• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বি বৰুৱা মহাবিদ্যালয়ত জিলা ভিত্তিত যুৱ উৎসৱৰ সফল সামৰণি

ByNaba Barta

Dec 6, 2024
Spread the love

নৱবার্তা গুৱাহাটী : গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) এন.এছ.এছ. গোট, নেহৰু যুৱ কেন্দ্ৰ, কামৰূপ (ম) আৰু কামৰূপ (ম) জিলা প্ৰশাসনৰ সহযোগত বুধবাৰে বি বৰুৱা মহাবিদ্যালয়ত জিলা ভিত্তিত যুৱ উৎসৱৰ আয়োজন কৰে। এই অনুষ্ঠানত জিলাৰ যুৱপ্ৰজন্মৰ প্ৰতিভা, সৃষ্টিশীলতা, আৰু দক্ষতাক বিভিন্ন প্ৰতিযোগিতাৰ জৰিয়তে উদযাপন কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী মহানগৰৰ মেয়ৰ মৃগেন শৰণীয়া। তেওঁ যুৱপ্ৰজন্মক উৎসাহিত কৰি নিজস্ব প্ৰভাৱশালী বক্তৃতাৰে যোগ্যতাৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সত্যন্দ্ৰ নাথ বৰ্মনে সমাগত সকলক আদৰণি জনাই পঞ্চপণৰ যোগেদি বকশিত ভাৰত ২০৪৭ৰ বাবে যুৱপ্ৰজন্মৰ দায়িত্ব বিষয়ে আলোকপাত কৰে। নেহৰু যুৱ কেন্দ্ৰৰ উপ-নিৰ্দ্দেশক প্ৰমোতেশ চক্ৰৱৰ্তীয়ে যুৱ উৎসৱৰ উদ্দেশ্যসমূহৰ ওপৰত আলোকপাত কৰি যুৱ শক্তিৰ ক্ষমতা আৰু সাংস্কৃতিক প্ৰতিচ্ছবি উন্নয়নৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰে। কামৰূপ (ম)ৰ অতিৰিক্ত উপায়ুক্ত কেচিঅ’ কৰন পেগুৱে নিজৰ সমৰ্থন আৰু উৎসাহ প্ৰদান কৰে।উৎসৱত বিজ্ঞান মেলা (ব্যক্তিগত), বিজ্ঞান মেলা (দলীয়), যুৱ শিল্পী প্ৰতিযোগিতা, যুৱ লেখক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা, ম’বাইল ফটোগ্ৰাফি প্ৰতিযোগিতা, দলীয় লোকনৃত্য প্ৰতিযোগিতাকে ধৰি সাতটা শিতানত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
প্ৰায় ২৫০ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি তেওঁলোকৰ সুন্দৰ প্ৰতিভাৰ পৰিচয় দিয়ে। বিজয়ীসকলে জানুৱাৰী ২০২৫ ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক যুৱ উৎসৱত কামৰূপ (ম) জিলা প্ৰতিনিধিত্ব কৰিব।আয়োজনৰ সকলো দিশ সুচাৰুভাৱে পৰিচালনা কৰাৰ দায়িত্ব পালন কৰাৰ লগতে বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰে বি বৰুৱা মহাবিদ্যালয়ৰ এন.এছ.এছৰ কাৰ্যসূচী বিষয়া ড০ সত্যব্ৰত বৰুৱা আৰু কামৰূপ মহনগৰৰ নেহৰু যুৱ কেন্দ্ৰৰ যুৱ বিষয়া চয়ন শুক্লবৈদ্যই।

Leave a Reply

Your email address will not be published. Required fields are marked *