• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ মহান প্ৰয়াসঃ পাঁচ হাজাৰ নামতিৰে গুৱাহাটী মহানগৰীত আয়োজন নাম-সমাৰোহ

ByNaba Barta

Apr 10, 2025
Spread the love

 _উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা_ 

নববার্তা গুৱাহাটী:: ঐতিহ্যমণ্ডিত কুমাৰপাৰাৰ শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ ভাতৃ সংগঠন শঙ্কৰ-মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত অহা ইং ১৮ এপ্ৰিল ২০২৫ তাৰিখে ৫ হাজাৰ নামতিৰে অনুষ্ঠিত কৰা হ’ব নাম সমাৰোহ। মহানগৰীৰ আৰ্য্য মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানত ৫ হাজাৰ নামতিয়ে একেলগে পৰিৱেশন কৰিব গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি বৰগীত, ঘোষানাম, হোলীগীত, থিয়নাম আদি। আজি অনুষ্ঠানটি সন্দৰ্ভত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ প্ৰাংগণত এখনি সংবাদমেল সম্বোধন কৰা হয়। সংবাদমেল সম্বোধন কৰে সত্ৰাধিকাৰ সনাতন দাস বাপ, অনুষ্ঠানৰ কাৰ্যকৰী সভাপতি মৃদুল কুমাৰ মেধি, সাধাৰণ সম্পাদক কমল কুমাৰ, সহকাৰী সম্পাদক নিতুল ডেকা, কাৰ্যালয় সম্পাদক ডিম্পী ভৰালীয়ে। সংবাদমেলত সাধাৰণ সম্পাদক কমল কুমাৰে জানিবলৈ দিয়ে যে, গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰে আয়োজন কৰা উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, কেবিনেট মন্ত্ৰী অশোক সিংঘাল। ইতিমধ্যে নাম সমাৰোহ উপলক্ষে শংকৰ মাধৱ সাংস্কৃতিক সমন্বয় সমাজৰ নেতৃত্বত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ প্ৰাংগণৰ লগতে অসমৰ ভিন্ন স্থানত পূৰ্ণগতিত চলি আছে আখৰা। পুৱা ৭ বজাত পৰিৱেশ নিকাৰকৰণ, বৃক্ষৰোপনৰে শুভাৰম্ভণি হ’বলগীয়া উক্ত অনুষ্ঠানত পুৱা ৯ বজাত বন্তি প্ৰজ্বলন কৰিব সত্ৰাধিকাৰ সনাতন দাসদেৱে। বিশিষ্ট সমাজসেৱক সুৰেন্দ্ৰ গোৱেলে ধৰ্মধ্বজা উত্তোলন কৰিবলগীয়া উক্ত অনুষ্ঠানত ৯.৩০ বজাৰ অনুষ্ঠিত হ’ব সামূহিক প্ৰাৰ্থনা। অনুষ্ঠানৰ সভাপতি তথা গুৱাহাটী পৌৰনিগমৰ পৌৰপতি মৃগেন শৰণীয়াই পুৱা ৯.৪৫ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিবলগীয়া অনুষ্ঠানটি পুৱা ১০ বজাৰ পৰা আৰম্ভণি কৰা হ’ব নাম-সমাৰোহৰ বিশেষ কাৰ্যসূচী। অসমৰ ভিন্ন জিলাৰ পৰা নামতিয়ে অংশগ্ৰহণ কৰিবলগীয়া উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী স্বাক্ষৰিত অভিনন্দন পত্ৰ আৰু শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ তৰফৰ পৰা এখনিকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *