• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মেঘালয়ৰ যোৰাবাটত কাৱাছাকি ফ্লেগশ্বিপ শ্ব’ৰুমৰ গ্ৰেণ্ড মুকলি

ByNaba Barta

Jun 7, 2024
Spread the love

নৱবার্তা গুৱাহাটী, : জাপানী ছুপাৰ বাইক কোম্পানী কাৱাছাকি ইণ্ডিয়া মটৰ্ছে বৃহস্পতিবাৰে বিয়লি মেঘালয়ৰ যোৰাবাটত উদ্বোধনী অনুষ্ঠানৰ মাজতে নতুন কাৱাছাকি ফ্লেগশ্বিপ শ্ব’ৰুমৰ ৰূপত নতুন দুৱাৰ মুকলি কৰা হয়। এই উদ্বোধনী কাৰ্যসূচীত মনীষ ছ চাক্সেনা, বিক্ৰী আৰু বিপণন মুৰব্বী (ইণ্ডিয়া কাৱাছাকি মটৰ্ছ), আশীষ সত্তিকাৰ, হ’ম’ল’গেচন, ৰেগুলেচন এণ্ড টেক চাৰ্ভিচেছ, হৰ্শাল ডাংগে, এ এছ এম (ইণ্ডিয়া কাৱাছাকি মটৰ্ছ) বন্তি প্ৰজ্বলন , কেক কাটি , ফিতা কাটি এই অনুষ্ঠানৰ উদ্বোধন কৰে। উল্লেখ্য,এই শ্ব ‘ ৰুমৰ জৰিয়তে ৰোমাঞ্চকৰ উপহাৰ, একচেটিয়া অফাৰ আৰু বহুতো আকৰ্ষণীয় সেৱা আগবঢ়ৱা হ’ব। বহু বাইকাৰ, ৰেচাৰ, ডিজিটেল প্ৰভাৱশালী, বিশেষ অতিথি আৰু আমন্ত্ৰিত লোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোৰ সৌস্তব বৃদ্ধি কৰিব। এই অঞ্চলৰ এই নতুন ফ্লেগশ্বিপ শ্ব’ৰুমে উত্তৰ-পূৰ্বাঞ্চলৰ বাইক প্ৰেমীসকলৰ উৎসাহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *