• Fri. Jun 13th, 2025

প্ৰকৃত খবৰৰ সন্ধানত... অবিৰত যাত্ৰা...

গুৱাহাটী প্ৰেছ ক্লাবত কবি-লেখিকা দীপিকা দেৱী কলিতাৰ তিনিখন গ্ৰন্থ উন্মোচন

ByNaba Barta

Jan 23, 2025
Spread the love

নৱবার্তা গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে মৰমলেণ্ড প্ৰকাশনৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট কবি-লেখিকা দীপিকা দেৱী কলিতাৰ তিনিখন গ্ৰন্থ ক্ৰমে কাব্য সংকলন ‘অৰণ্যত ৰ’দ বিচাৰি’, অনুগল্প সংকলন ‘ ‘বৈভৱ’ আৰু প্ৰৱন্ধ সংকলন
‘প্ৰৱন্ধ গুচ্ছ’ উন্মোচন কৰা হয়। বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক
ড০ দয়ানন্দ পাঠকে গ্ৰন্থ তিনিখন উন্মোচন কৰি ভাষণত কয়- কবিতা এটা বিশাল বিষয়। কবিতাত শব্দৰ সীমাবদ্ধ থাকে যদিওঁ কবিতাত শব্দৰ আশে পাশে থকা কথা খিনি গুৰুত্বপূৰ্ণ। শব্দৰ বিভিন্ন ৰূপ আছে।
লেখিকাৰ তিনিখন গ্ৰন্থৰ বিষয়বস্তু সুকীয়া। একেলগে তিনিখন গ্ৰন্থ প্ৰকাশ কৰা ডাঙৰ কাম। তেওঁ যিটো বিষয় অতি ভালপায় তাত মনোযোগ দিয়া উচিত। তেওঁৰ প্ৰতিভা খিনি একত্ৰিত কৰি নিজৰ অভিৰুচি অনুসৰি সেই দিশত মনোযোগ দিব পৰিলে ভাল হ’ব। তেওঁ যিটো দিশত নিজকে অধিক উপযুক্ত
বুলি ভাবে তেওঁ সেই দিশত কাম কৰি যাওঁ ক।’ লেখিকালৈ শুভেচ্ছা জনালোঁ।’বিশিষ্ট লেখিকা, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি
সবিতা দেৱীৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে
উপস্থিত থাকি
বিশিষ্ট শিশু সাহিত্যিক
বন্দিতা ফুকনে ভাষণত কয়-
কবিতা পঢ়ি মই ভালপাওঁ।
অনুগল্প লিখা কঠিন কাম ।অনুগল্প অতি সংবেদনশীল। অনুগল্পত কম কথাত চেতনা যোগাই তোলাৰ প্ৰয়াস কৰা হয়।
৬৭ টা মান অনুগল্প সন্নিবিষ্ট কৰিছে। তেওঁ এনেদৰে অনুগল্প লিখি যাওঁক।’
সভাত আন এজন বিশিষ্ট অতিথি
বিশিষ্ট লেখক
ধীৰেন শৰ্মাই ভাষণত কয়-সাহিত্য সমাজৰ দাপোন। লেখিকা
প্ৰৱন্ধ সাহিত্যৰ কথাও তেওঁ উল্লেখ কৰে লগতে লেখিকাক এনেদৰে নন সাহিত্য সৃষ্টি কৰিবলৈ অনুৰোধ জনায়। লগতে তেওঁৰ সাহিত্যিক যাত্ৰাত অভিনন্দন জনালোঁ। সমাজখন আগবঢ়াই নিব পৰা দিশত আমি গুৰুত্ব দিব লাগিব।’ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট
ভাষণত ৰমেন দাসে কয়-তেঁও সাহিত্যৰ গোটেইকেইটা দিশত আগবাঢ়িছে। তেওঁ এনদৰে আগবাঢ়ি যাওঁক। সভাত
বিশিষ্ট লেখিকা
অলকানন্দা দত্তই এফাকি ঘোষা পৰিবেশন কৰে । তেওঁ লগতে কয়- লেখিকাই এনেদৰে সাহিত্য সৃষ্টি কৰি যাওক তাৰে আশা প্ৰকাশ কৰিলোঁ। সভাত বিশিষ্ট লেখিকা
মঞ্জু দত্তই কয়- সুন্দৰ সৃষ্টিৰ বাবে এটা সৃষ্টিশীল মনৰ প্ৰয়োজন। ভাল সৃষ্টিৰ বাবে অধ্যয়ন কৰিব লাগিব।লেখিকাৰ এটা অধ্যয়ণশীল মন আছে। অসমীয়া সাহিত্যৰ ভঁৰাললৈ তিবিখন গ্ৰন্থ উপহাৰ দিয়া বাবে লেখিকাক শুভেচ্ছা জনালোঁ।’ সভাত
‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক
মন্টু শইকীয়াই ভাষণত কয়-
কবি সকলে স্বৰ্গলৈ নাযায়। কবিসকলে য’ত থাকে তাতেই স্বৰ্গৰ সৃষ্টি কৰি লয়।
সকলো শব্দৰ পূজাৰী। কবিতাত শব্দৰ ব্যঞ্জনা থকা জৰুৰী। ভাল লেখা এটা মহৎ কলা।কিতাপে মানুহৰ মনৰ দুৱাৰ খুলি দিয়ে যাৰ জৰিয়তে আমি বহু জ্ঞান লাভ কৰিব পাৰো। লেখিকাৰ যাতে কলম থমকি নৰয় তাৰে আশা কৰিলোঁ। তেওঁ লগতে এটা বিহু গীত পৰিবেশন কৰে।
সভাৰ আৰম্ভনিতে ডাঃ কৰবী গোস্বামীয়ে পৰিবেশন কৰা কামৰূপী লোকগীত আৰু শেৱালী কলিতাৰ ভায়’লিন বাদনে উপস্থিত সকলোকে আপ্লুত কৰে ।
জ্যেষ্ঠ সাংবাদিক, মৰমলেণ্ড প্ৰকাশনৰ প্ৰকাশক মৰম কুমাৰ আৰু কবি, জিনু মণি বৰুৱাই
আঁতধৰা
সভাখনত কবি-লেখিকা
দীপিকা দেৱী কলিতাই
গ্ৰন্থতিনিখনৰ আৰৰ কথা কয়। সভাত টুটুমণি দত্তৰ লগতে কেইবাজনো কবিয়ে কবিতা পাঠ কৰে।
সভাত বিশিষ্ট সমালোচক বিপুল শৰ্মাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। লগতে লেখিকাৰ স্বৰ্ণীল আৰু বৰ্ণময় যাত্ৰা কামনা কৰে।
সভাত
বহুসংখ্যক লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *