নৱবার্তা গুৱাহাটী: গুৱাহাটী মহানগৰীৰ জিলা শাখাৰ ব্যৱস্থাপনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ ৰূপনগৰত অনুষ্ঠিত হোৱা আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ পুৱা প্ৰাতঃ প্ৰসংগৰে আৰম্ভ কৰি পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই আধ্যাত্মিকপূৰ্ণ ভাষণেৰে ধৰ্মধজ্জা উত্তোলন কৰে৷ তাৰ পাছতে ভকত বান্ধৱৰ হৰ্ষধবনিৰে এটা বিশাল সাংস্কৃতিক তথা ভাগৱত শোভাযাত্ৰা উলিওৱা হয়৷ দিনৰ ১১ বজাত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়৷ প্ৰধান সম্পাদকে উদ্বোধনী ভাষণ আগবঢ়াই এই অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুমৰ্ম উপস্থিত থাকিব নোৱাৰি শুভেচ্ছামূলক ৰ্বাৰ্তা প্ৰেৰণ কৰা পত্ৰখন পাঠ কৰে৷ ইয়াৰ পাছতে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰী আহিব নোৱাৰাৰ কথা অৱগত কৰি ভাষণত কয় যে অয়মীয়া জাতিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাদ দি জীয়াই নাথাকে৷ ভাৰতীয় সংস্কৃতি ৰক্ষাৰ ৰক্ষকে হ’ল শংকৰদেৱ৷ সেয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলে শংকৰদেৱক আমি কেনেকৈ ভগৱান বুলি ভাবিব পাৰো সেই ব্যৱস্থা কৰক৷ আমি অসম চৰকাৰে সকলো ব্যৱস্থা কৰি দিম বুলি কয়৷ সভাত কণমানি শিশু বক্তা বাৰ্ব্বী কলিতাই প্ৰায় ৪০ মিনিট সময়ত সাৰুৱা ভাষে¸ণৰে আগবঢ়ায়৷ ইয়াৰ পাছতে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় ড॰ মৃণাল কুমাৰ বৰুৱাই৷ ড॰ বৰুৱাই ভাষণ প্ৰসংগত মহাপুৰুষজনাৰ কলা-সাহিত্য-সংস্কৃতিৰ লগতে বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত বিস্তৃতভাৱে উল্লেখ কৰে৷