• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

নাৰায়ণা শৈক্ষিক প্ৰতিষ্ঠানৰ জে ই ই মেইনছ ত শীর্ষ পদবীৰ সৈতে বিশেষ সফলতা

ByNaba Barta

Apr 19, 2025
Spread the love

নৱবার্তা’গুৱাহাটী : নাৰায়ণা
শৈক্ষিক প্ৰতিষ্ঠানে
জেই ই মেইনছ ২০২৫ৰ ফলাফলত বিশেষ সফলতা লাভ কৰিছে। শৈক্ষিক প্ৰতিষ্ঠানখনে মুকলি শাখাত অল ইণ্ডিয়া ৰেংক ১ আৰু শীৰ্ষ ১০০ত ২৫ ৰেংক লাভ কৰিছে-শনিবাৰে গুৱাহাটীৰ ইনষ্টিটিউটখনত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে নাৰায়ণ শিক্ষানুষ্ঠানৰ সঞ্চালক ড০ পি সিন্ধুৰাই। তেওঁ লগতে কয় যে- শনিবাৰে ঘোষণা কৰা জে ই ই মেইন্ ছ ত শীৰ্ষ ২০ টা ৰেংকৰ ভিতৰত ৬ টা (মুকলি শিতান)
শীৰ্ষ ২৫ টা ৰেংকৰ ভিতৰত ১০ টা (মুকলি শিতান)
শীৰ্ষ ১০০ ৰেংকত ২৫ টা (মুকলি শিতান) ত আমাৰ শিক্ষাৰ্থীয়ে বিশেষ সফলতা লাভ কৰিছে।
নাৰায়ণৰ ছাত্ৰী বাণীব্ৰতা মাঝিয়ে ৩০০/৩০০ নম্বৰ লাভ কৰে যিটো সৰ্বভাৰতীয় টপাৰ হিচাপে বিবেচিত হৈছে।নাৰায়ণৰ ছাত্ৰ-ছাত্ৰীসকলেও শীৰ্ষ ২০ টা অল ইণ্ডিয়া ৰেংকৰ ভিতৰত একাধিক শীৰ্ষ পদবী লাভ কৰিছিল ক্ৰমে
শিভেন বিকাশ টোছিনিভালে – ৯, সৌৰভে – ১২, আৰ্শিস্মান নন্দিয়ে – ১৩, সনিধ্য চাৰাফে – ১৯, আৰু আয়ুষ সিংঘালে– ২০ নম্বৰ স্থান লাভ কৰিছে।আমি ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বোত প্ৰকাৰৰ উন্নয়নত গুৰুত্ব আৰোপ কৰো। এই সফলতাত আমি গৌৰৱাম্বিত।
আমাৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক, আৰু আমাৰ ওপৰত নিজৰ আস্থা ৰখা অভিভাৱক সকলক ধন্যবাদ জনালো।’ সংবাদ মেলত শিক্ষানুষ্ঠানৰ
অধ্যক্ষ পি ৰামাদেৱী, নাৰায়ণ শিক্ষানুষ্ঠানৰ পৰিচালক পি শৰণীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ এই সফলতাত গৌৰৱাম্বিত বুলি কয়। লগতে তেওঁলোকে এই বছৰত নাৰায়ণৰ মূল ফলাফলৰ স্থায়িত্ব আকৌ এবাৰ স্পষ্ট হৈ পৰিছে। বিগত ছবছৰত তৃতীয়বাৰৰ বাবে নাৰায়ণে সৰ্ব ভাৰতীয় ভিত্তিত শীর্ষ ৰেংক লাভ কৰিছে। ইয়াৰ উপৰিও বিগত পাঁচ বছৰত নাৰায়ণৰ ছাত্ৰ-ছাত্ৰীসকলে শীৰ্ষ ১০ ৰেংকৰ ২১ শতাংশ দখল কৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ আধিপত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছ বুলি কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *