নৱবার্তা গুৱাহাটী :
ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত বীৰ চিলাৰায় দিৱস উলহ মালহেৰে বুধবাৰে পালন কৰা হয়। এই উপলক্ষ্যে পুৱা ৯ বজাত মহানগৰৰ ভঙাগড়স্থিত চিলাৰায় নগৰত থকা বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সমূহীয়া চাফাইৰে বীৰ চিলাৰায় দিৱসৰ সুভাৰাম্ভ কৰা হয়। ইয়াৰ পিছতে বীৰ জনাৰ প্রতিমূৰ্তিত মাল্যার্পন কৰি এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ মহানগৰ জিলা সমিটিৰ সভাপতি তপন দাস, পূব গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচাৰ্য্য, ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামীকে ধৰি দলৰ জিলা, মণ্ডলৰ সকলো কায্যকৰ্তা তথা সদস্যই অংশ গ্রহণ কৰে।
বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি পুৱা ১১ বজাত মহানগৰ জিলা সমিটিৰ উদ্যোগত উজান বজাৰস্থিত ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্য্যালয় পদ্ম ভৱনৰ লাচিত বৰফুকন সভাগৃহত জিলা সভাপতি তপন দাসৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় গীতেৰে সভাখন সুভাৰম্ভ কৰা হয়। এই সভাত কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যপক ড° জ্ঞানেন্দ্ৰ বৰ্মনে বীৰ জনাৰ জীৱনৰ বিষয়ে আলোকপাত কৰি বিস্তৃত ভাৱে বক্তব্য আগবঢ়ায়। এই সভাত বীৰ চিলাৰায়ৰ বংশৰ বৰ্তমান বেলতলা মৌজাৰ মৌজাদাৰ পৰিক্ষিত নাৰায়ণ দেৱ উপস্থিত থাকি সভাৰ সৌস্তভ বঢ়ায়। সভাখন সঞ্চালন কৰে মহানগৰ জিলা সমিটিৰ সাধাৰণ সম্পাদক বিজয় পাঠকে। জিলাৰ সম্পাদক নৱজ্যোতি পাটোৱাৰীয়ে শেষত সকলোলৈকে সলাগৰ শৰাই আগবঢ়ায়। ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি কৰা হয়।ইয়াৰ পিছত বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাতি মহানগৰ জিলা সমিটিৰ উদ্যোগত বিশিষ্ট নাট্যকাৰ, নাট আৰু বোলছবি পৰিচালক, ১৯৯৮ চনৰ পৰিচালনা শিতানত সংগীত নাটক একাডমী বঁটা প্রাপক, ২০১৯ চনৰ নটসূর্য্ ফণী শর্মা বর্টা প্রাপক, দুলাল ৰয়ক তেওঁৰ বাসগৃহত জিলা সাধাৰণ সম্পাদক বিজয় পাঠক, জিলা সম্পাদক নৱজ্যোতি পাটোৱাৰীৰ নেতৃত্বত সম্বৰ্ধনা জনোৱা হয়।
ভাৰতীয় জনতা পার্টি, গুৱাহাটী মহানগৰ জিলা সমিটিৰ উদ্যোগত’বীৰ চিলাৰায় দিৱস’ পালন
