• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মহিলাৰ স্বাস্থ্য আৰু ৰক্তদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ৰক্তদান শিবিৰ

ByNaba Barta

Jun 11, 2024
Spread the love

‘নৱবার্তা, গুৱাহাটী:: মহিলাৰ স্বাস্থ্য আৰু মংগলৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে লোৱা পদক্ষেপ, সমগ্ৰ গুৱাহাটীত ৪০+ৰো অধিক সংস্থাৰ সহযোগত অসম মহেশ্বৰী সেৱা ট্ৰাষ্টৰ সহযোগত মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী গ্ৰেটাৰে ৰক্তদাণ ২.০ ঘোষণা কৰি কৰিছে। এই উপলক্ষে গুৱাহাটীৰ মহেশ্বৰী ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী গ্ৰেটাৰৰ সভাপতি হিতেশ চোপ্ৰা আৰু সম্পাদক শেখৰ জাজদিয়াই এই কথা ঘোষনা কৰে। তেওঁলোকে কয় –
আগন্ত্ক ১৪ জুনত ‘ৱৰ্ল্ড ব্লাড ডনাৰৰ্চদে (WORLD BLOOD DONORS DAY) উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এই বিস্তৃত অনুষ্ঠানত মহিলাৰ বাবে ৰক্তদান শিবিৰ, প বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষজ্ঞৰ দলৰ নেতৃত্বত ছাৰ্ভাইকেল আৰু স্তন কেন্সাৰ সম্পৰ্কীয় তথ্যসমৃদ্ধ আলোচনা চক্ৰ, আৰু… অত্যাৱশ্যকীয় স্বাস্থ্য পৰীক্ষা কৰা হ”ব।তদুপৰি পিংক ডনেশ্যন ২.০-এ অৰেকল ডায়েগনষ্টিকছৰ সহায়ত বিনামূলীয়া হিম’গ্লবিন, থাইৰয়ড, আৰু চুগাৰ পৰীক্ষা কৰা হ ব। ।ৰক্তদাতাৰ অমূল্য অৱদানক স্বীকৃতি দিবলৈ পিংক ডনেশ্যন ২.০ য়ে সকলো অংশগ্ৰহণকাৰীকে আকৰ্ষণীয় উপহাৰ আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰিব।’ সংবাদ মেলত মঞ্চৰ প্ৰাক্তন সভাপতি ৰাম ভাতৰ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *