• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী মেগা বাণিজ্য মেলা

ByNaba Barta

Nov 13, 2024
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটীৰ খানাপাৰাস্থিত
গণেশ মন্দিৰ খেলপথাৰ ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে গুৱাহাটী মেগা বাণিজ্য মেলা।বহু প্ৰত্যাশিত গুৱাহাটী মেগা বাণিজ্য মেলাখনে অসমৰ বুকুলৈ কঢ়িয়াই আনিছে বাণিজ্য, সংস্কৃতি, আৰু উদ্ভাৱনৰ এক অসাধাৰণ প্ৰদৰ্শন। এইবাৰ মেলাখন পূৰ্বৰ তুলনাত , গুজৰাট,কাশ্মীৰ,উত্তৰ প্ৰদেশ ,ভাগলপুৰ,পঞ্জাব,পশ্চিম বংগ,সাহানপুৰ ,মহাৰাষ্ট্ৰাৰ বিভিন্ন বিপনীৰ লগতে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন বিপুনীয়ে অংশগ্ৰহণ কৰিছে। বৰ্তমান মেলাখনত প্ৰতি সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।৫নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ চলিবলগীয়া এই মেলাখন পুৱা ১১ বজাৰ পৰা নিশা ১০ বজালৈ মুকলি থাকিব। মেলাখনত সকলোৰে বাবে প্ৰৱেশ বিনামূলীয়া । এই মেলাখনত
হস্তশিল্প, কৃষি, জীৱনশৈলী, , গৃহ সজ্জা, আচবাব, শাৰী,মেখেলা চাদ্দাৰ, খাদ্য সামগ্ৰী ,কাৰ্পেট আদিকে ধৰি সামগ্ৰী উপলব্ধ। স্থানীয় শিল্পীসকলৰ বাবে নেডফিৰ এটা থিম ভিত্তিক পেভিলিয়নৰ ব্যৱস্থা কৰা হৈছে।আগশাৰীৰ ফেশ্বন ফটোগ্ৰাফাৰ ইউনিক বৰাৰ এটা ফটোগ্ৰাফী ষ্টুডিঅ’ যিয়ে মেলাত বহু দৰ্শকৰ আকৰ্ষণ কৰিছে।উত্তৰ-পূব ভাৰতত ২৫ বছৰীয়া মেলা আয়োজন কৰাৰ অগ্ৰণী আৰু অভিজ্ঞ এই মেলাৰ প্ৰতিষ্ঠাপক আৰু আয়োজক ৰাজনীশ দাসে এই সজীৱ অনুষ্ঠানৰ অংশ হ’বলৈ সকলোকে আমন্ত্ৰণ জনাইছে। এই মেলাখন গুৱাহাটীস্থিত নেডফি, এছ বি আই, আৰ ডি প্লাছ, চিকিউৰ ৱাট্ ছ, বাংলাদেশৰ গুৱাহাটীস্থ সহকাৰী উচ্চ আয়ুক্তৰ সহযোগত অনুষ্ঠিত হৈছে ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আত্ম নিৰ্ভৰ অসমৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ অঞ্চলটোত বহনক্ষম ব্যৱসায়িক পদ্ধতিৰ প্ৰসাৰ, স্থানীয় শিপিনীসকলক সহায় কৰা, অৰ্থনৈতিক বিকাশৰ পোষকতা কৰা এই মেলাখনে প্ৰতিশ্ৰুতিবদ্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *