• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বিনামূলীয়া থেৰাপী কেন্দ্ৰ ৰ উদ্ধোধন

ByNaba Barta

Oct 8, 2024
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ গড়চুক চাৰিআলিৰ এ.কে. দেৱ পথত সোমবাৰে চেৰাজেম বিনামূলীয়া থেৰাপী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। এই সম্পৰ্কে কেন্দ্ৰটোত অনুষ্ঠিত এখন সংবাদ মেলত
চেৰাজেমৰ এৰিয়া মেনেজাৰ (এ ডি)অভয় কুমাৰ সিঙে কয়- গুৱাহাটীত চেৰাজেমৰ এইটো ২নং স্বাস্থ্য সেৱা কেন্দ্ৰ য’ত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়। এই কেন্দ্ৰলৈ প্ৰতিদিনে চিকিৎসা গ্রহণৰ বাবে ২০০, ৪০০ জন লোক আহে।চেৰাজেম এনে এক অত্যাধুনিক বিকল্প পদ্ধতি য’ত বিনা ঔষধৰ ব্যৱহাৰেই প্রাকৃতিক থেৰাপীৰ দ্বাৰা সকলোধৰণৰ শাৰীৰিক অসুস্থতাৰ পৰা মুক্তি লাভ কৰিব পাৰি। থেৰাপীৰ পৰা হোৱা লাভসমূহ হৈছে ক্ৰমে সকলোধৰণৰ বিষ যেনে পিঠিৰ বিষ, স্পণ্ডেলাইটিচ,বাতবিষ, আঠুৰবিষ,কঁকালৰ বিষ ইত্যাদি। তেজৰ পৰা আৰু স্নায়ুৰপৰা হোৱা সকলো সমস্যা মধুমেহ, থাইৰয়ড, ৰক্তচাপ, হাপানী, কফ্, লিভাৰ, হার্ট, কিড নি, কৌষ্ঠকাঠিন্য, কেচুমুৰীয়া, ডিঙি, কাণ, চকুৰ সকলো সমস্যা, মাইগ্রেন, চাইনাচ, গেছৰ সমস্যা সকলো ধৰণৰ গুপ্তৰোগ যেনে-প্ৰষ্টেটৰ সমস্যা, মাহেকীয়া সমস্যা, জৰায়ুৰ সমস্যা, বগাস্ৰাৱ ইত্যাদিৰ পৰা উপশম পোৱা যায়। এই চিকিৎসাৰ বাবে ৯০-১২০ দিন অৰ্থাৎতিনি চাৰিমাহৰ চিকিৎসাৰ প্ৰ্য়োজন। ২০ খন বিচনা থকা আমাৰ কেন্দ্ৰটোৰ জৰিয়তে বহু লোক উপকৃত হৈছে।ৰাইজে বিনামূলীয়া সেৱা লাভ কৰিবলৈ হলে ৯৯৫৭১-৩০১২৯ ,৭৬৩৬৮০০০৪৯ নম্বৰত যোগাযোগ কৰিব পাৰিব। এই কেন্দ্ৰই এতিয়ালৈকে ৮ হাজাৰ লোকক চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। মিৰ্জা, আজাৰা আদিৰ পৰা লোক আহে। প্ৰশিক্ষণ প্ৰাপ্ত ৭ জন কৰ্মচাৰী আছে।’ সংবাদ মেলত কেন্দ্ৰৰ পৰিচালক
ৰিদ্বীপ শইকীয়া, সুনিলে মালা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *