• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

জিএনআৰচি হাস্পতালৰ চতুৰ্থ সংখ্যক ‘স্বাস্থ্যমিত্র এক্সিলেন্স এবার্ড’ সম্পন্ন

ByNaba Barta

Feb 18, 2024
Spread the love

(ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ অন্তৰ্গত স্বাস্থ্যকর্মীসকললৈ বঁটা প্রদান)

নৱবার্তা গুৱাহাটী, : সমগ্র বিশ্বতে ১০০ কোটিতকৈও অধিক লোক চিকিৎসা সেৱাৰ পৰা বঞ্চিত। উপযুক্ত চিকিৎসা সেৱা ব্যৱস্থা এটাৰ জৰিয়তে নিৰোগী আৰু সবল সমাজ এখন আৰু এখন অর্থনৈতিকভাবে সমৃদ্ধিশালী দেশ গঢ়াৰ লক্ষ্য আগত ৰাখি ২০১৭বৰ্ষৰ আগষ্ট মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্রণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচিয়ে ‘ব্যয়সাধ্য স্বাস্থ্য অভিযান’ব সূচনা কৰিছিল। এই অভিযানৰ অন্তৰ্গত ‘স্বাস্থ্যমিত্ৰ ‘ৰূপে দায়িত্ব পালন কৰি ৬,৫০০ৰো অধিক ব্যক্তিয়ে অসমৰ চুকে-কোণে এক কোটিতকৈও অধিক লোকৰ জীবন স্পর্শ কৰিছে।
প্রায় ১৫০০ স্বাস্থ্যমিত্ৰৰ উপস্থিতিত দেওবাৰে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পত চতুর্থ সংখ্যক ‘স্বাস্থ্যমিত্র এক্সিলেন্স এৱার্ড’ সম্পন্ন হয়। ব্যয়সাধ্য স্বাস্থ্য অভিযানক সফল কৰি তোলাত গুৰুত্বপূর্ণ ভূমিকা লোৱা ২০০ গৰাকী স্বাস্থ্যমিত্রক এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। তেওঁলোকৰ কষ্ট, অৰিহণা আৰু সফলতাক ৰাজহুৱাকৈ স্বীকৃতি প্রদানৰ উদ্দেশ্যে প্রতিমাহে এই বঁটা প্ৰদান কৰা হয়। জনপ্রিয় আৰু প্রখ্যাত অনুপ্ৰেৰণামূলক বক্তা দীপক শর্মা অনুষ্ঠানত মুখ্য অতিথৰূপে উপস্থিত থাকে। লগতে প্রসিদ্ধ লেখিকা আৰু কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ড° জয়শ্রী বৰা, জিএনআৰচি হাস্পতালৰ কাৰ্যবাহী সঞ্চালকদ্বয় শতাব্দী বৰা আৰু ডাঃ মাধুর্য বৰা, জি এন আৰ চিৰ প্ৰকল্প সঞ্চালক উপস্থিত থাকে।
ব্যয়সাধ্য স্বাস্থ্য অভিযান আৰু জিএনআৰচিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই উপস্থিত ভাষণত কয়- “সমগ্র বিশ্বৰে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত ব্যক্তিসকলক ব্যয়সাধ্য স্বাস্থ্য সেবাৰ আওতালৈ অনাটো এক জটিল প্রক্রিয়া। আমাৰ মানুহবোৰক সংগঠিত কৰি, স্বাস্থ্য সম্পর্কে শিক্ষা প্রদান কৰি, তেওঁলোকৰ মাজত থাকি নিৰৱচ্ছিন্নভাবে স্বাস্থ্যৰ বুজ লৈ প্রয়োজনসাপেক্ষে জৰুৰীকালীন ৰোগৰ ক্ষেত্ৰত হাস্পতালত ভর্তি কৰোৱাকে ধৰি বহুকেইটা দিশ সামৰি লোৱাৰ উদ্দেশ্যে আজিৰ পৰা ছয় বছৰ আগতে ব্যয়সাধ্য স্বাস্থ্য অভিযান আঁচনি আৰম্ভ কৰা হৈছিল। ৰোগমুক্ত আৰু স্বাস্থ্যবান ব্যক্তি এগৰাকীয়েহে আর্থ সামাজিকভারে এখন দেশ আগুৱাই নিয়াত সহায় কৰিব পাৰ। আমাৰ এই আঁচনিৰ জৰিয়তে আমি এখন ৰোগমুক্ত, সৱল, স্বাস্থ্যবান আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব বিচাৰো। আমাৰ স্বাস্থ্যমিত্ৰসকলকৰ অহর্নিশ কষ্টৰ ফলতহে আজি এই অভিযানে সফলতাৰ মুখ দেখিছে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক সন্মান তথা স্বীকৃতি প্রদানৰ উদ্দেশ্যে আজিৰ এই বিশেষ বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তদুপৰি আমাৰ এই স্বাস্থ্যমিত্ৰসকলে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আয়ুষ্মান অসম আৰু আয়ুষ্মান ভাৰত যোজনাৰ সফল ৰূপায়ণৰ বাবেও চেষ্টা অব্যাহত বাখিছে। প্রায়ভাগ ৰোগৰে মুখ্য কাৰণ হ’ল ইয়াৰ বিষয়ে বিশদভাবে নজনাটো, অস্বাস্থ্যকৰ জীৱন যাপন আৰু সময়োপযোগী তথা প্ৰতিৰোধী চিকিৎসাৰ বিষয়ে অজ্ঞতা। ব্যয়সাধ্য স্বাস্থ্য অভিযানৰ জৰিয়তে আমি এই কথাসমূহৰ এক সমিধান উলিয়াবলৈ যত্ন কৰিছো; যি কাৰ্য তৃণমূল পর্যায়ত স্বাস্থ্যমিত্রসকলে ৰূপায়ণ কৰি আছে।’ অনুষ্ঠানত হাস্পতাল কৰ্তৃপক্ষৰ বহু সংখ্যক বিষয়ববীয়া স্বাস্থ্য, মিত্ৰ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *