• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

ডে’ কেয়াৰ স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত জিএনআৰচি হাস্পতালৰ বিশেষ ভূমিকা

ByNaba Barta

Aug 23, 2024
Spread the love

মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি একেদিনাই ৰোগী উভতি যাব পাৰিব ঘৰলৈ-

নৱবাৰ্তা গুৱাহাটী: মিনিমেলী ইনভেচিভ স্পাইন ছাৰ্জাৰী কৰি ৰোগীক একেদিনাই ঘৰলৈ পঠিয়াই দিবলৈ সক্ষম হোৱাৰ বাবে জিএনআৰচি ছয়মাইল শাখাত শুকুৰবাৰে এখন সংবাদ মেলৰ আয়োজন কৰা হয়। ডে’ কেয়াৰ হিচাপে ৰাজহাড়ৰ এনেধৰণৰ অস্ত্রোপচাৰ ভাৰতৰ অতি কম সংখ্যক চিকিৎসালয়তহে উপলব্ধ।সংবাদ মাধ্যমক আদৰণি জনাই জিএনআৰচি হাস্পতালৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ৰাম কুমাৰ গোয়েলে কয় যে- “ৰাজহাড়ৰ বিষ অর্থাৎ কঁকালৰ বিষ বুলিলে আমি সদায় ভীতিগ্রস্ত হৈ পৰো। কিয়নো আমাৰ মনত এটা ধাৰণা আছে যে ৰাজহাড়ৰ বিষ মানে প্রতিজন ৰোগীয়ে অত্যধিক বিষত ছটফটাই থাকিব লগীয়া হয়, আৰোগ্য লাভৰ গতি অতি লেহেমীয়া আৰু বহুদিনলৈ বিচনাত পৰি থাকিব লগীয়া হয়। আমাৰ দেশৰ জনসাধাৰণৰ মাজত স্বাস্থ্য আৰু ৰোগৰ লক্ষণবোৰৰ সজাগতাৰ অভাৱৰ বাবে এনেধৰণে ভীতিগ্রস্ততা বেছি হোৱা দেখা যায়। কিন্তু যোৱা তিনিটা দশকত স্পাইন ছাৰ্জাৰীৰ ক্ষেত্ৰত অত্যাধুনিক চিকিৎসা পদ্ধতিৰ উন্নতিয়ে বহু পৰিমাণে ৰোগীসকলক আৰোগ্য লাভ কৰাত সহায় কৰিছে। মেৰুদণ্ডৰ ৰোগবিজ্ঞানৰ বিষয়ে ব্যাপক গৱেষণা, পৰিশোধিত অস্ত্রোপচাৰৰ কৌশল আৰু অ’পাৰেটিং মাইক্ৰ’স্ক’প আৰু এণ্ড’স্ক’পৰ দৰে উন্নত সঁজুলিৰ ব্যৱহাৰে মেৰুদণ্ডৰ অস্ত্রোপচাৰক অধিক সুৰক্ষিত, অধিক ফলপ্রসূ আৰু কমকৈ কটা-ছিঙাতে সম্পন্ন হোৱাটো সম্ভৱ কৰি তুলিছে।”

ডাঃ গোয়েলে লগতে কয় যে ৰাজহাড়ৰ এনেধৰণৰ ছাৰ্জাৰীত ৰোগীয়ে ন্যূনতম কষ্ট অনুভব কৰে। বৰ্তমান সময়ত স্পাইন ছাৰ্জাৰীয়ে বৃহৎ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। এই অস্ত্রোপচাৰৰ সময়ত ৰাজহাড়ত তেনেই সৰুকৈ কাটি (২ৰ পৰা ৩ ছেন্টিমিটাৰ) অস্ত্রোপচাৰ কৰা হয়। ইয়াৰ ফলত শৰীৰৰ মাংসপেশী বা ৰাজহাড়ৰ তেনেই কম ক্ষতি হয়। ফলস্বৰূপে ৰোগীগৰাকী একেদিনাই ঘৰলৈ উভতি যাব পাৰে আৰু লগতে অতি কম দিনৰ ভিতৰত নিজৰ দৈনন্দিন কামকাজ আগৰ দৰে কৰিব পৰা হয়, চিকিৎসালয়ত নথকাকৈ একেদিনাই ৰোগীগৰাকী ঘৰলৈ উভতি যায় বাবে ৰোগীৰ খৰচৰ মাত্রাও কম হয়, মিনিমেলী ইনভেছিভ স্পাইন ছাৰ্জাৰীৰ বিশেষ সুবিধাসমূহ-ৰাজহাড়ত ২-৩ ছেন্টিমিটাৰ ছিদ্ৰ কৰাৰ ফলত টিছুৰ কমকৈ ক্ষতি হয়,
অস্ত্রোপচাৰৰ পিছত বিষৰ মাত্রা অতি কম, খুব কম পৰিমাণে ৰক্তক্ষৰণ হয়, ক্ষিপ্র গতিত আৰোগ্য লাভ কৰে,
ৰোগীয়ে খুব কম সময়ৰ ভিতৰতে পুনৰাই দৈনন্দিন কামকাজ আৰম্ভ কৰিব পাৰে, সোনকালে খোজ কাঢ়িব পাৰে, স্নায়ুৰ চৌপাশে দাগসমূহ কমকৈ দেখা যায়, সকলো দিশৰ পৰা আৰোগ্য লাভ কৰে।এক লাখ ১০ হাজাৰ টকাত অস্ত্ৰোপচাৰ কৰিব পৰা সুবিধা আমাৰ হাস্পতালত আছে।
সংবাদমেলখনত ডাঃ ৰাম গোয়েলৰ লগতে জিএনআৰচি ছয়মাইল গোটৰ জ্যেষ্ঠ স্নায়ুশল্য বিশেষজ্ঞ ডাঃ পৰাণজ্যোতি বৰ্মন আৰু মুখ্য পৰিচালন বিষয়া ডাঃ মইনুলাৰ ৰহমানো উপস্থিত থাকে।

ডাঃ মইনুলাৰ ৰহমানে ডাঃ ৰাম গোয়েলৰ লগতে জিএনআৰচি ছয়মাইল শাখাৰ স্নায়ুশল্য বিভাগৰ আটাইকেইগৰাকী সদস্যকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে সমাজৰ প্ৰতিজন সদস্যক সজাগ কৰিবলৈও অনুৰোধ কৰাৰ লগতে জিএনআৰচি হাস্পতালৰ ‘সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি’ বিৰিঙোৱাৰ যি উদ্দেশ্য তাক সফল কৰি তুলিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *