৱ কুমাৰ বৰ্মন আৰু মাষ্টাৰ চেফ ইণ্ডিয়া বিজয়ী নয়নজ্যোতি শইকীয়াক তেওঁলোকৰ বিভিন্ন অৱদানৰ বাবে গুৱাহাটী ব্যাণিজ্য মেলা উৎকর্ষ বঁটা প্রদান কৰিব।এই মেলাখনৰ বিশেষ আকৰ্ষণ মেলা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত ৰেষ্টুৰাখন য’ত ক্রেতা আৰু দৰ্শকসকলে সু-স্বাদু আফগান খাদ্য সম্ভাৰকে ধৰি বিভিন্ন নিৰামিষ খাদ্য শীতল পনীয়ৰ ব্যৱস্থা থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *