নৱবার্তা গুৱাহাটী: অসম, উত্তৰ-পূৰ্বাঞ্চল, সমগ্ৰ দেশ আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ জনসাধাৰণলৈ আশাৰ বতৰা কঢ়িয়াই স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালে প্ৰথমবাৰৰ বাবে যকৃত সংৰোপণ সফলতাৰে সম্পন্ন কৰি এক যুগান্তকাৰী কৃতিত্ব অৰ্জন কৰিছে। ৩৮ বছৰীয়া লোক এজনক ভাতৃয়ে দাতা হিচাপে যকৃত দান কৰে আৰু দুয়োজনেই হৈছে মণিপুৰৰ স্থানীয় লোক। এই পৰিৱৰ্তনশীল চিকিৎসা ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিকিৎসালয়খনে মণিপুৰ আৰু অসম দুয়োখন চৰকাৰৰ প্ৰট’কল অনুসৰি বিশেষ অনুমতি লাভ কৰিছে।
যকৃত সংৰোপণ হৈছে ৰোগীয়া বা ক্ষতিগ্ৰস্ত যকৃতৰ ঠাইত দাতাৰ পৰা সুস্থ যকৃত ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা এক অত্যাধুনিক অস্ত্ৰোপচাৰ পদ্ধতি। এই জটিল অস্ত্ৰোপচাৰ সাধাৰণতে শেষ পৰ্যায়ৰ যকৃতৰ ৰোগ, যকৃতৰ বিকলতা বা নিৰ্দিষ্ট যকৃতৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কৰা হয়। প্ৰক্ৰিয়াটোত সামঞ্জস্য নিশ্চিত কৰিবলৈ আৰু জটিলতাৰ আশংকা হ্ৰাস কৰিবলৈ প্ৰাপ্তকৰ্তা আৰু সাম্ভাব্য দাতা দুয়োকে সতৰ্কভাবে মূল্যাঙ্কন কৰা হয়। যকৃতৰ উল্লেখযোগ্য পুনৰুত্পাদন ক্ষমতাৰ সহায় লৈ নিজৰ যকৃতৰ এটা অংশ যোগান ধৰিব পৰা জীৱিত দাতাসকলক চিনাক্ত কৰা হয়।উপযুক্ত দাতা চিনাক্ত হ’লেই যকৃত সংৰোপনৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰা হয়। গ্ৰহণকাৰীৰ ৰোগীয়া যকৃতটো সাৱধানে আঁতৰাই পেলোৱা হয় আৰু সুস্থ দাতাৰ যকৃতটো সংৰোপন কৰি ৰক্তবাহী নলী আৰু পিত্তনলী সংযোগ কৰি সঠিকভাৱে কাম কৰাটো নিশ্চিত কৰা হয়। অস্ত্ৰোপচাৰৰ পিছত ৰোগীক ইটেনছিভ কেয়াৰ ইউনিটত সুক্ষ্মভাবে নিৰীক্ষণ কৰি সম্ভাৱ্য জটিলতাসমূহৰ ওপৰত ব্যৱস্থা লোৱা হয়। গ্ৰহণকাৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নতুন যকৃতক প্ৰত্যাখ্যান নকৰাৰ বাবে প্ৰায়ে ইমিউন’চাপ্ৰেচিভ ঔষধ প্ৰদান কৰা হয়।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অস্ত্ৰোপচাৰ শাখাৰ মুৰব্বী অধ্যাপক সুভাষ খান্নাই এই গুৰুত্বপূৰ্ণ সেৱাসমূহ ব্যয়সাধ্য মূল্যত প্ৰদান কৰাৰ বাবে চিকিৎসালয়খনৰ দীৰ্ঘদিনীয়া দৃষ্টিভংগীৰ বিষয়ে ব্যক্ত কৰে। অৱশ্যে, এই যাত্ৰা প্ৰত্যাহ্বান মূলক হোৱাৰ কথা ব্যক্ত কৰি অধ্যাপক খান্নাই শেষ পৰ্যায়ৰ যকৃতৰ বিকলতাৰ বাবে চিকিৎসালয়খনত পঞ্জীয়ন কৰা প্ৰায় ১৫ জন ব্যক্তিৰ দুৰ্ভাগ্যজনক ক্ষতিৰ কথা উল্লেখ কৰে। এই ঐতিহাসিক চিকিৎসা ব্যৱস্থাৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত প্ৰদান কৰা গুৰুত্বপূৰ্ণ অনুমতিৰ বাবে তেওঁ NOTTO আৰু ROTTO ৰ লগতে ৰাজ্যিক স্বাস্থ্য বিভাগ কৰ্তৃপক্ষৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। ২০১৯ চনত অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰাৰ পিছতো চিকিৎসালয়খনে জটিল প্ৰক্ৰিয়াৰ মাজেৰে ২০২২ চনত যকৃত সংৰোপনৰ অনুজ্ঞাপত্ৰ লাভ কৰে।
এই উল্লেখনীয় সাফল্য উদযাপনৰ বাবে আয়োজন কৰা সভাখনত এনাস্থেচিয়া আৰু ট্ৰানস্প্লান্ট ক্ৰিটিকেল কেয়াৰ স্পেচিয়েলিষ্ট ডঃ আয়ুস্মান খান্না,প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক স্বাগতা খান্না, চিঅ’অ’ জাহিদুৰ ৰহমানকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
অধ্যাপক খান্নাই যকৃত সংৰোপনৰ জটিলতা আৰু খৰচৰ ওপৰত আলোকপাত কৰে, য’ত অস্ত্ৰোপচাৰৰ পূৰ্বে প্ৰায় দহ দিন অক্লান্তভাৱে কাম কৰা প্ৰায় ৩৪ জন কৰ্মচাৰীৰ নিষ্ঠা, প্ৰচেষ্টা জড়িত হৈ আছে। পিপিটি ব্যৱস্থাৰ জৰিয়তে তেওঁ যকৃত কেনেকৈ সুক্ষ্মভাৱে ৰোগীৰ পৰা দাতালৈ স্থানান্তৰ কৰা হয় আৰু সফল অস্ত্ৰোপচাৰ নিশ্চিত কৰাৰ বাবে লোৱা নিখুঁত পদক্ষেপসমূহৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি জটিল পদ্ধতি সমূহৰ ৰূপৰেখা দাঙি ধৰে। প্ৰকৃত অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া ২৩ ডিচেম্বৰৰ পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছিল আৰু ২৪ ডিচেম্বৰৰ পুৱা ১ বজাত সমাপ্ত হয়। সুস্থ হোৱাৰ পছত দাতাজনক হাস্পাতলৰ পৰা যাবলৈ দিয়া হৈছে, আনহাতে প্ৰাপ্তকর্তাজন ভালদৰে সুস্থ হৈ উঠিছে, যিটো সংবাদ মাধ্যমৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সত প্ৰত্যক্ষ কৰা হয়। ৰাজ্য আৰু অঞ্চলটোৰ বাবে চিকিৎসা পৰ্যটনৰ ক্ষেত্ৰত এয়া এক বৃহৎ উন্নয়ন হ’ব বুলি উল্লেখ কৰি অধ্যাপক খান্নাই এই প্ৰচেষ্টাত সংবাদ মাধ্যমৰ পৰা সহায়-সহযোগ বিচাৰে। সংৰোপণৰ বিষয়ে অৱগত কৰি তেওঁ কয় যে শেহতীয়াকৈ, আমি যকৃতৰ ৰোগ হঠাৎ বৃদ্ধি হোৱা দেখিছোঁ যাৰ ভিতৰত আছে সুৰা সেৱনৰ ফলত হোৱা আৰু সুৰা সেৱন নকৰাকৈ হোৱা যকৃতৰ ৰোগ৷ নৱ প্ৰজন্মৰ দ্বাৰা মদ্যপানৰ পৰিঘটনা বৃদ্ধি পোৱাৰ লগে লগে আমি বহুতো শেষ পৰ্যায়ৰ যকৃতৰ বিকল ৰোগী পাইছো যিসকল সাধাৰণতে বেছি দিন জীয়াই নাথাকে আৰু আমি প্ৰায় ১৫ৰ পৰা ২০ জন ৰোগীক হেৰুৱাইছো যিসকলে যোৱা ৪ বছৰ ধৰি যকৃত সংৰোপনৰ বাবে অপেক্ষা কৰি থকাৰ পিছতো এজন ভাল দাতা লাভ কৰা নাছিল। অসম চৰকাৰৰ শেহতীয়া ঘোষণা আৰু মৃতদেহ দানৰ পদক্ষেপ আৰু প্ৰাপ্তকর্তাৰ বাবে গ্ৰহণ প্ৰক্ৰিয়া সহজ কৰি তোলা ব্যৱস্থাই ৰাজ্য আৰু অঞ্চলটোৰ আৰ্তজনক সহায় কৰিব আৰু ক্ৰমান্বয়ে সময়ত তেওঁলোকে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নহব। তেওঁ লগতে কয় যে এইটো অন্ততঃ অসম ৰাজ্যৰ চিকিৎসা পৰ্যটনৰ বাবে এক গুৰুত্বপূৰ্ণ বিকাশ হ’ব কিয়নো উত্তৰ-পূবৰ কোনো ৰাজ্যতে বৰ্তমান যকৃত সংৰোপণৰ সুবিধা উপলব্ধ নাই। স্বাগত মেনেজমেণ্টে যকৃত সংৰোপনৰ দায়িত্বত থকা অধ্যাপক খান্নাকে ধৰি অস্ত্ৰোপচাৰ দলটোত থকা সকলৰ নাম ঘোষণা কৰে, য’ত অন্তর্ভুক্ত আছিল সংৰোপন চাৰ্জন ডাঃ বসন্ত মহাদেৱপ্পা, আন এজন সহযোগী চাৰ্জন ডাঃ ৰোহিত, ডাঃ অৰিন্দম বৰুৱা, টিম সংৰোপন এনাস্থেচিয়া ডাঃ কে শ্ৰীকান্ত, ডাঃ কানিনীকা দাস আৰু ডাঃ শ্বব্বিৰ আলম আৰু ইনটেনচিভ কেয়াৰ বিশেষজ্ঞ ডাঃ আয়ুষমান খান্না, ডাঃ অংকিতা বৰ্মন আৰু গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ অমিতাভ গোস্বামী। কাৰ্ডিঅ’লজি, পেথ’লজী আৰু মনোবিজ্ঞানৰ জ্যেষ্ঠ পৰামৰ্শদাতাও ৰোগীজনৰ যত্নৰ লগত জড়িত আছিল। এই অস্ত্ৰোপচাৰৰ সৈতে ১২ গৰাকী ষ্টাফ মহিলা নাৰ্ছ আৰু ৮ গৰাকী আইচিইউ নাৰ্ছ জড়িত হৈ আছিল।
ড০ খান্নাই লগতে ঘোষণা কৰে যে তেওঁলোকে দুসপ্তাহৰ পাছত পুনৰ সংবাদ মাধ্যমৰ আগত ৰোগীৰ স্বাস্থ্যৰ উন্নতিৰ দিশটো অৱগত কৰিব আৰু সংবাদ মাধ্যমৰ সৈতে হোৱা ভিডিঅ’ সাক্ষাৎকাৰত উপস্থিত থকা ৰোগীজনৰ তেওঁ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে। স্বাগত চিকিৎসালয়ৰ পৰিচালনা সমিতিয়েও সুযোগ হিচাপে লৈ দাতা শৰৎ সিংক সম্বৰ্ধনা জনায় যিয়ে ডেকা বয়সতে স্বেচ্ছাই দান কৰিবলৈ সন্মত হৈছিল। ইয়াৰ উপৰিও মন কৰিবলগীয়া যে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তেজৰ বমি আৰু সম্পূৰ্ণ যকৃত বিকল হৈ অহা ৰোগী সুনীল সিং ডাঙৰীয়াক টিআইপিপিএছ (Transjugular Intrahepatic Portosystemic Shunt) নামৰ আন এটা পদ্ধতিৰ দ্বাৰা ৰক্ষা কৰা হৈছিল আৰু যকৃত সংৰোপনৰ পূর্বে সেই প্ৰক্ৰিয়াই যোৱা ৯ মাহত ফলপ্ৰসু ভাবে কাম কৰে। সামৰণি ভাষণত ডাঃ খান্নাই চকু, বৃক্ক আৰু শৰীৰৰ অন্যান্য অংগ দান কৰি অহাৰ দৰে সমাজ আৰু জনসাধাৰণক আগবাঁঢ়ি আহি যকৃত দানৰ বাবেও আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ লগতে জীৱন কালত বা মৃত্যুৰ পিছতো অংগদান কৰিবলৈ ডা: খান্নাই আহ্বান জনায়৷
যদি তেওঁলোকে নিজৰ অংগ দান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে তেন্তে মৃত্যুৰ পিছতো তেওঁলোকে আন এজনৰ শৰীৰত জীয়াই থাকিব। লগতে সমাজৰ সকলো শ্ৰেণীকে এইক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ তেওঁ আহ্বান জনায়।
ডাঃ আয়ুষমান খান্নাই এইসন্দর্ভত কয়- আমি আমাৰ এই অভিযান অব্যাহত ৰাখিম আৰু যকৃত বিকল হৈ থকা লোকসকলক আটাইতকৈ সুলভ চিকিৎসা প্ৰদানৰ চেষ্টা কৰিম। লগতে তেওঁ এই সুবিধা উপলব্ধ নোহোৱাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া দেশ বাংলাদেশ, ভূটান, ম্যানমাৰ, নেপাল আদি দূৰৰ দেশৰ পৰা মানুহ আহিব বুলি আশা প্ৰকাশ কৰে।