• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

২৩,২৪,২৫ আৰু ২৬ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰীনৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰৰ ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি

ByNaba Barta

Feb 21, 2025
Spread the love

নৱবার্তা গুৱাহাটী: বিগত বছৰবোৰৰ দৰে এইবেলিও ২৩ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্রুৱাৰীলৈ শিলপুখুৰীস্থিত শ্রীশ্রীনিৰামুহীয়া শিৱ মন্দিৰৰ উদ্যোগত ৰুদ্রযজ্ঞ আৰু মহাশিৱৰাত্রি পূজাৰ আয়োজন কৰা হৈছে। শুকুৰবাৰে মন্দিৰ প্ৰাংগনত আয়োজন কৰা এক সংবাদমেলত ৰুদ্রযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজাৰ বিস্তৃত কাৰ্যসূচী অৱগত কৰে উদ্যোক্তাসকলে। ২৩ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত মন্দিৰৰ ধ্বজা উত্তোলন কৰিব শ্রীশ্রীনৱগ্রহ নিৰামুহীয়া শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বিজন মহাজনে। পুৱা ৯.১০ বজাত ধর্মধ্বজা উত্তোলন কৰিব ৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা ড° অৰূপ কুমাৰ মিশ্ৰই। ইয়াৰ লগতে ২৮খন ধ্বজা উত্তোলন কৰা হ’ব। পুৱা ৯.২০ বজাত গছপুলি ৰোপন আৰু বিতৰণ কৰিব অৰণ্য মানৱ যাদৱ পায়েঙে। ইয়াৰ পিছত বিষ্ণু পূজা, কলহ যাত্রা, পঞ্চাংগ আৰু ব্রাহ্মণ পূজা, যজ্ঞৰ শ্রাদ্ধ আৰু পীঠ পূজা, আবেলি ৪ বজাত অগ্নি মন্থন, ৪.৩০ বজাত গ্রহ আহুতি, সন্ধিয়া ৫ বজাত মংগলাচৰণ কৰিব অজন্তা গোস্বামীয়ে। যজ্ঞৰ উদ্বোধন কৰিব গোবর্দ্ধন পুৰীৰ পীঠৰ জগতগুৰু শংকৰাচাৰ্য্য শ্ৰীশ্ৰী অধ্যোক্ষজানন্দ তীর্থ মহাপ্রভুয়ে। স্মৃতিগ্রন্থ অদৃশ উন্মোচন কৰিব সাদিন, প্রতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, বিশিষ্ট অতিথিৰূপে কেন্দ্রীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটা আৰু সাংসদ দিলীপ শইকীয়া, বিশেষ আমন্ত্রিত অতিথিৰূপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। বস্ৰ বিতৰণি অনুষ্ঠান শুভাৰম্ভ কৰিব শ্রীশ্রী জ্ঞানানন্দ তীর্থ মহাপ্রভু ভানপূৰা পীঠৰ জগৎগুৰু শংকৰাচাৰ্য্যই। সন্ধিয়া ৭ বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াই। সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব অসম বিত্তীয় নিগমৰ অধ্যক্ষ ৰূপম গোস্বামী, অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মা, কামাখ্যা দেৱালয়ৰ দলৈ হিমাদ্রী শর্মা। সন্ধিয়া ৭.৩০ বজাত জনপ্রিয় পাঠিকা কৰিশ্মা নাথ আৰু সংগীবৃন্দই নাগাৰা নাম পৰিবেশন কৰিব। সেইদৰে ২৪ ফেব্ৰুৱাৰীত পুৱা ৮বজাত পঞ্চাংগ পূজা আৰু যজ্ঞৰ আহুতি, ১১ বজাত ৰূদ্র অভিষেক, সন্ধিয়া কাশীৰ মহা আৰতি, ভানপূৰা পীঠৰ শংকৰাচাৰ্যৰ অমৃতবাণী, বিধায়ক সিদ্ধার্থ ভট্টাচার্যই ভক্তিমূলক অনুষ্ঠান উদ্বোধন কৰিব। সন্মানীত অতিথিৰূপে এপিজিচিএলৰ পৰিচালন সঞ্চালক বিভূ ভূঞা, আমন্ত্রিত অতিথিৰূপে পৰাগ বর্মন উপস্থিত থাকিব। সন্ধিয়া ৭ বজাত মর্মিতা মিত্ৰৰ ভক্তিমূলক সংগীতানুষ্ঠান। ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৮বজাত পঞ্চাংগ পূজা আৰু যজ্ঞৰ আহুতি, ১১ বজাত ৰুদ্র অভিষেক, যজ্ঞৰ আহুতি প্রদান, সন্ধিয়া ৫.৩০ বজাত কাশীৰ মহাআৰতি, ৬ বজাত মহাপ্রভু শংকৰাচাৰ্য্যৰ অমৃতবাণী, ৬.৩০ বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব এবি নিউজৰ পৰিচালন সঞ্চালক নৃপেন দাসে। সন্মানীয় অতিথিৰূপে উপস্থিত থাকিব ৰাজ্য চৰকাৰৰ প্ৰেছ উপদেষ্টা ধ্রুৱ মহন্ত আৰু বিশিষ্ট সমাজকর্মী মুকুট বৰা। সন্ধিয়া কল্পনা পাটোৱীৰয়ে ভক্তিমূলক সংগীত পৰিৱেশন কৰিব। ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাত পঞ্চাংগ পূজা, আহুতি, দিনৰ ১১ বজাত শিশু- চেমনীয়াৰ চিত্রাংকন প্রতিযোগিতা। ইয়াৰ পিচত পূর্ণ আহুতি, ভেশছন প্রতিযোগিতা, ভোগ বিতৰণ, সন্ধিয়া কাশীৰ মহা আৰতি, ৫.৩০ বজাত মহাপ্রভু
শংকৰাচাৰ্য্যৰ অমৃতবাণী, ৬ বজাত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া, সন্মানীয় অতিথিৰূপে পৰিবহণ বিভাগৰ অ’এছডি গৌতম দাস। ৭ বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিচিচিআইৰ অধ্যক্ষ দেরজিৎ লন শইকীয়া। সম্মানীয় অতিথিৰূপে দেৱাশীষ দে’। ৭.৩০ বজাত সুনীল কুমাৰ বৈশ্য আৰু সংগীকৃন্দৰ বীৰনাম পৰিবেশন। নিশা ৮ বজাত বিৰিণা পাঠকৰ গীতৰ অনুষ্টান। ১০ বজাত মহাশিৱৰাত্রি পূজা আৰম্ভ। সংবাদমেলত উপস্থিত থাকে ৰুদ্রযজ্ঞ আৰু শিৱৰাত্রি উদ্যাপন সমিতিৰ মুখ্য উপদেষ্টা ড’ অৰূপ কুমাৰ মিশ্র, সভাপতি বিজন মহাজন, কার্যকৰী সভাপতি জয়ন্ত ভট্টাচার্য, মুখ্য সম্পাদক বিৰিঞ্চি অধিকাৰী আৰু শ্রীশ্রীনৱগ্রহ নিৰামুহীয়া শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি চন্দন বৰৱা আৰু সাধাৰণ সম্পাদক মুনীন্দ্র পাটোৱাৰীয়ে আটাইকেইদিনত ভক্তসকলৰ উপস্থিতি কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *