• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি ‘মেগা কাৰ্ডিঅ’লজি’ সন্মিলন

ByNaba Barta

Sep 28, 2024
Spread the love

নৱবার্তা গুৱাহাটী:বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি ‘মেগা কাৰ্ডিঅ’লজি’ সন্মিলনৰ আয়োজন কৰা হৈছে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভাৰতীয় কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়া নৰ্থ ইষ্ট চেপ্টাৰ (চি এছ আই – এন ই শাখাৰ) আৰু কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ অসমৰ সদস্যসকলৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে বিশেষজ্ঞ চিকিৎসক তথা চি এছ আই – এন ই শাখাৰ সভাপতি
ডাঃ নীল বৰদলৈয়ে। তেওঁ লগতে কয়- হৃদজনিত ৰোগ সম্পৰ্কে মানুহৰ মাজত সজাগতাৰ অভাৱ আমি যাতে এটা স্বাস্থ্য সন্মত জীৱন যাতে অতিবাহিত কৰিব পাৰো তাত গুৰুত্ব দিব লাগে।
২৯ ছেপ্টেম্বৰ বিশ্ব হৃদযন্ত্ৰ দিৱস উপলক্ষে গুৱাহাটীৰ ৰূপনগৰ থকা ছাই মধুৰাম (ছাই বাবা মন্দিৰ)ত পুৱা ৯:০০ বজাৰ পৰা দুপৰীয়া ২:০০ বজালৈ শিবিৰৰ আয়োজন কৰা হৈছে। “আমি আশা কৰিছো যে ৩০০-৩৫০ জন লোকৰ আনুমানিক ভৰিৰ সংখ্যা হ’ব যিয়ে ফ্ৰী মেগা কাৰ্ডিঅ’লজি কেম্পত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে, য’ত চহৰখনৰ আগশাৰীৰ কাৰ্ডিঅ’লজিষ্টসকলে বিনামূলীয়াকৈ হৃদযন্ত্ৰৰ পৰামৰ্শ, বিনামূলীয়া বিপি/ব্লাড চুগাৰ/ইচিজি স্ক্ৰীনিং (প্ৰয়োজন হ’লে) আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰিব।” সংবাদ মেলত হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসক তথা
চি এছ আই – এন ই শাখাৰ সম্পাদক ডাঃ . চন্দন মদকে ভাষণত কয়-হৃদজনিত ৰোগ সম্পৰ্কে আমি সকলোৰে মাজত সজাগতা সৃষ্টি কৰিব লাগে। চৰকাৰেও এই বিষয়ত আচঁনি গ্ৰহণ কৰিব লাগিব যাতে আমি ৰোগ ৰোধ কৰিব পাৰো।’ সংবাদ মেলত হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসক,চি এছ আই – এন ই শাখাৰ কোষাধ্যক্ষ, ডাঃ কৃষ্ণ নাৰ্জাৰী, কাৰ্যবাহী সদস্য
ডাঃ ঋতুপৰ্ণ বৰুৱা আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *