• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

মধ্য গুৱাহাটী স্বর্ণশাখা সাহিত্য সভাৰ দ্বিবার্ষিক পূৰ্ণাংগ অধিৱেশনৰ সামৰণি

ByNaba Barta

Feb 17, 2025
Spread the love

নৱবাৰ্তা গুৱাহাটী: মধ্য গুৱাহাটী স্বর্ণশাখা সাহিত্য সভাৰ দ্বিবার্ষিক পূর্ণাংগ অধিৱেশন মধ্য গুৱাহাটী
স্বর্ণশাখা সাহিত্য সভাৰ উদ্যোগত আৰু কে চি দাস কমাৰ্চ কলেজৰ সহযোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি প্রমোদ চন্দ্ৰ ঠাকুৰীয়াই। পুৱা ৯-৩০ বজাত বন্তি প্রজ্বলন কৰে উপদেষ্টা সৰলা চৌধুৰীয়ে আৰু মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্রয়াত ডাঃ দিলীপ চন্দ্র দাস স্মৃতিত স্মৃতি তর্পণ কৰে প্ৰাক্তন সভাপতি প্রতিমা দেৱী গোস্বামীয়ে। ১০ বজাত আকাশ উপ-সমিতিৰ সাংস্কৃতিক কাৰ্যসূচীত বৰগীত, লোকগীত আৰু আধুনিক গীত পৰিৱেশন কৰে শাখাৰ সদস্য-সদস্যাসকলে। দিনৰ ১২ বজাত নৱ নিৰ্বাচিত সভাপতিক লৈ উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে অসমৰ চৰকাৰৰ ভাষা গৌৰৱ বঁটা প্ৰাপক কবি-লেখক অনিল ডেকাই। দিনৰ ১ বজাত মুকলি সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি প্রমোদ চন্দ্ৰ ঠাকুৰীয়াই। সভাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ নৱ নির্বাচিত সভাপতি, নাট্যকাৰ, ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত লেখক-সাহিত্যিক প্রফুল্ল বর্মনে মুখ্য অতিথিৰ আসন গ্রহণ কৰে। লগতে মধ্য গুৱাহাটী স্বর্ণ শাখা সাহিত্য সভাৰ সভাপতি প্রমোদ চন্দ্ৰ ঠাকুৰীয়াৰ উপন্যাস ‘আভিজাত্য’ উন্মোচন, কৰে। অনুষ্ঠানত আন এখন গ্রন্থ মধ্য গুৱাহাটী স্বর্ণ শাখাৰ সাহিত্য সভাৰ সম্পাদক কমল চন্দ্ৰ লহকৰৰ গ্ৰন্থ ‘ভুমুকি’ উন্মোচন কৰে শ্রীমৎ দেৱদামোদৰ সংঘৰ ৰাজ্যিক কমিটিৰ মহিলা কোষৰ আহ্বায়কাল প্রণীতা কাকতিয়ে। অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন গ্রহণ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ তথা গুৱাহাটী সাহিত্য সভাৰ সম্পাদক মৃগেন শৰণীয়া, সদৌ অসম মুক্তি যুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শর্মা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক অৰুণ মহন্ত আৰু বিশিষ্ট সমাজকর্মী প্ৰণৱ মেধি আৰু ডাঃ জিতেন্দ্রনাথ গোস্বামীয়ে। উক্ত সভাত মুক্তিযুঁজাৰু প্রয়াত কুসুম লহকৰৰ কনিষ্ঠ পুত্র সদৌ গুৱাহাটী ছাত্রসন্থাৰ সাধাৰণ সম্পাদক-গণ আন্দোলন আলোচনীৰ সম্পাদক প্রয়াত প্রবীণ চন্দ্ৰ লহকৰৰ কনিষ্ঠ কন্যা আৰু কমল চন্দ্ৰ লহকৰৰ ভতিজী, সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা নীলাক্ষি লহকৰক মধ্য গুৱাহাটী স্বর্ণ শাখাৰ সাহিত্য সভাৰ তৰফৰ পৰা মেয়ৰ মৃগেন শৰণীয়া আৰু দ্বিজেন্দ্র মোহন শৰ্মাৰ হাতেৰে ফুলাম গামোচা, ফুলাম জাপি, স্মাৰক আৰু টুফীৰে সম্বর্ধনা জনোৱা হয়। । সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক বাবুল ৰাজবংশীয়ে। আদৰণি ভাষণ আগবঢ়ায় সম্পাদক কমল চন্দ্র লহকৰে আৰু শলাগৰ শৰাই আগবঢ়াই মধ্য গুৱাহাটী স্বর্ণ সাহিত্য সভাৰ কোষাধ্যক্ষ শুভ্রজ্যোতি সৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *