• Sun. Jun 15th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

জ্যোতিচিত্ৰবনত নতুন অসমীয়া চিনেমা ‘অভিমন্যু’ৰ শুভ মহুৰত অনুষ্ঠান

ByNaba Barta

Jan 4, 2024
Spread the love

নৱবার্তা গুৱাহাটী: মহানগৰীৰ জ্যোতিচিত্ৰবনত নতুন অসমীয়া চিনেমা ‘অভিমন্যু’ৰ শুভ মহুৰত অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হয়।অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে শ্ববনমচ এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মি ত হ’বলগীয়া এই অভিমন্যু কথাছবিখনৰ শুভ মহুৰত অনুষ্ঠানত ক্লেপষ্টিক দিয়ে অভিনেত্ৰী আইমী বৰুৱাই, কেমেৰাৰ চুইছ অন কৰে মঞ্জু বৰাই, কেমেৰাত মালা দিয়ে শিৱানন বৰুৱাই, নাৰিকল ভাঙে ৰাজেশ ভূঞাই।অনুষ্ঠানত অংশ লয় মঞ্জুলা বৰুৱা, যতীন বৰা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, উৎপল দত্ত, শিৱানু বৰাকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে।চলচ্চিত্ৰখনত মূল চৰিত্ৰ ৰূপায়ণ কৰিব অভিনেতা কমল লোচন আৰু দীপলিনা ডেকাই।অন্যান্য অভিনয় শিল্পীসকল হৈছে, ৰিম্পী দাস, ৰাজীৱ গোস্বামী, দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, হিমাংশু প্ৰসাদ দাস, ভগৱৎ প্ৰীতম আদি বিভিন্ন ন পুৰণি শিল্পী।মূলতঃ গ্ৰাম্য জীৱনৰ এটা প্ৰেম কাহিনীৰ আধাৰত চিনেমাখনৰ কাহিনী ভাগ আগবাঢ়িব। ছবিখনৰ এক্সন ৰাজেশ কান্নানৰ। এটা আইটেম ছঙত বিদেশৰ শিল্পীয়ে অভিনয় কৰিব।৮ জানুৱাৰীৰ পৰা অসমৰ লগতে দেশৰ বিভিন্ন স্থানত কৰা হ’ব শ্বুটিং।প্ৰায় ৪৫ দিন ধৰি দৃশ্যগ্ৰহণ হ’ব লগা ছবিখন এই বছৰৰ শেষত মুক্তি দিয়াৰ পৰিকল্পনা।
চলচ্চিত্ৰখনৰ সংগীত দিগন্ত ভাৰতীৰ। কণ্ঠদান জুবিন গাৰ্গ, পাপন, প্ৰিয়ংকা ভৰালী আদিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *