• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বি বৰুৱা পথত ‘ফিটনেছ ছায়েন্স’ মুকলি

ByNaba Barta

Nov 2, 2024
Spread the love


এতিয়াৰে পৰা গুৱাহাটীতে সকলো ফিটনেছ সম্ভৱ হৈ উঠিব

নৱ বার্তা গুৱাহাটী, ঃ গুৱাহাটীৰ উলুবাৰীৰ বি বৰুৱা পথত আজি ‘ফিটনেছ ছায়েন্স’ নামৰ অত্যাধুনিক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কেন্দ্ৰ মুকৰি কৰে৷ খেলুৱৈৰ লগতে সৰ্বসাধাৰণ ব্যক্তিৰ বাবে অতি প্ৰয়োজনীয় তথা বহু অত্যাধুনিক সুবিধাৰ উপলব্ধ থকা এই কেন্দ্ৰটো আজি বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে বি চি চি আইৰ যুটীয়া সচিব তথা জ্যেষ্ঠ অধিবক্তা দেৱজিৎ শইকীয়াই৷ কেন্দ্ৰটো মুকলি কৰি তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলত বহু দিনৰ পৰা এনে এটা কেন্দ্ৰৰ অভাৱ অনুভৱ কৰি আছিলো৷ বিশেষকৈ যিসকল লোক শাৰীৰিকভাৱে অসক্ষম হৈ পৰিছে এনে লোক পুনৰ এই কেন্দ্ৰটোৰ জৰিয়তে সাধাৰণ অৱস্থালৈ ঘুৰি আহিব পাৰিব৷ পূৰ্বে খেলুৱৈসকল আঘাতপ্ৰাপ্ত হ’লেই সুস্থ হৈ উঠিবৰ বাবে বাহিবলৈ যাবলৈ লগীয়া হৈছিল৷ এতিয়া এই সকলো গুৱাহাটীত সম্ভৱ হৈ উঠিব৷ উল্লেখযোগ্য যে এই ফিটনেছ ছাইন্স কেন্দ্ৰটো ড॰ ললিত শ্বাহ, ৰাজেশ জৈন আৰু ববী দেওৰাৰ যুটীয়া উদ্যোগত আৰম্ভ কৰা হৈছে৷ হাইড্ৰ’থেৰাপী, জলপ্ৰবাহী পাদচালিত এই কেন্দ্ৰটোত শিথিলতা আৰু মানসিক চাপৰ পৰা উপশম তথা বিষ নিয়ন্ত্ৰণ কৰা, হৃদযন্ত্ৰৰ সুবিধা, ওজনৰ ব্যৱস্থাপনা আছে৷ উন্নত স্কেনিং লেজাৰ থেৰাপীৰ জৰিয়তে মাইঅ’ ফেচিয়েল ট্ৰিগাৰ, ক্ৰীড়াৰ আঘাত, ডায়েবেটিক নিউৰ’ পেথী, অস্ত্ৰোপচাৰৰ পাছত হোৱা ঘা আদি নিৰাময় কৰাত সুবিধা হ’ব৷ ইয়াৰ লগতে কেন্দ্ৰটোত বহু অত্যাধুনিক সুবিধা আছে৷ এতিয়াৰে পৰা গুৱাহাটী তথা উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিয়ে শাৰীৰিক ফিটনেছৰ বাবে বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাথাকিব৷ সকলো ফিটনেছ ছায়েন্সত সম্পন্ন হৈ উঠিব৷ ফিটনেছ ছায়েন্স’ ড০ ললিত শ্বাহ, ৰাজেশ জৈন আৰু ববী দেওৱাৰ প্ৰচেষ্টাত মুকলি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *