নৱবার্তা গুৱাহাটী:
গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমৰ
গান্ধীঘৰত বুধবাৰে
সূত্ৰ যজ্ঞ-সূত্ৰাঞ্জলি ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত
হয় । অনুষ্ঠানৰ আৰম্ভণিতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কস্তুৰবা আশ্ৰমৰ সেৱীকাসকলে বিষ্ণুৰ সহস্রনাম পৰিবেশন
কৰে । এই উপলক্ষে অনুষ্ঠিত সভাখনৰ
উদেশ্য ব্যাখ্যা কৰে
কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ ট্ৰাষ্ট্ৰী ,
সর্বোদয় ট্ৰাষ্টৰ সচিব
নয়ন ভাণ্ডাৰী শৰ্মাই। তেওঁ লগতে অসমত সূত্ৰজাগ্যৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰে।
তাৰপাছত তাৰপাছত সূতা অৰ্পন কাৰ্যসূচী
অনুষ্ঠিত হয়। ইয়াৰ পাছত সৰ্বোদয় মণ্ডলৰ
সভাপতি দময়ন্তী দেৱীয়ে
চলিত বৰ্ষৰ ৩০ জানুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ হোৱা কাৰ্যসূচীৰ চমু বিৱৰণ আগবঢ়ায়। সভাত
উত্তৰ-পূব খাদী মহাসংঘৰ মুকুল চন্দ্ৰ মেধি, সৰ্ব সেৱা সঘৰ অশোক ভাৰত, সৰ্বোদয় ট্ৰাষ্টৰ ভাৰপ্ৰাপ্ত সভাপতি ড০ জেউতি বৰুৱা আৰু ৰবিন বৰদলৈয়েও ভাষণ প্ৰদান কৰে। সভাত সৰ্বোদয় মণ্ডলৰ
সম্পাদক
অনন্ত সিং এ শলাগৰ শৰাই আগবঢ়ায়।
উল্লেখ্য, ৩০ জানুৱাৰীৰ শ্বহীদ দিৱসৰ দিনা এই অনুষ্ঠানৰ আৰম্ভণি কৰা হৈছিল।
গান্ধী ঘৰত আৰম্ভ হোৱা
১৫৬ ঘন্টীয়া অনুষ্ঠানৰ বুধবাৰে সামৰণি পৰে ।
শৰণীয়া আশ্ৰমত১৫৬ ঘণ্টীয়া অখণ্ডসূত্ৰ যজ্ঞ-সূত্ৰাঞ্জলিৰ সামৰণি অনুষ্ঠান
