• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মিনিমাম ফ্ল’ৰ প্ৰাইচ- খেতিয়কৰ বহনক্ষমতাৰ চাবিকাঠি উন্মোচন

ByNaba Barta

Aug 15, 2024
Spread the love

:

নৱবার্তা গুৱাহাটী: শেহতীয়াকৈ গুৱাহাটীত উন্মোচন কৰা হয় চাহ উদ্যোগৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ সম্ভাৱনাক লৈ ৰচনা কৰা ”মিনিমাম ফ্ল’ৰ প্ৰাইচ’ শীৰ্ষক এখন নতুন গ্ৰন্থৰ।

উল্লেখ্য যে, ভাৰতৰ চাহ উদ্যোগে এনে কৌশলৰ নিৰন্তৰ পোষকতা কৰি আহিছে যিয়ে ইয়াৰ দীৰ্ঘম্যাদী স্থায়িত্ব নিশ্চিত কৰাৰ লগতে অভাৱনীয় প্ৰাকৃতিক প্ৰত্যাহ্বানৰ বাবে জীৱন আৰু জীৱিকাসংক্ৰান্তীয় সমস্যাজৰ্জৰ ৩০ লাখতকৈ অধিক শ্ৰমিকৰ বাবেও এক সুৰক্ষা বেষ্টনী প্ৰদান কৰে।

‘মিনিমাম ফ্ল’ৰ প্ৰাইচ অৱ টি- দ্য অনলি ৱে টু মেক দ্য টি প্লেনটেচন ছাচটেইনেবল’ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ধুনছেৰী গ্ৰুপৰ অধ্যক্ষ তথা গ্ৰন্থখনৰ লেখক চন্দ্ৰ কুমাৰ ধনুকাই গ্ৰন্থখনৰ বিশেষত্ব সম্পৰ্কে এনেধৰণে তেওঁৰ মতামত প্ৰকাশ কৰে:

  • চাহ উদ্যোগত প্ৰায় ৫২% বজাৰ দখল কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় ৭০২ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে। ইয়াৰ বিপৰীতে বৃহৎ চাহ খেতিয়কসকলে বজাৰৰ প্ৰায় ৪৮% অংশ দখল কৰে আৰু প্ৰায় ৬৪৮ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে।
  • চাহ ক্ৰেতা, বিক্ৰেতা (ব্যৱসায়ী), মধ্যভোগী আৰু পৰিবহণকাৰীয়ে মূলতঃ উদ্যোগটোত মধ্যস্থতাকাৰী হিচাপে কাম কৰে।
  • প্ৰায় ৩০ লাখ লোকক জীৱিকা প্ৰদান কৰা চাহ উদ্যোগৰ অংশীদাৰসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, যাৰ বিপৰীতে মধ্যভোগীসকলে এই সংখ্যাৰ ৫%তকৈও কম লোকক নিয়োগ কৰি আহিছে।
  • চাহ উদ্যোগটোত হাজাৰ হাজাৰ বিক্ৰেতা আছে যদিও মাত্ৰ ১০ জন মূল ক্ৰেতাইহে বজাৰখন নিয়ন্ত্ৰণ কৰি আছে।
  • এফ এ অ’ৰ প্ৰতিবেদন অনুসৰি বিশ্বজুৰি চাহৰ অতিৰিক্ত যোগান উপলব্ধ, যি কমেও ২০৩০ চনলৈকে চলি থাকিব বুলি আশা কৰা হৈছে।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম কাৰ্যকালৰ সময়ত কৃষিজাত সামগ্ৰীৰ মুঠ ব্যয়ৰ ওপৰত ৫০% মাৰ্জিনৰ কল্পনা কৰা হৈছিল যদিও সেয়া বৰ্তমানৰ পৰিস্থিতিত লাভ কৰা হোৱা নাই। চাহ খেতিয়কসকলে উৎপাদন খৰচ বহন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে, আনহাতে সমগ্ৰ ভাৰতৰ আন কৃষকসকলে নূন্যতম সমৰ্থন মূল্য (এম এছ পি) সুৰক্ষাৰ দ্বাৰা লাভাম্বিত হৈছে।
  • ফ্ল’ৰ প্ৰাইজ মেকানিজমত চৰকাৰে চাহ ক্ৰয় কৰা বা কোনো লেনদেনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাত জড়িত নহয়। ইয়াৰ বিপৰীতে নূন্যতম সমৰ্থন মূল্য (এম এছ পি) হৈছে চৰকাৰে কৃষকৰ পৰা কৃষিজাত সামগ্ৰী ক্ৰয় কৰাৰ নূন্যতম দৰ। গতিকে ফ্ল’ৰ প্ৰাইচ মেকানিজমৰ বাবে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক সহায়ৰ প্ৰয়োজন নাই, চাহ ক্ৰয় কৰিবলৈও চৰকাৰৰ প্ৰয়োজন নাই।
  • চাহ খণ্ডত কম মূল্য আৰু কীট-পতংগৰ ভয়ংকৰ আক্ৰমণৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ উৎপাদক উভয়ৰে বৃহৎ লোকচান হোৱাৰ লগতে দৰিদ্ৰ কৃষকৰ নূন্যতম জীৱন-ধাৰণৰ ক্ষমতাও বিপন্ন হৈ পৰিছে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আই টি এৰ অধ্যক্ষ হেমন্ত বাংগুৰ, টি এ আইৰ অধ্যক্ষ সন্দীপ সিংহানীয়া, কনফাডেৰেশ্যন অৱ স্মল টি গ্ৰ’ৱাৰ এছ’চিয়েশ্যনৰ সভাপতি বিজয় গোপাল চক্ৰৱৰ্তী, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ সভাপতি ৰাজেন বৰা, ভাৰতীয় চাহ নিগমৰ ব’ৰ্ড সদ্যস ৰাজীৱ গোঁহাই, অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহন আৰু সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰবিৰাম বড়ো সহিতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি নিজৰ মূল্যবান অন্তৰ্দৃষ্টি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *