• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

বিগ ফিল্মছ মিডিয়াৰ নিবেদনত নিৰ্মাণ অসমীয়া ভৌতিক ছবি “মায়া ৮.৮”

ByNaba Barta

Sep 28, 2024
Spread the love

নৱবার্তা গুৱাহাটী, : সদ্য মুক্তিপ্রাপ্ত চিকাৰ ছবিখনৰ উল্লেখনীয় ব্যৱসায়ীক সফলতাত উৎসাহিত হৈ বিগ ফিল্মছ মিডিয়াই ঘোষণা কৰিছে তেওঁলোকৰ পৰৱৰ্তী ছবি “মায়া ৮.৮”। এক সিহৰণকাৰী ভৌতিক কাহীনিৰে “মায়া ৮.৮” ছবিগৃহলৈ আহিব ২০২৫ ৰ মাজৰ ভাগত। “মায়া ৮.৮” ৰ পৰিচালনাৰ দায়িত্বত থাকিব দেবাংকৰ বৰগোহাঁই। এটা পূৰণীকলিয়া ঘৰ আৰু তাত বাস কৰা এক অতৃপ্ত আত্মাৰ আধৰুৱা হেপাহবোৰ পুনৰ ঠন ধৰি উঠে যেতিয়া ঘৰটোত প্ৰৱেশ কৰে এনেকুৱা কোনোবাই, যাৰ এই ঠাইখন বা সেই পূৰণীকলিয়া ঘৰটো অথবা সেই আত্মাৰ সৈতে কোনো সম্পর্ক নাই। কিয় সাৰ পাই উঠে সেই অতৃপ্ত আত্মা আৰু কাহীনিয়ে কিমান উৎকণ্ঠালৈ গতি কৰে, তাকে লৈ “মায়া ৮.৮”।
দেবাংকৰ বৰগোহাঁইৰ মতে, চিকাৰৰ দৰেই “মায়া ৮.৮”তটো দর্শকে বিচাৰি পাব কিছু নতুন সোৱাদ আৰু এক অনন্য সিহৰণ। ন-পূৰণি শিল্পিৰে “মায়া ৮.৮”ত সমাহাৰ ঘটিব অসমৰ চিত্ৰগৃহৰ বহুতো প্রতিভাশালী অভিনেতা-অভিনেত্রিৰ। অহা বছৰৰৰ আৰাম্ভণিতে চিত্রগ্রহন সমাপ্ত হ’বলগা “মায়া ৮.৮”ক লৈ আশাবাদী বিগ ফিল্মছ মিডিয়া। ইতিমধ্যে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰাম্ভ হৈ যোৱা বুলি জানিবলৈ দিছে প্রযোজক, পৰিচালকে।

Leave a Reply

Your email address will not be published. Required fields are marked *