• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

১২ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব নাৰায়ণ সেৱা সংস্থাৰ প্ৰথমটো মডিউলাৰ আৰ্টিফিছিয়েল লিম্ব কেম্প

ByNaba Barta

May 9, 2024
Spread the love

এই শিৱিৰৰ উদ্বোধন কৰিব অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই

নৱবার্তা গুৱাহাটী : প্ৰথমবাৰৰ বাবে গুৱাহাটীত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক কৃত্ৰিম অংগ শিৱিৰ অনুষ্ঠিত কৰিবলৈ ওলাইছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ৰাজস্থানৰ উদয়পুৰৰ সুপৰিচিত বেচৰকাৰী সংস্থা নাৰায়ণ সেৱা সংস্থাই। এই ‘দিব্যাংগসকলৰ কল্যাণৰ বাবে বিনামূলীয়া কৃত্ৰিম অংগ শিৱিৰ’ অহা ১২ মে’ অৰ্থাৎ দেওবাৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত আশী অপ্সৰা হলত অনুষ্ঠিত কৰিব সংস্থাটোৱে।

সংস্থাটোৰ সঞ্চালক ট্ৰাষ্টী দেৱেন্দ্ৰ চৌবিছাই এই অনুষ্ঠান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুৰ্ঘটনা বা ৰোগৰ পৰিণামস্বৰূপে হাত বা ভৰি হেৰুৱাবলগীয়া হোৱা লোকসকলক তেওঁলোকৰ অক্ষম জীৱনৰ পৰা মুক্তি দিয়াৰ বাবে সংস্থাটোৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে, পদ্মশ্ৰী বঁটা বিজয়ী তথা সংস্থাটোৰ প্ৰতিষ্ঠাপক কৈলাশ মানৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সংস্থাটোৱে বিগত ৩৯ বছৰ ধৰি নিষ্ঠাৰে মানৱতাৰ সেৱা আগবঢ়াই আহিছে। নাৰায়ণ সেৱা সংস্থাৰ এই দায়বদ্ধতাকে প্ৰতিফলিত কৰি অসমৰ প্ৰতিবন্ধী লোকসকলক সহায় কৰাৰ দৃঢ় সংকল্পৰে গুৱাহাটীৰ পল্টন বজাৰৰ আশী অপ্সৰা হলত ১২ মে’, দেওবাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ৬ বজালৈ বৃহৎ পৰিসৰত বিনামূলীয়া নাৰায়ণ কৃত্ৰিম অংগ পৰিমাপণ শিৱিৰ অনুষ্ঠিত কৰা হ’ব। পুৱা ৯ বজাত এই শিৱিৰ উদ্বোধন কৰিব অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই।
গুৱাহাটী
প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত চৌবিছাই এই শিৱিৰ সন্দৰ্ভত বিশদ বিৱৰণ দি কয় যে সংস্থাটোৰ প্ৰস্থেটিক আৰু অৰ্থোটিক্স চিকিৎসকৰ বিশেষভাৱে প্ৰশিক্ষিত আৰু অভিজ্ঞ দল এটাই শিৱিৰৰ সময়ত বিশেষভাৱে সক্ষম ৰোগীসকলৰ সন্দৰ্শন কৰিব। তেওঁলোকে নিখুঁত জোখ-মাখ নিশ্চিত কৰাৰ লগতে লঘু আৰু নমনীয় কৃত্ৰিম অংগ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। পৰৱৰ্তী সময়ত প্রায় দুমাহৰ পাছত সংস্থাটোৱে মডিউলাৰ কৃত্ৰিম হাত-ভৰি বিতৰণ শিৱিৰৰ আয়োজন কৰি দিব্যাংগসকলৰ দেহত বিনামূলীয়াকৈ সেয়া সংস্থাপন কৰিব।

সংবাদ মেলত সঞ্চালক ট্ৰাষ্টী দেৱেন্দ্ৰ চৌবিছাই অনুষ্ঠিত হ’বলগীয়া বিনামূলীয়া হাত-ভৰি পৰিমাপণ শিৱিৰত ৮০০ৰো অধিক লোকৰ উপস্থিতি আশা কৰে। তেওঁ জানিবলৈ দিয়া মতে, ইতিমধ্যে এই পৰ্যন্ত ৬২৫ গৰাকীতকৈ অধিক ব্যক্তিয়ে শিৱিৰৰ বাবে পঞ্জীয়ন সম্পূৰ্ণ কৰিছে।

শিৱিৰৰ সমন্বয়ক তথা ভাৰপ্ৰাপ্ত বিষয়া অচল সিং ভাটিয়ে কয় যে শিৱিৰত অংশগ্ৰহণ কৰা ৰোগী আৰু তেওঁলোকৰ লগত অহা পৰিয়ালৰ সদস্যসকলক বিনামূলীয়াকৈ খাদ্য, চাহ আৰু পুৱাৰ আহাৰ আগবঢ়োৱা হ’ব। ইফালে আজিৰ এই কাৰ্যসূচীৰ সময়তে সংস্থাটোৰ বিষয়াসকলে শিৱিৰৰ পোষ্টাৰ উন্মোচন কৰে। সংবাদ মেলত ভাটিয়ে উল্লেখ কৰে যে, গুৱাহাটীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু বিভিন্ন সম্প্ৰদায়ৰ গোটক এই শিৱিৰত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। উত্তৰ-পূবৰ মাৰোৱাৰী সন্মিলন, উত্তৰ-পূবৰ মাৰোৱাৰী যুৱ মঞ্চ, শ্ৰী গুৱাহাটী গৌশালা, আগৰৱালা সভা, মহেশ্বৰী সভা, শ্বেতাম্বৰ জৈন তেৰাপন্থ সভা আৰু তেওঁলোকৰ মহিলা শাখা, শ্ৰী দিগম্বৰ জৈন, ৰটাৰী ক্লাৱ, হাৰিয়ানা চেৰিটেবল ট্ৰাষ্ট, বিহাৰ ফাউণ্ডেশ্যন, ব্ৰাহ্মণ সভা, শ্ৰী গুৰু সিং সভা আদি সংস্থা আৰু প্ৰতিষ্ঠানসমূহ এই শিৱিৰ আয়োজনত নাৰায়ণ সেৱা সংস্থাৰ সৈতে স্বেচ্ছাসেৱী অংশীদাৰ হিচাপে জড়িত আছে।

সংস্থাটোৰ গণমাধ্যম আৰু জনসংযোগ বিষয়া ভগৱান প্ৰসাদ গৌৰে এই শিৱিৰত অংশগ্ৰহণ কৰি বিশেষভাৱে সক্ষম লোকসকলক সৰ্বাধিক সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এই শিৱিৰত অংশগ্ৰহণ কৰিব বিচৰাসকলে আধাৰ কাৰ্ড, বিশেষভাৱে সক্ষম হোৱাৰ প্ৰমাণ পত্ৰ আৰু বিশেষভাৱে সক্ষম হোৱাৰ দুখন ফটো লগত লৈ আহিব লাগিব। শিৱিৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে ব্যক্তিসকলে সংস্থাটোৰ হেল্পলাইন নম্বৰ ৭০২৩৫-০৯৯৯৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।

প্ৰণিধানযোগ্য যে, ‘মানৱতাৰ সেৱাই হৈছে ঈশ্বৰৰ সেৱা (নৰ সেৱা, নাৰায়ণ সেৱা) নীতিক সৰোগত কৰি ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা নাৰায়ণ সেৱা সংস্থাই প্ৰতিষ্ঠা কালৰে পৰা মানৱতাৰ সেৱাৰ হকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। মানৱতাৰ সেৱাৰ প্ৰতি সমৰ্পণৰ বাবেই সংস্থাটোৰ প্ৰতিষ্ঠাপক কৈলাশ মানৱক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। অধ্যক্ষ প্ৰশান্ত আগৰৱালাৰ নেতৃত্বত প্ৰতিষ্ঠানটোৱে চিকিৎসা, শৈক্ষিক, দক্ষতা বিকাশ আৰু ক্ৰীড়া একাডেমীৰ জৰিয়তে লাখ লাখ প্ৰতিবন্ধী লোকক মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিকভাৱে সৱল কৰি তেওঁলোকক মূলসুঁতিৰ সমাজখনৰ সৈতে একে শাৰীত থিয় দিবলৈ উৎসাহিত কৰি আহিছে। সংস্থাটোৱে এই পৰ্যন্ত ৪১,২০০ৰো অধিক কৃত্ৰিম অংগ সংস্থাপন কৰি দেশৰ ভিতৰতে মানৱতাৰ এক নিদৰ্শন গঢ়ি তুলিছে। বৰ্তমান এই সংস্থাটোৱে অসমৰ বিশেষভাৱে সক্ষম লোকসকলক তেওঁলোকৰ জীৱনক বৃহৎ পৰিসৰত পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে বিনামূলীয়াকৈ কৃত্ৰিম হাত-ভৰি প্ৰদানৰ লক্ষ্যৰে আগবাঢ়িছে।

Leave a Reply

Your email address will not be published. Required fields are marked *