• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বৃহত্তৰ বেলতলা ব’হাগী উৎসৱ, বনগাওঁৰ৪৭ সংখ্যক বাৰ্ষিক ৰঙালী উৎসৱ

ByNaba Barta

Apr 13, 2025
Spread the love

গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়াল লৈ একলাখ টকাৰ আৰ্থিক সাহাৰ্য

নৱবার্তা গুৱাহাটী : গুৱাহাটীৰ বৃহত্তৰ বেলতলা ব’হাগী উৎসৱ, বনগাওঁ উদ্যাপন সমিতিৰ উদ্যোগত ৯, ১০ আৰু ১১ মে’ত ৪৭ সংখ্যক ব’হাগী উৎসৱ দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে- দেওবাৰে দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বিহুৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ৪৭ সংখ্যক বাৰ্ষিক বৃহত্তৰ বেলতলা ব’হাগী উৎসৱ, বনগাঁও উদ্ যাপন সমিতিৰ সভাপতি জয়ন্ত কুমাৰ দাসে। তেওঁ লগতে কয়- এইবাৰৰ পৰা আমি সামাজিক দায়বদ্ধতা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীৰ অংশস্বৰূপে আমি
গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়াল লৈ একলাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াম। এই সামাজিক দায়বদ্ধতা কাৰ্যসূচী আমাৰ অনাগত সময়তো অব্যাহত থাকিব।আমাৰ উৎসৱৰ কাৰ্যসূচী অনুসৰি ৯মে’ ৰ পুৱা ৯-০০ বজাত বিহুৰ পতাকা উত্তোলন, পুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পন, পুৱা ১০ বজাত গছপুলি ৰোপণ কাৰ্যসূচী,
পুৱা ১১-০০ বজাত খেল-ধেমালি, চিত্ৰাংকণ কাৰ্যসূচী, সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভ, সন্ধিয়া ৬-৩০ বজাত বনগাঁও নৱজ্যোতি সংঘৰ সদস্য সকলে সমবেত সংগীত পৰিবেশন কৰিব। সন্ধিয়া ৭ বজাত বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। নিশা ১২ বজাৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে সংগীতানুষ্ঠান পৰিবেশন কৰিব। ১০ মে’ ত বিয়লি ৩-০০ বজাত স্থানীয় শিল্পী সকলে বাৰে বৰণীয়া অনুষ্ঠান পৰিবেশন কৰিব। সন্ধিয়া ৬-০০ বজাত বঁটা বিতৰণী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব। সন্ধিয়া ৭ বজাত বিশিষ্ট শিল্পী জে পি দাস, সন্ধ্যা মেনন, দ্বীপেন বৰুৱা, খগেন গগৈ,বিদ্যা সাগৰ, বিজয় ভূঞা আদি শিল্পীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকে সংগীতানুষ্ঠান পৰিবেশন কৰিব। নিশা ১২-৩০ বজাৰ পৰা জনপ্রিয় কণ্ঠশিল্পী বাস্তৱ নাথ, সাৰদা হাজৰিকা আৰু অভিৰাজে আধুনিক গীতৰ শৰাই আগবঢ়াব। ১১ মে’ত
সন্ধিয়া ৬-০০ বজাত
বিহু হুঁচৰি প্রতিযোগিতাৰ বিজয়ীক বঁটা প্রদান কৰাৰ লগতে সন্ধিয়া ৬-৩০ বজাত
স্থানীয় কণ্ঠশিল্পীসকলে গীত পৰিবেশন কৰিব। নিশা ৯-০০ বজাত জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আধুনিক গীতৰ শৰাই আগবঢ়াব।নিশা ১১-৩০ বজাৰ পৰা বিভিন্ন কৃষ্টিদলসমূহৰ নৃত্য পৰিবেশন কৰা হ’ব।
নিশা ১২-৩০ বজাৰ পৰা
জনপ্রিয় কণ্ঠশিল্পী ভৃগু কাশ্যপে আধুনিক গীতৰ শৰাই আগবঢ়াব। দেওবাৰে আমি বিষ্ণু হোম যজ্ঞৰে আমাৰ ব’হাগী উৎসৱৰ শুভাৰম্ভ কৰাৰ লগতে আমাৰ অস্থায়ী কাৰ্যালয়টোৰ শুভাৰম্ভ কৰিলো। আমি এইবাৰ আমাৰ হেৰাই যাবলৈ ধৰা থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। তদুপৰি বশিষ্টৰ পৰা লতাকটা পর্যন্ত থকা জ্যেষ্ঠ নাগৰিক সকলক এই উৎসৱত সন্মান জনোৱা হ’ব। বিহু হুঁচৰি প্ৰতিযোগিতাৰ বিজয়ীক ১লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব। এই অনুষ্ঠানত আমি সকলোৰে সহায়-সহযোগিতা কামনা কৰিছোঁ।’ সংবাদ মেলত বৃহত্তৰ বেলতলা ব’হাগী উৎসৱ, বনগাঁও উদ্ যাপন সমিতিৰ সাধাৰণ সম্পাদক ৰঞ্জন ৰহাং প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *